ETV Bharat / bharat

India Bharat Division: জিন্নাই ইণ্ডিয়া নামটোত আপত্তি কৰিছিল; বিজেপিক প্ৰত্যুত্তৰ শশী থাৰুৰৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:11 PM IST

দেশৰ নাম সলনিক লৈ সৃষ্টি হোৱা প্ৰচণ্ড ৰাজনৈতিক ধুমুহাৰ মাজতে কংগ্ৰেছ সাংসদ শশী থাৰুৰে মন্তব্য কৰিছে যে দেশ বিভাজনৰ সময়ত মহম্মদ আলী জিন্নাই 'ইণ্ডিয়া' নামটোত আপত্তি কৰিছিল । কিয়নো ই বুজাইছিল যে ইণ্ডিয়া হৈছে 'ব্ৰিটিছৰাজ আৰু পাকিস্তানৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ' ।

India Bharat Division
India Bharat Division

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : ইণ্ডিয়াক ভাৰত হিচাপে পুনৰ নামকৰণ কৰাৰ চৰকাৰৰ পদক্ষেপক লৈ ৰাজনৈতিক ধুমুহা দিনক দিনে তীব্ৰ হৈ আহিছে । ইয়াৰ মাজতে কংগ্ৰেছ নেতা শশী থাৰুৰে কেন্দ্ৰক ইণ্ডিয়া শব্দটো আঁতৰাবলৈ যিকোনো পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে । কিয়নো ইয়াৰ এক 'অগণিত ব্ৰেণ্ড মূল্য' আছে বুলি তেওঁ কয় । থাৰুৰে লগতে বিজেপিৰ ওপৰত এক পৰোক্ষ আক্ৰমণ কৰি কয় যে, পাকিস্তানৰ প্ৰতিষ্ঠাপক জিন্নাইহে ইণ্ডিয়া নামটোত আপত্তি কৰিছিল ।

বিতৰ্কৰ বিষয়ে বৰ্ণনা কৰি কংগ্ৰেছ নেতাজনে কয় যে, দেশখনক 'ভাৰত' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই । কিন্তু চৰকাৰে 'অগণিত ব্ৰেণ্ড মূল্য' থকা 'ইণ্ডিয়া' শব্দটো সম্পূৰ্ণৰূপে বিতাড়ন কৰাৰ দৰে ইমান মূৰ্খামি নকৰিব । উল্লেখ্য যে, দেশৰ নাম সলনি কৰা বিতৰ্কটোৱে সেই সময়ত তীব্ৰ গতি লাভ কৰে যেতিয়া জি-২০ নৈশভোজৰ আমন্ত্ৰণী-পত্ৰত পৰম্পৰাগত 'প্ৰেছিডেণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'প্ৰেছিডেণ্ট অৱ ভাৰত' লিখা হয় । তাৰ পিছৰে পৰা ভাৰত বনাম ইণ্ডিয়া বিতৰ্কই দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি ৰাখিছে ।

  • While the subject is live, let’s recall that it was Jinnah who objected to the name ‘India’ since it implied that our country was the successor state to the BritishRaj and Pakistan a seceding state. As with CAA, the BJP govt keeps supporting Jinnah’s view! https://t.co/Tfm7SucJAn

    — Shashi Tharoor (@ShashiTharoor) September 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

থাৰুৰে লগতে কয় যে দেশ বিভাজনৰ সময়ত মহম্মদ আলী জিন্নাই 'ইণ্ডিয়া' নামটোত আপত্তি কৰিছিল । কিয়নো ই বুজাইছিল যে ইণ্ডিয়া হৈছে 'ব্ৰিটিছৰাজ আৰু পাকিস্তানৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ' । কংগ্ৰেছ সাংসদজনে এক্সৰ (পূৰ্বতে টুইটাৰ) এটা পোষ্টত কৈছে : "ভাৰত হৈছে দেশৰ দুটা চৰকাৰী নামৰ ভিতৰত এটা ।" তেওঁ লগতে কয়, "যদিও ভাৰতক 'ইণ্ডিয়া' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই, যিটো দেশৰ দুটা চৰকাৰী নামৰ ভিতৰত এটা, মই আশাকৰোঁ যে চৰকাৰে 'ইণ্ডিয়া'ক সম্পূৰ্ণৰূপে বিতাড়ন কৰাৰ দৰে মূৰ্খামি নকৰিব । কিয়নো ইয়াৰ অগণিত ব্ৰেণ্ড মূল্য শতিকাজুৰি গঢ়ি উঠিছে ।"

থিৰুৱনন্তমপুৰমৰ সাংসদজনে কয় যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কৰা দৰেই পুনৰ এবাৰ জিন্নাৰ দৃষ্টিভংগীক সমৰ্থন কৰি আছে । পূৰ্বতে থাৰুৰে মন্তব্য কৰিছিল যে CAA কাৰ্যকৰী কৰাটো পাকিস্তানৰ প্ৰতিষ্ঠাপকৰ দুই ৰাষ্ট্ৰৰ তত্ত্ব পূৰণ কৰাৰ দৰে । কংগ্ৰেছ নেতাজনে কয়, "আমি ইতিহাসৰ পুনৰাবৃত্তি হোৱা নামটোৰ ওপৰত আমাৰ দাবী ত্যাগ কৰাৰ সলনি দুয়োটা শব্দ ব্যৱহাৰ কৰা উচিত, যিটো বিশ্বজুৰি স্বীকৃত ।"

লগতে পঢ়ক :Himanta Biswa sarma slammed the Opposition:‘ভাৰত’ৰ সমৰ্থনত যুযুধান ৰূপত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.