ETV Bharat / bharat

চাৰি ৰাজ্যত কংগ্ৰেছৰ মুখঠেকেচাৰ কাৰণ বিচাৰি চি ডব্লিউ চিৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:30 AM IST

আজি চি ডব্লিউ চিৰ গুৰুত্বপূৰ্ণ বৈঠক (Congress Working Committee) ৷ শেহতীয়াকৈ চাৰি ৰাজ্যত হোৱা পৰাজয়ৰ কাৰণসমূহ আজিৰ বৈঠকতে উত্থাপন কৰিব পাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে(Congress chief Mallikarjun Kharge) ৷

congress leader kharge to brief party leaders over state losses
চাৰি ৰাজ্যত কংগ্ৰেছৰ মুখঠেকেচাৰ কাৰণ বিচাৰি চি ডব্লিউ চিৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, 21 ডিচেম্বৰ : কোনবোৰ কাৰণত পাঁচ ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্যত কংগ্ৰেছে মুখঠেকেচা খাবলগীয়া হ’ল তাৰ কাৰণ বিচাৰি পাইছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৷ সেয়ে বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকতে চাৰি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণসমূহ বৰ্ণনা কৰিব সভাপতি খাৰ্গেয়ে ৷

আনহাতে, 19 ডিচেম্বৰত হৈ যোৱা I.N.D.I.Aৰ বৈঠকৰ সন্দৰ্ভতো আজি অনুষ্ঠিত হ’বলগীয়া চি ডব্লিউ চি বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ লগতে ‘24ৰ লোকসভা নিৰ্বাচনৰ বাবে এক কাৰ্যপন্থাৰ সম্পৰ্কেও চি ডব্লিউ চি বৈঠকত আলোচনা কৰিব বুলিও চৰ্চা লাভ কৰিছে ৷

চি ডব্লিউ চিৰ সদস্য গোলাম আহমেদ মীৰে কয়, ‘‘কংগ্ৰেছৰ মুৰব্বীয়ে শেহতীয়া পাঁচটা বিধানসভা নিৰ্বাচনৰ বিষয়ে চি ডব্লিউ চিক অৱগত কৰাৰ সম্ভাৱনা আছে ৷ যাৰ ভিতৰত চাৰিখন ৰাজ্যত আমি পৰাজিত হৈছিলো ।’’

মীৰে কয়, ‘‘যদিও চাৰি ৰাজ্যৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হ'ব তথাপিও মূল লক্ষ্য ‘24ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি, মিত্ৰতা আৰু আগন্তুক নিৰ্বাচনৰ ৰণকৌশলৰ ওপৰত আলোচনা হ'ব পাৰে ।"

ইফালে 19 ডিচেম্বৰত হৈ যোৱা ইণ্ডি মিত্ৰজোঁটৰ বৈঠকৰ পাচত বুধবাৰে সমাজবাদী দলৰ নেতা অখিলেশ যাদৱে দাবী কৰে যে, উত্তৰ প্ৰদশত 80 টা সমষ্টিত মিত্ৰজোঁটে দখল কৰিব ৷ কিন্তু আসন ভাগ-বাটোৱাৰ কৰাই নাই, আকাশত চাং পাতিলে ইণ্ডি মিত্ৰজোঁটৰ নেতাই ৷

আজিৰ চি ডব্লিউ চিৰ বৈঠকৰ পাচতে কংগ্ৰেছৰ মুৰব্বীয়ে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱ আৰু দিল্লীৰ দৰে ৰাজ্যত আসন ভাগ-বাটোৱাৰা সম্পৰ্কে ৰাজ্যকেইখনৰ ইণ্ডি মিত্ৰজোঁটৰ দলৰ নেতাসকলৰ সৈতে আলোচনা কৰা হ’ব ৷ বাওঁপন্থী দল, এছ পি আৰু আপৰ দৰে আঞ্চলিক দলসমূহৰ সৈতে আলোচনা অনুষ্ঠিত হ'ব বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খাৰ্গেক প্ৰস্তাৱ; লালু-নীতিশ অসন্তুষ্ট নেকি মমতাই নাজানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.