ETV Bharat / bharat

Congress High Command Eyes to Rajasthan : কৰ্ণাটক বিজয়ত মনোবল বৃদ্ধি; প্ৰভাৱ পৰিব পাৰে ৰাজস্থানত

author img

By

Published : May 14, 2023, 1:24 PM IST

কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজয়ৰ প্ৰভাৱ ৰাজস্থানত দেখা পোৱাৰ পূৰামাত্ৰে সম্ভাৱনা আছে । এই বিজয়ে কংগ্ৰেছ হাইকমাণ্ডৰ মনোবল বৃদ্ধি কৰি তুলিছে । বৰ্তমান হাইকমাণ্ডে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু পূৰ্বৰ সভাপতি শচীন পাইলটৰ মাজত চলি থকা শীতল যুঁজৰ বিষয়ত শীঘ্ৰেই সিদ্ধান্ত লোৱাৰ আশা কৰা হৈছে (Congress High Command Eyes to Rajasthan) ।

Congress High Command Eyes to Rajasthan
Congress High Command Eyes to Rajasthan

নিউজ ডেস্ক, ১৪ মে' : এটা দলে এখন ৰাজ্যত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত দলটোৰ শীৰ্ষ নেতৃত্বৰ সম্পূৰ্ণ অৱদান থাকে । এই প্ৰক্ৰিয়াত দলটোৰ শীৰ্ষ নেতৃত্ব স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হৈ পৰে (congress high command become powerful) । ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ দলীয় কৰ্মীসকলৰ হাইকমাণ্ডৰ ওপৰত আস্থা বৃদ্ধি পায় । কংগ্ৰেছ দলত বিগত কেইবছৰমানত হাইকমাণ্ড যথেষ্ট দুৰ্বল হৈ পৰিছিল । যাৰ পোনপটীয়া ফল ৰাজস্থানত দেখা গৈছিল । মুখ্যমন্ত্ৰী অশোক গেহলটেই হওক বা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, দুয়োৰে মাজৰ শীতল যুদ্ধত হাইকমাণ্ডৰ সিদ্ধান্তই প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিব পৰা নাছিল (congress crisis in Rajasthan) ।

২০২০ চনত গেহলটৰ (Rajasthan CM Ashok Gehlot) বিৰুদ্ধে প্ৰতিবাদত শচীন পাইলটে নিজৰ সমৰ্থক বিধায়কৰ পক্ষ লোৱাই হওক বা ২০২২ চনৰ ২৫ ছেপ্টেম্বৰত কংগ্ৰেছ হাইকমাণ্ডে আহ্বান কৰা কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক বৰ্জন কৰাই হওক, এই ঘটনাবোৰে স্পষ্ট কৰি দিছিল যে কেন্দ্ৰৰ পিছত ৰাজ্যসমূহতো কংগ্ৰেছ হাইকমাণ্ড দুৰ্বল হৈ পৰিছিল । যাৰবাবে স্থানীয় নেতাসকলে নিজাববীয়া সিদ্ধান্ত লোৱা আৰম্ভ কৰে (Congress High Command Eyes to Rajasthan) ।

শেহতীয়াভাৱে বিগত ৬ মাহত হিমাচল আৰু তাৰ পিছত কৰ্ণাটকৰ (congress win Karnataka) দৰে দুখন ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠনৰ পিছত হাইকমাণ্ড সবল হৈ উঠিছে । এতিয়া ইয়াৰ পিছত গেহলট আৰু পাইলটে ৰাজস্থানত হাইকমাণ্ডৰ মতেই চলিব লাগিব (congress leader Sachin Pilot) । এই ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ ভূমিকাই স্পষ্ট কৰি দিছে যে বৰ্তমান ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ওপৰত জনসাধাৰণৰ বিশ্বাস বৃদ্ধি পাইছে (congress leader Rahul Gandhi) । এনে পৰিস্থিতিত বিগত চাৰে চাৰি বছৰ ধৰি দুৰ্বল হাইকমাণ্ডৰ সন্মুখত নিজাকৈ সিদ্ধান্ত লোৱা গেহলট আৰু পাইলট দুয়োজনে এতিয়া কংগ্ৰেছ হাইকমাণ্ডৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । অন্যথা দুয়োজন নেতাই কংগ্ৰেছ হাইকমাণ্ডক চকু দেখুওৱাৰ পৰিণাম ভুগিব লাগিব পাৰে ।

আশা কৰা হৈছে যে কৰ্ণাটকত বিপুল বিজয়ৰ পিছত, ৰাজস্থানত এতিয়া কংগ্ৰেছ হাইকমাণ্ডৰ মতে দলটোত পৰিৱৰ্তন আনিব (Rajasthan Assembly election 2023) । ইয়াৰ লগতে শচীন-পাইলটে শাসন ভাগ-বতৰাৰ বিষয়ে যি কথা পাতি আছে, তাৰ বাবে কেবিনেটতো সলনি কৰিব পাৰে । দলৰ পৰিৱৰ্তন হওক বা সম্প্ৰসাৰণ বা মন্ত্ৰীসভাত ৰদবদল, হাইকমাণ্ডৰ প্ৰভাৱ দুয়োটা পৰিস্থিতিতে স্পষ্টভাৱে দেখা যাব । এই পৰিৱৰ্তনত গেহলট আৰু পাইলট নহয়, কিন্তু হাইকমাণ্ডত বিশ্বাস কৰা আৰু কংগ্ৰেছক প্ৰথম হিচাপে বিবেচনা কৰা নেতাসকলে অধিক গুৰুত্ব লাভ কৰিব ।

লগতে পঢ়ক :Next CM of Karnataka : সিদ্দাৰামাইয়া নে শিৱকুমাৰ, কোন হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.