ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত প্ৰতিশ্ৰুতিৰ ৰাজনীতি, খালী হ'ব ৰাজকোষ !

author img

By

Published : May 7, 2023, 4:47 PM IST

কৰ্ণাটকত কংগ্ৰেছে ঘোষণা কৰা তিনিটা মুখ্য প্ৰতিশ্ৰুতি অৰ্থ হ'ব ৰাজ্যিক কোষাগাৰৰ ওপৰত ৫৮,০০০ কোটি টকাৰ অতিৰিক্ত বোজা (Congress promises in Karnataka)। আনহাতে বিজেপিৰ দুটা মুখ্য প্ৰতিশ্ৰুতিৰ বাবে ১২,০০০ কোটি টকাৰ বোজা পৰিব । ১০ মে'ৰ বিধানসভা নিৰ্বাচনত ক্ষমতাৰ বাবে দুয়োটা দলৰ তীব্ৰ প্ৰতিযোগিতা দেখা গৈছে ।

Karnataka Election 2023
কৰ্ণাটকত প্ৰতিশ্ৰুতিৰ ৰাজনীতি

নেশ্যনেল ডেস্ক,৭ মে' : সন্মুখত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka Election 2023)। নিৰ্বাচন প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । তেনে সময়তে প্ৰধান ৰাজনৈতিক দলবোৰৰ মাজত প্ৰতিশ্ৰুতিৰ ৰাজনীতি আৰম্ভ হৈছে (Politics of promise in Karnataka)। ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন বিনামূলীয়া প্ৰতিশ্ৰুতি দিছে দলসমূহে । অৱশ্যে এই বিনামূলীয়া প্ৰতিশ্ৰুতিৰ বাবে ৰাজ্যিক কোষাগাৰৰ ওপৰত বোজা অত্যধিক হ'ব বুলিও বিশেষজ্ঞসকলে কৈছে ।

তিনিটা মুখ্য ৰাজনৈতিক দল ক্ৰমে কংগ্ৰেছ, বিজেপি আৰু জেডিএছে বহুতো নতুন প্ৰতিশ্ৰুতি ঘোষণা কৰিছে । অৰ্থনীতিবিদসকলে কোৱা মতে এই বিনামূলীয়া প্ৰতিশ্ৰুতিবোৰে ৰাজ্যখনৰ অৰ্থনীতিত বৃহৎ প্ৰভাৱ পেলাব (Freebies huge burden on Karnataka)। ক'ভিড আৰু লকডাউনৰ অৰ্থনৈতিক দুৰ্দশাৰ পৰা পুনৰুদ্ধাৰৰ চেষ্টা চলাই থকাৰ মাজতে এই পৰিস্থিতিয়ে সংকটত পেলোৱাৰো ইংগিত দিছে বিশেষজ্ঞসকলে । ৰাজকোষৰ বোজা বহুগুণে বৃদ্ধি পাব আৰু মূলধন ব্যয়ৰ বাবে পৰ্যাপ্ত ধন বাকী নাথাকিব ।

কংগ্ৰেছে এইবাৰ নিৰ্বাচনী ইস্তাহাৰত ৬ টা মুখ্য প্ৰতিশ্ৰুতি ঘোষণা কৰিছে (Congress Election Manifesto in Karnataka)। য'ত ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ অন্তৰ্ভুক্ত আছে । যাৰ ওপৰত ২৫,৮০০ কোটি টকা ব্যয় কৰিব লাগিব । বিপিএল কাৰ্ড ধাৰকৰ পৰিয়ালৰ এগৰাকী কৰ্মৰত মহিলাই প্ৰতি মাহে ২,০০০ টকা লাভ কৰিব । বৰ্তমান, ৰাজ্যখনত ১.২৮ কোটি বিপিএল কাৰ্ড ধাৰক আছে আৰু বিপিএল পৰিয়ালৰ মহিলাসকলক প্ৰতি মাহে ২,০০০ টকা দিব লাগিব । গৃহলক্ষ্মী আঁচনিৰ অধীনত বছৰি ইয়াৰ বাবে ব্যয় হ'ব ৩০,০০০ কোটি টকা ।

কংগ্ৰেছে মহিলাসকলৰ বাবে বিনামূলীয়া বাছ ভ্ৰমণৰ প্ৰতিশ্ৰুতিও দিছে । যাৰ বাবে ৩,০০০ কোটি টকা খৰছ হ'ব । কংগ্ৰেছৰ তিনিটা মুখ্য প্ৰতিশ্ৰুতিৰ বাবে ৰাজকোষত আনুমানিক ৫৮,০০০ কোটি টকা ব্যয় হ'ব ।

প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত বিজেপিও পিছ পৰি ৰোৱা নাই । বিজেপিয়ে ৰাজ্যখনৰ বিপিএল কাৰ্ড ধাৰক পৰিয়ালক বিনামূলীয়াকৈ আধা লিটাৰ নন্দিনী গাখীৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে (BJP to give free milk in Karnataka)। ইয়াৰ বাবে ৰাজকোষত বছৰি প্ৰায় ৮,০০০ কোটি টকা ব্যয় হ'ব । বিপিএল কাৰ্ড ধাৰকক বিনামূলীয়া এলপিজি চিলিণ্ডাৰৰো প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে । যাৰ বাবে প্ৰতি বছৰে ৩,৭০০ কোটি টকা ৰাজকোষৰ পৰা ওলাই যাব । এই দুটা মুখ্য প্ৰতিশ্ৰুতিৰ বাবে চৰকাৰী কোষাগাৰৰ ওপৰত আনুমানিক ১২,০০০ কোটি টকাৰ বোজা যোগ হ'ব ।

২০২২-২৩ বৰ্ষত ৰাজ্যিক বাজেটত ১৪,৬৯৯ কোটি ৰাজহ ঘাটি আছে । অৰ্থনীতিবিদসকলে কৈছে যে, মূলধন ব্যয়ৰ বাবে পুঁজিৰ অভাৱে মৌলিক বিকাশক প্ৰভাৱিত কৰিব । ২০২২-২৬ বৰ্ষৰ মধ্যম্যাদী বিত্তীয় পৰিকল্পনা অনুসৰি, মুঠ ৰাজহ সংগ্ৰহৰ ৯০ শতাংশ কেৱল স্থিৰ ব্যয়লৈ হে যাব ।

ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ ওপৰত বিনামূলীয়া প্ৰতিশ্ৰুতিৰ প্ৰভাৱ বুজিবলৈ সেইবোৰক ৰাজ্যৰ বিত্তীয় ঘাটি আৰু জিএছডিপিৰ সৈতে তুলনা কৰিব লাগে । বিত্তীয় ঘাটি অনুসৰি জি.এছ.ডি.পি.-ৰ ৩ শতাংশ সীমাৰ ভিতৰত হ'ব লাগে । ২০২৩-'২৪ বৰ্ষৰ বাবে কৰ্ণাটকৰ জিএছডিপি হৈছে ২৩.৩৩ লাখ কোটি টকা । ৬০,৫৩১ কোটি টকাৰ বিত্তীয় ঘাটি আছে । কংগ্ৰেছৰ মুখ্য বিনামূলীয়া প্ৰতিশ্ৰুতিসমূহে ৰাজকোষৰ ওপৰত প্ৰায় ৫৮,০০০ কোটি টকাৰ বোজা পেলাব । বিজেপিৰ দুটা বিনামূলীয়া প্ৰতিশ্ৰুতিৰ ব্যয় আনুমানিক ১২,০০০ কোটি টকা । সেয়া হ'ব মুঠ বিত্তীয় ঘাটিৰ প্ৰায় ১৯ শতাংশ ।

২০১৩-১৪ বৰ্ষত কৰ্ণাটকৰ মুঠ ঋণ আছিল প্ৰায় ১.৩৬ লাখ কোটি টকা । সিদ্ধাৰামাইয়া চৰকাৰৰ বহুতো বিনামূলীয়া আঁচনি আৰু ঋণ ৰেহাইৰ সময়ত, ঋণৰ বোজা হঠাতে বৃদ্ধি পাইছিল । ক'ভিড আৰু লকডাউনৰ ফলত হোৱা অৰ্থনৈতিক দুৰ্দশাৰ বাবে ৰাজ্য চৰকাৰে পুনৰ বৃহৎ পৰিমাণৰ ঋণৰ বোজা বহন কৰিব লগা হৈছিল । ২০১৮-২০২৩ চনলৈ মিত্ৰজোঁট আৰু বিজেপি চৰকাৰৰ ৫ বছৰত ৰাজ্যখনৰ মুঠ ঋণ হৈছে প্ৰায় ৩ লাখ কোটি টকা ।

লগতে পঢ়ক :Congress complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.