ETV Bharat / bharat

Sardarshahar By Election 2022: সৰদাৰ চহৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল শৰ্মাৰ জয়

author img

By

Published : Dec 8, 2022, 6:13 PM IST

Congress candidate Anil Sharma Defeats BJP Ashok Kumar Pincha
Sardarshahar By Election 2022: সৰদাৰ চহৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল শৰ্মাৰ জয়

সৰদাৰ চহৰত কংগ্ৰেছৰ শেষ হাঁহি (Congress Won Sardarshahar)৷ সৰদাৰ চহৰত কংগ্ৰেছৰ প্ৰাৰ্থী অনিল কুমাৰ শৰ্মাই 26,852 টা ভোটৰ বৃহৎ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী অশোক কুমাৰ পিঞ্চাক পৰাস্ত কৰে(Sardarshahar By Election 2022)৷

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ: ৰাজস্থানৰ সৰদাৰ চহৰত কংগ্ৰেছৰ শেষ হাঁহি (Congress Won Sardarshahar)৷ সৰদাৰ চহৰত কংগ্ৰেছৰ প্ৰাৰ্থী অনিল কুমাৰ শৰ্মাই 26,852 টা ভোটৰ বৃহৎ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী অশোক কুমাৰ পিঞ্চাক পৰাস্ত কৰে(Sardarshahar By Election 2022)৷

কংগ্ৰেছৰ ভানৱাৰলাল শৰ্মাৰ পুত্ৰ পণ্ডিত অনিল শৰ্মাই মুঠ 91, 357 টা ভোট লাভ কৰে (Anil Sharma wins)৷ ইফালে বিজেপিৰ প্ৰাৰ্থী অশোক কুমাৰ পিঞ্চাই 64,505 টা ভোট লাভ কৰে (Congress Defeats BJP Candidate Ashok Kumar Pincha)৷

প্ৰথম ৰাউণ্ড কেইটাত বিজেপিৰ প্ৰাৰ্থী অশোক কুমাৰ পিঞ্চা আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টিৰ প্ৰাৰ্থী লালচান্দ মুন্দৰ মাজত কঠিন যুঁজ হৈছিল ৷ সপ্তম ৰাউণ্ডৰ শেষলৈ বিজেপিৰ জয় হ’ব যেন লাগিছিল যদিও অন্তিম মুহুৰ্তত বিজেপিক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি কংগ্ৰেছে জয়লাভ কৰে ৷ কংগ্ৰেছৰ বিজয়ৰ পিছতে কংগ্ৰেছ কৰ্মী সকলে বিজয়োল্লাস কৰে ৷

ৰাজস্থানৰ বিধানসভা নিৰ্বাচন ২০২৩ চনৰ শেষত হ'ব ৷ এইবাৰ কংগ্ৰেছৰ জয়লাভে ৰাজস্থানৰ ৰাজনৈতিক বতাহক কঠিন প্ৰত্যাহ্বান দিয়াৰ ইংগিত দিছে ৷

লগতে পঢ়ক: Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.