ETV Bharat / bharat

G20 Summit: কেদাৰনাথত ৭ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ বন্ধ থাকিব হেলিকপ্টাৰ সেৱা

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 10:38 PM IST

G20 Summit
কেদাৰনাথত ৭ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ বন্ধ থাকিব হেলিকপ্টাৰ সেৱা

কেদাৰনাথ যাত্ৰাত নিয়োজিত সকলো হেলিকপ্টাৰ সেৱা কোম্পানীক দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ বাবে বুকিং কৰা হৈছে । এনে পৰিস্থিতিত ৭ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ কেদাৰনাথ যাত্ৰাৰ সময়ত হেলিকপ্টাৰ সেৱা বন্ধ থাকিব । এইকেইদিনত কেদাৰনাথত খোজকাঢ়ি তীৰ্থযাত্ৰা অব্যাহত থাকিব ।

নিউজ ডেস্ক,৬ ছেপ্টেম্বৰ: দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ বাবে ভাৰত চৰকাৰে বৃহৎ প্ৰস্তুতি চলাইছে । জি-২০ বৈঠকৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাজধানী দিল্লীত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ জি-২০ বৈঠকত অংশগ্ৰহণৰ বাবে ভাৰতলৈ অহা অতিথিসকলৰ ব্যৱস্থাত কোনো ত্ৰুটি ৰখা হোৱা নাই । দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকে কেদাৰনাথ যাত্ৰাতো প্ৰভাৱ পেলাইছে । বৰ্তমান কেদাৰনাথ যাত্ৰাত সেৱা প্ৰদানৰ কামত নিয়োজিত সকলো হেলিকপ্টাৰ সেৱা ৭ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে । এই হেলিকপ্টাৰ সেৱাসমূহ জি-২০ বৈঠকৰ বাবে অহা নেতাসকলৰ বাবে ব্যৱহাৰ কৰা হ’ব ।

ভাৰত চৰকাৰে দিল্লী জি-২০ বৈঠকৰ বাবে কেদাৰনাথত উৰণৰ বাবে ব্যৱহৃত সকলো হেলিকপ্টাৰ বুকিং কৰিছে । বৰ্তমান কেদাৰনাথত প্ৰায় ৮ টা হেলিকপ্টাৰ কোম্পানীয়ে সেৱা আগবঢ়াই আছে । এনে পৰিস্থিতিত অতিথিৰ গতিবিধি আৰু অতিথিৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথৰ সকলো হেলিকপ্তাৰ সেৱা দিল্লীত নিয়োগ কৰা হৈছে । ইফালে, কেদাৰনাথ ধামলৈ যাবলৈ হেলিকপ্টাৰ টিকট বুকিং কৰা যাত্ৰীসকলক পুৱা ১১ বজাৰ পিচতহে হেলিকপ্টাৰেৰে কেদাৰনাথ ধামলৈ যাবলৈ অনুমতি দিয়া হ’ব । এইকেইদিন কেদাৰনাথত খোজকাঢ়ি তীৰ্থযাত্ৰা অব্যাহত থাকিব ।

ইটিভি ভাৰতৰৰ সৈতে হোৱা কথা-বতৰাত গড়ৱালৰ আই জি কৰণ সিং নাগয়ালে কয় যে এই সিদ্ধান্ত জি-২০ৰ বাবে লোৱা হৈছে । সকলো হেলিকপ্টাৰ দিল্লীতে থাকিব । তেওঁ কয় যে সকলো হেলিকপ্টাৰ কোম্পানীক নিৰ্দেশ দিয়া হৈছে যে, হেলিকপ্টাৰ সেৱাৰ বাবে কেদাৰনাথ বা আন হেলিপেডত উপস্থিত হোৱা লোকসকলক, হেলিকপ্তাৰ সেৱাৰ সৈতে জড়িত বাৰ্তা কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰেৰণ কৰিব লাগে । গাড়োৱালৰ আই জি কৰণ সিং নাগয়ালে কেদাৰনাথ যাত্ৰাৰ হেলিকপ্টাৰ সেৱা পুনৰ ১১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়ে । তেতিয়ালৈকে খোজকাঢ়ি কেদাৰনাথ যাত্ৰা চলি থাকিব ।

লগতে পঢ়ক: G20 Summit: দিল্লীত ৮ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ পুৱা ৪ বজাৰ পৰা চলিব মেট্ৰ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.