ETV Bharat / bharat

HIV ৰ গণ সংক্ৰমণ আৰু নিচাজাতীয় সামগ্ৰীৰ আসক্তি বৃদ্ধিক লৈ চিন্তিত ত্ৰিপুৰা চৰকাৰ

author img

By

Published : Jan 12, 2022, 10:30 AM IST

Updated : Jan 12, 2022, 7:29 PM IST

নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰত ৰাখি প্ৰগতি আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে ত্ৰিপুৰাক গঢ়ি তুলিবলৈ আৰক্ষীক কঠোৰ ভূমিকা পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ (Tripura CM bats for drug free state) ৷ এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৰী কৰিলে এই কথা ৷

Chief minister Biplab Deb deeply concerned about HIV infections and drug addiction
অবৈধ ড্ৰাগছৰ পৰা মুক্ত হোৱা প্ৰথমখন ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ত্ৰিপুৰা চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : বিপ্লব কুমাৰ দেৱ

আগৰতলা, 12 জানুৱাৰী : ত্ৰিপুৰাত HIV ৰ গণ সংক্ৰমণ আৰু নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ চিকিৎসালয়ত প্ৰতিদিনে কৰা তেজৰ নমুনা সংগ্ৰহত গড়ে দুজনকৈ ব্যক্তি HIV ৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ধৰা পৰিছে ।

চিকিৎসকে তেজৰ নমুনা সংগ্ৰহৰ সময়ত অধিকাংশৰে দেহত ড্ৰাগছৰ উপস্থিতিৰ কথা উল্লেখ কৰিছে ৷ এইক্ষেত্ৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Tripura CM concerned about HIV infections and drug addiction) ।

সেয়ে ত্ৰিপুৰাক দেশৰ ভিতৰতে ড্ৰাগছমুক্ত প্ৰথমখন ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ৷ নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰত ৰাখি প্ৰগতি আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে ত্ৰিপুৰাক গঢ়ি তুলিবলৈ আৰক্ষীক কঠোৰ ভূমিকা পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Tripura CM bats for drug free state) ৷

শেহতীয়াকৈ এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী দেৱে কয় যে, "ত্ৰিপুৰাত আৰক্ষীয়ে HIV ৰ সংক্ৰমণ বৃদ্ধি প্ৰতিহত কৰাৰ লগতে ড্ৰাগছৰ আসক্তি ৰোধত কাৰ্যকৰী ভূমিকা পালন কৰিব লাগিব" ।

ইয়াৰ পূৰ্বে আন এক অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত HIV সংক্ৰমণ বৃদ্ধিক লৈ তীব্ৰ গৰিহণা প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ত্ৰিপুৰাক ড্ৰাগছৰ কবলৰ পৰা মুক্ত হোৱা প্ৰথমখন ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ চৰকাৰে ইয়াৰ সৈতে কোনো ধৰণে আপোচ নকৰে ৷

তেওঁ কয় যে, নৱপ্ৰজন্মই অসুৰক্ষিতভাৱে ড্ৰাগছ সেৱনৰ ফলত HIV ৰ দৰে মাৰাত্মক ৰোগ সংক্ৰমিত হ'বলৈ ধৰিছে ৷ ইয়াক ৰোধ কৰিবলৈ হ'লে পিতৃ-মাতৃৰ লগতে সকলো লোকে এইক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব ৷ ড্ৰাগছৰ ফলত ৰাজ্যখনত সঘনাই চুৰি, ডকাইতি, মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধ আৰু সমাজত অন্যান্য অপৰাধৰ আশংকাও বৃদ্ধি পাবলৈ ধৰিছে ।

ইয়াৰ লগতে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক কঠোৰ সকীয়নি প্ৰদান কৰি তেওঁ কয় যে, অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব ৷ ৰাজ্যখনত নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান আৰম্ভ হোৱা স্বত্বেও ড্ৰাগছ আসক্ত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷

সেয়ে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিচাজাতীয় সামগ্ৰী অথবা ড্ৰাগছৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ লগতে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ আৰক্ষী, TSR, SP আৰু মহিলা আৰক্ষীকে ধৰি প্ৰায় ৩,৪০০ লোকৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি জানিবলৈ দিয়ে ৷

তেওঁ কয় যে "পূৰ্বতে TSR, SP বাহিনীত যোগদান কৰিবলৈ ৰাজ্যখনৰ মহিলাসকল ইচ্ছুক নাছিল ৷ এতিয়া এক নতুন আত্মবিশ্বাসেৰে বাহিনীত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে মহিলাসকল ৷ পূৰ্বৰ অপৰিকল্পিত নিযুক্তি নীতিৰ ভিতৰত, প্ৰত্যেকবছৰে বিভিন্ন পদৰ বাবে নিযুক্তিৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে ৷"ত্ৰিপুৰা চৰকাৰে ৰাজ্যিক আৰক্ষীৰ স্বাৰ্থসম্পৰ্কীয় বিভিন্ন বিষয়ৰ সন্দৰ্ভতো বিবেচনা কৰি আছে"৷

ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান ভি এছ যাদৱে কয় যে, ত্ৰিপুৰা আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ, দুৰ্ঘটনা হ্ৰাস আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ সৈতে সফলতাৰে কাম কৰি আছে । এই অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ বিভাগক তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক : ITBPৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজস্থানৰ ছিৰোহীত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

Last Updated :Jan 12, 2022, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.