ETV Bharat / bharat

Chidambaram in a dig at FM: মুখ্য অৰ্থনৈতিক জ্যোতিষীৰূপে নিযুক্তি দিয়ক বিত্তমন্ত্ৰীক সীতাৰমণক

author img

By

Published : Jul 14, 2022, 2:09 PM IST

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ তীক্ষ্ণ বাক্যবান জেষ্ঠ কংগ্ৰেছী নতা পি চিদাম্বৰমৰ । বিত্তমন্ত্ৰীগৰাকীৰ এটা বিশেষ টুইটক লৈ কটাক্ষ প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ(Chidambarams taunt on Finance Minister) । সীতাৰমণক মুখ্য অৰ্থনৈতিক জ্যোতিষীৰূপে নিযুক্তি দিব লাগে বুলি তীক্ষ্ণ বাক্যবান চিদাম্বৰমৰ(Chief Economic Astrologer) ।

chidambarams taunt on finance minister now appoint chief economic astrologer
Chidambaram in a dig at FM: মুখ্য অৰ্থনৈতিক জ্যোতিষীৰূপে নিযুক্তি দিয়ক বিত্তমন্ত্ৰীক সীতাৰমণক

নেশ্যনেল ডেস্ক,১৪ জুলাই: এটা বিশেষ টুইটক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক তীব্ৰ সমালোচনা প্ৰাক্তন বিত্তমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰমৰ । বিত্তমন্ত্ৰী সীতাৰমণে কিছুদিন পূৰ্বে বৃহস্পতি প্লুটু আৰু ইউৰেনাছৰ ছবি টুইটত প্ৰকাশ কৰিছিল । তাকে লৈ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে তীব্ৰ সমালোচনা কৰে বৰ্তমানৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক(Chidambarams taunt on Finance Minister) ।

চিদাম্বৰমে টুইটযোগে প্ৰকাশ কৰে যে যিসময়ত মুদ্ৰাস্ফীতি ৭.১ শতাংশ আৰু নিবনুৱাৰ হাৰ ৭.৮ শতাংশ তেনে সময়ত বিত্তমন্ত্ৰীৰ এনে টুইটে জনতাক আচৰিত কৰি তুলিছে । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি চিদাম্বৰমক কয় যে সীতাৰমণক বৰ্তমান এগৰাকী মুখ্য অৰ্থনৈতিক জ্যোতিষি হিচাপে নিযুক্তি দিয়া উচিত(Chief Economic Astrologer) । নিজৰ দক্ষতা আৰু তেওঁৰ অৰ্থনৈতিক উপদেষ্টাসকলৰ দক্ষতাৰ ওপৰত আশা হেৰুৱাই বিত্ত মন্ত্ৰীয়ে গ্ৰহসমূহক অৰ্থনীতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে বুলি কটাক্ষ কৰে চিদাম্বৰমে ।

উল্লেখ যে নিৰ্মলা সীতাৰমণে নাছাৰ নতুন মহাকাশ দূৰবীণৰ বিষয়ে কেইটামান টুইট ৰি-টুইট কৰিছিল যিয়ে এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডৰ গভীৰতম ৰূপটো উপস্থাপন কৰিছে । আৰু সেই টুইটকলৈ এনেদৰে কটাক্ষ কৰে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: NATIONAL HERALD CASE: ইডিৰ চমনৰ বিৰুদ্ধে ২১ জুলাইত কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.