ETV Bharat / bharat

পিপলছ লিবাৰেচন গেৰিলা আৰ্মী সপ্তাহ, মাওবাদীৰ আইইডি বিস্ফোৰণত দুই জোৱান আহত

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 12:56 PM IST

Naxalite PLGA week
মাওবাদীৰ আইইডি বিস্ফোৰণত দুই জোৱান আহত

ছত্তীশগড়ত মাওবাদীয়ে পিপলছ লিবাৰেচন গেৰিলা আৰ্মী সপ্তাহ পালন কৰাৰ মাজতে আইইডি বিস্ফোৰণ । মাওবাদীয়ে সংস্থাপন কৰা আইইডি নিষ্ক্ৰিয় কৰি থকাৰ সময়তে আইইডিটো বিস্ফোৰণ হয় । দুগৰাকী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে ।

নেশ্যনেল ডেস্ক,২ ডিচেম্বৰ : ছত্তীশগড়ত মাওবাদীয়ে ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ শ্বহীদ দিৱস পালন কৰিছে । তাৰ মাজতে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ অব্যাহত আছে । শনিবাৰে দান্তেৱাড়া জিলাত মাওবাদীয়ে সংস্থাপন কৰা এটা আইইডি বিস্ফোৰণ হোৱাৰ ফলত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দুগৰাকী জোৱান আহত হয় । ঘটনাটো পুৱাই বৰচুৰ আৰক্ষী থানাৰ অন্তৰ্গত ইদ্ৰৱতী নৈৰ দলঙৰ সমীপত আইইডিটো বিস্ফোৰণ হয় । সুৰক্ষা কৰ্মীসকলে বিস্ফোৰক নিষ্ক্ৰিয় কৰি থকাৰ সময়তে এই বিস্ফোৰণটো হয় ।

চিআৰপিএফৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে ২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 'পিপলছ লিবাৰেচন গেৰিলা আৰ্মী' সপ্তাহৰ অংশ হিচাপে বাৰচুৰ-পল্লী পথত মাওবাদীৰ চলাচলৰ বিষয়ে এক গোপন সূত্ৰ লাভ কৰিছিল । লগে লগে চিআৰপিএফৰ ১৯৫ বেটেলিয়নৰ এটা দল সেই স্থানলৈ ৰাওনা হয় । মাওবাদীৰ বেনাৰ আৰু তাত থকা আইইডি প্ৰত্যক্ষ কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীসকলে বিস্ফোৰকটো নিষ্ক্ৰিয় কৰিবলৈ আৰম্ভ কৰে । সেই সময়তে আইইডিটো বিস্ফোৰণ হয় । বিস্ফোৰণত দুগৰাকী জোৱান আহত হয় আৰু বিমানেৰে তেওঁলোকক ৰায়পুৰলৈ লৈ যোৱা হয় । ঘটনাটোৰ পাছত অঞ্চলটোত এক অনুসন্ধান আৰম্ভ কৰা হয় ।

ইফালে মাওবাদীৰ বিৰুদ্ধে বিজাপুৰ জিলাত আৰক্ষীয়ে যথেষ্ট সফলতা লাভ কৰিছে । জংলা আৰক্ষী থানাৰ অন্তৰ্গত বাদেতুঙ্গালীৰ অৰণ্যত মাওবাদী নেতা ভৈৰমগড় অঞ্চল সমিতিৰ এচিএম শংকৰ, এচিএম ৰাজেশ আৰু ২০ৰ পৰা ২৫ গৰাকী সশস্ত্ৰ মাওবাদী লুকাই থকাৰ তথ্য লাভ কৰে । তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এক যুটীয়া বাহিনী ঘটনাস্থলীলৈ ৰাওনা হয় । তাৰ পাছত তুঙ্গালীৰ অৰণ্যত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় । নিৰাপত্তা বাহিনীৰ হেঁচাত মাওবাদীসকলে শিবিৰৰ পৰা পলায়ন কৰে । যুটীয়া বাহিনীয়ে মাওবাদী শিবিৰটো ধ্বংস কৰে আৰু ঘটনাস্থলীৰ পৰা ধনু, তম্বু, ঔষধ, মাওবাদীৰ পোছাক, আতচবাজী আৰু বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে ।

লগতে পঢ়ক :উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.