ETV Bharat / bharat

মাওবাদীৰ আইইডি বিস্ফোৰণ, দুই শ্ৰমিক নিহত

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 1:20 PM IST

Chhattisgarh IED blast
মাওবাদীৰ আইইডি বিস্ফোৰণ

মাওবাদী অধ্যুষিত ছত্তীশগড়ৰ নাৰায়ণপুৰত ভয়ংকৰ ঘটনা । শ্ৰমিকে কামৰ বাবে গৈ থকাৰ সময়তে মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণ হয় । ফলত দুগৰাকী শ্ৰমিক নিহত হয় আৰু গুৰুতৰভাৱে আহত এজন চিকিৎসাধীন হৈ আছে ।

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত ভয়ংকৰ মাওবাদী আক্ৰমণৰ ঘটনা । মাওবাদীৰ আক্ৰমণত দুগৰাকী শ্ৰমিক নিহত হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে ছোটেডোংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমদাই খনিত মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত তিনিগৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছিল । কিন্তু আহতসকলৰ দুগৰাকী শ্ৰমিক নিহত হয় । এজন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত শ্ৰমিকগৰাকী ছোটেডোংগাৰ কমিউনিটি হেল্থ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ।

শুকুৰবাৰে পুৱা প্ৰায় ৮ মান বজাত ছোটেডোংগাৰৰ আমদাই খনিত মাওবাদীয়ে এই আক্ৰমণ কৰে । পুৱা শ্ৰমিকসকলে অৰণ্যৰ মাজেৰে খনিত কাম কৰিবলৈ গৈ আছিল । সেই সময়তে এজন শ্ৰমিকৰ ভৰি আইইডিৰ প্ৰেচাৰৰ ওপৰত পৰে । ফলত আইইডিটো বিস্ফোৰণ হয় আৰু ২১ বছৰীয়া ৰিতেশ গগদাৰ ঘটনাস্থলীতে মৃত্যু হয় । বিস্ফোৰণটোত আন এগৰাকী শ্ৰমিক আহত হয় । আনহাতে শ্ৰৱণ কুমাৰ নামৰ এজন শ্ৰমিক আইইডি বিস্ফোৰণৰ পাছতে সন্ধানহীন হৈছিল । অৱশ্যে সুৰক্ষা বাহিনীৰ জোৱানসকলে কিছু সময় পাছতে শ্ৰৱণ কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰে ।

ছোটেডোংগাৰৰ এছডিঅ'পি অভিষেক পাইক্ৰাই কয় যে নিক্কোৰ শ্ৰমিকসকল খনিত কাম কৰিবলৈ ওলাই গৈছিল । এই সময়তে আইইডিটো বিস্ফোৰণ হয় । তেওঁ জনোৱা মতে আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে অঞ্চলটোত অনুসন্ধান অব্যাহত ৰাখিছে । সেই স্থানত আৰু আইইডি আছে নেকি তাৰো অনুসন্ধান কৰি থকা হৈছে । বিষয়াগৰাকীয়ে জনোৱা মতে মাওবাদীৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.