ETV Bharat / bharat

Chandrayaan 3 successful landing: মানৱ জাতিৰ বাবে কাম কৰিব ভাৰতে, মোদীৰ প্ৰতিশ্ৰুতি

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:57 AM IST

Chandrayaan 3 successful landing
মানৱ জাতিৰ বাবে কাম কৰিব ভাৰতে

‘‘চন্দ্ৰযান-3 সফলতাই সমগ্ৰ মানৱ জাতিৰ প্ৰচেষ্টা আৰু দৃঢ়তাৰ প্ৰতীক হিচাপে পৰিণত হৈছে ৷’’ বিশ্বৰ বিভিন্ন নেতা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি টুইট কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

নিউজ ডেস্ক,24 আগষ্ট: বুধবাৰে ইতিহাস ৰচি চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3ৰ সফল অৱতৰণৰ পাচতে বিশ্ববাসীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে ইছৰ’ৰ বিজ্ঞানী আৰু ভাৰতবাসীক ৷ আনহাতে জোনবাইৰ দেশত সফলভাৱে লেণ্ডাৰ বিক্ৰমৰ অৱতৰণৰ পাচতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলো নেতাকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

X ত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক ধন্যবাদ দি কয়, ‘‘এই মাইলৰ খুঁটি কেৱল ভাৰতৰ বাবে গৌৰৱ নহয়, ই সমগ্ৰ মানৱ জাতিৰ প্ৰচেষ্টা আৰু দৃঢ়তাৰ প্ৰতীক ৷ আমাৰ এই প্ৰচেষ্টাই বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰত সকলোৰে বাবে এক নতুন পথ প্ৰশস্ত কৰিব ৷’’ ইয়াৰ পূৰ্বে UAE ৰ ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰি কৈছিল "ভাৰতৰ চন্দ্ৰযান-৩ৰ সফল অৱতৰণে বৈজ্ঞানিক প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ আৱদান আৰু পদক্ষেপ ল’ব । মানৱ জাতিৰ সেৱাত এই ঐতিহাসিক সাফল্যৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছো।"

"চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন । ভাৰতীয় জনসাধাৰণৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ মুহূৰ্ত । মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে । এই ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানীৰ সফলতাই সমগ্ৰ বিশ্বৰ গৱেষকসকলক লাভান্বিত কৰিব ।" এই দৰে ইউৰোপীয় ইউনিয়নৰ অধ্যক্ষ উৰসুলা ভন ডেৰ লেয়েনৰ শুভেচ্ছা দিয়ে প্ৰধানমন্ত্ৰী মোদীক ৷

এই শুভেচ্ছাৰ উত্তৰত ইউৰোপীয় ইউনিয়নৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনক ধন্যবাদ জনাই মোদীয়ে কয় "এই প্ৰেৰণাদায়ক বাৰ্তাৰ বাবে ধন্যবাদ অধ্যক্ষ উৰসুলা ৷ ভাৰতে সকলো মানৱ জাতিৰ উন্নতিৰ বাবে অন্বেষণ কৰিব আৰু জ্ঞানসমূহ ভাগ-বাটোৱাৰা কৰি যাব ৷’’

চন্দ্ৰযান-3 চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ পাচতে স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰোয়ে কয় ‘‘ভাৰতৰ এই সাফল্যই মানৱতাৰ বাবে নতুন দিগন্ত মুকলি কৰিছে । এই অভিযানটো বিজ্ঞানৰ শক্তি আৰু বৈজ্ঞানিক প্ৰগতি আৰু গৱেষণাৰ ক্ষেত্ৰত আমাক আগবঢ়োৱা মহান সুযোগৰ আন এক প্ৰমাণ । অভিনন্দন, প্ৰধানমন্ত্ৰী মোদী ৷’’

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ উত্তৰত প্ৰধানমন্ত্ৰী মোডীয়ে কয় "প্ৰকৃততে বিজ্ঞানৰ শক্তিৰ জৰিয়তে ভাৰতে সকলোৰে বাবে এক উজ্জ্বল ভৱিষ্যতৰ দিশত কাম কৰি আছে । আপোনাৰ এই শুভেচ্ছাৰ বাবে ধন্যবাদ ।’’ এতিয়া সামাজিক মাধ্যমত ভাৰতৰ বিজ্ঞানীসকলক আৰু প্ৰধানমন্ত্ৰীক শুভেচ্ছাৰে ওপচাই পেলাইছে বিশ্বৰ বিভিন্ন নেতাসকলে ৷

লগতে পঢ়ক:India on Moon : ভাৰতৰ সফল চন্দ্ৰ অভিযান; গৌৰৱান্বিত দেশবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.