ETV Bharat / bharat

শিকলিৰে বান্ধি জ্বলাই হত্যা ! মাদুৰাই আইটিৰ যুৱতীক নিৰ্মমভাৱে হত্যা ৰূপান্তৰিত পুৰুষৰ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 4:03 PM IST

IT employee murder case in Chennai : চেন্নাইৰ ওচৰত এগৰাকী যুৱতী তথ্য-প্ৰযুক্তি কৰ্মচাৰীক শিকলিৰে হাত-ভৰি বান্ধি জ্বলাই দি নিৰ্মমভাৱে হত্যা কৰা হয় । এই ঘটনা সন্দৰ্ভত এগৰাকী মহিলাৰ পৰা পুৰুষলৈ ৰূপান্তৰিত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, অভিযুক্তই তেওঁৰ শৈশৱৰ বান্ধৱীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ।

Madurai IT girl brutalized in Chennai
মাদুৰাই আইটিৰ যুৱতীক নিৰ্মমভাৱে হত্যা ৰূপান্তৰিত পুৰুষৰ

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : শনিবাৰে সন্ধিয়া চেন্নাইৰ চিৰুচেৰীৰ পোনমাৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । বহু ছফ্টৱেৰ কোম্পানী থকা অঞ্চলটোত শনিবাৰে সন্ধিয়া এগৰাকী মহিলাৰ আৰ্তনাদ শুনা যায় । কোনো মহিলাৰ আৰ্তনাদ শুনি ওচৰ-পাজৰৰ লোকসকল দৌৰি ওলাই আহে । তেওঁলোকে আহি এগৰাকী যুৱতীক হাত আৰু ভৰি শিকলিৰে বান্ধি থোৱা অৱস্থাত জ্বলি থকা দেখি আতংকিত হৈ পৰে । লগে লগে তেওঁলোকে যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

আনহাতে, থালামপুৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে মৃত্যু হয় । পিছত যুৱতীগৰাকীক তেওঁৰ মোবাইল ফোনৰ জৰিয়তে মাদুৰাইৰ নন্দিনী (২৭) বুলি চিনাক্ত কৰা হয় । আনহাতে, যুৱতীগৰাকীৰ সৈতে চিকিৎসালয়লৈ অহা ৱেত্ৰী মাৰাণৰ (২৭) ওপৰত সন্দেহৰ সৃষ্টি হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক সোধা-পোছা কৰে । প্ৰথমাৱস্থাত ৱেত্ৰী মাৰাণে এই বিষয়ত একো নাজানো বুলি কৈছিল যদিও আৰক্ষীৰ নিৰন্তৰ জেৰাত তেওঁ ঘটনাটোৰ বিষয়ে প্ৰতিটো সঁচা কথা ক'বলৈ আৰম্ভ কৰে ।

ৱেত্ৰী মাৰাণ নন্দিনীৰ সৈতে একে শ্ৰেণীত অধ্যয়ন কৰা মূলতঃ এগৰাকী যুৱতী আছিল । কিন্তু যৌৱনপ্ৰাপ্তিৰ পিছত তেওঁ নিজৰ লিংগৰ পাৰ্থক্য অনুভৱ কৰে আৰু পিছত তেওঁৰ নাম সলনি কৰি ৱেত্ৰী মাৰাণ ৰাখে । আনহাতে, তেওঁৰ পৰিয়ালে এইটো গ্ৰহণ কৰা নাছিল আৰু তেওঁক ঘৰৰ পৰা উলিয়াই দিয়ে ।

কিন্তু নিজৰ পৰিয়ালৰ পৰা খেদা খোৱাৰ পিছতো নন্দিনীয়ে ৱেত্ৰী মাৰাণৰ সৈতে বন্ধুত্ব ৰক্ষা কৰি চলিছিল । আনহাতে, নন্দিনীৰ পিতৃ-মাতৃ আৰু পৰিয়ালে ৱেত্ৰী মাৰাণক তেওঁলোকৰ নিজৰ সন্তানৰ দৰে ভালপাইছিল । ৱেত্ৰী মাৰাণ আছিল প্ৰথম ব্যক্তি, যিয়ে নন্দিনীৰ চেন্নাইত থকা ভগ্নীক যোগাযোগ কৰিছিল আৰু নন্দিনীৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল । আনকি তেওঁ আৰক্ষী আৰু তেওঁৰ পৰিয়ালকো নন্দিনীৰ মৃত্যুৰ বিষয়ে অৱগত কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

নন্দিনীৰ বন্ধুত্বক বুজি নোপোৱা ৱেত্ৰী মাৰাণে ভাবিছিল যে নন্দিনীয়ে তেওঁক ভালপায় । যাৰ ফলত ৱেত্ৰীয়ে একপক্ষীয় প্ৰেম গঢ়ি তুলিছিল আৰু তেওঁক আন কোনো পুৰুষৰ সৈতে কথা নাপাতিবলৈ বাধ্য কৰাইছিল । এই কাৰ্যত হতবাক হৈ নন্দিনীয়ে ৱেত্ৰী মাৰাণৰ সৈতে তেওঁৰ বন্ধুত্ব কমাই আনিবলৈ আৰম্ভ কৰে ।

উল্লেখ্য যে হত্যাকাণ্ডৰ আগদিনা নন্দিনীৰ জন্মদিন আছিল । ঘটনাৰ দিনা ৱেত্ৰী মাৰাণে তেওঁৰ ওচৰলৈ এক বন্ধুত্বৰ প্ৰস্তাৱ লৈ আহিছিল । তাৰ পিছত তেওঁলোক দুয়ো সমগ্ৰ দিনটো মন্দিৰ চৌহদত ঘূৰিছিল আৰু অনাথ আশ্ৰমলৈ গৈছিল । লগতে কৈছিল যে ৱেত্ৰীয়ে নন্দিনীক জন্মদিনৰ এক বিশেষ উপহাৰ দিব । তাৰ বাবে সন্ধিয়া তেওঁ নন্দিনীক এক নিৰ্জন ঠাইলৈ লৈ যায় ।

তাত তেওঁ প্ৰথমে নন্দিনীক চকুত পটি বান্ধে । তাৰ পিছত হাত আৰু ভৰিত শিকলি লগায় । তাৰ পিছত নন্দিনীৰ হাত এখন ছুৰীৰে কাটে আৰু গাত পেট্ৰ'ল ঢালি দি জুই লগাই দিয়ে । কিন্তু নন্দিনীৰ চিঞৰ-বাখৰ শুনি ইতিমধ্যে তাত মানুহৰ সমাগম ঘটে আৰু উপস্থিত ৰাইজৰ সৈতে একেলগে ৱেত্ৰীয়েও নন্দিনীক বচাবলৈ ভাও ধৰে বুলি আৰক্ষীয়ে জনায় ।

আৰক্ষীয়ে জনোৱা মতে, ৱেত্ৰীয়ে নন্দিনীৰ হত্যাৰ পৰিকল্পনা আগতীয়াকৈ কৰিছিল । তাৰ বাবে তেওঁৰ বেগত এটা বটলত পেট্ৰ'ল, এডাল শিকলি আৰু ছুৰী আনিছিল । ইফালে নন্দিনীৰ পিতৃ-মাতৃ চেন্নাইলৈ আহি তেওঁলোকৰ জীয়াৰীৰ মৃত্যুৰ কথা শুনি কান্দি থকা দৃশ্যটোৱে সকলোকে আৱেগিক কৰি তোলে ।

লগতে পঢ়ক :তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী সন্দেহত হত্যা; চাৰিজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.