ETV Bharat / bharat

পৰৱৰ্তী ৫ বছৰত স্বাস্থ্যখণ্ডত ৬৪,০০০ কোটি বিনিয়োগ কৰিব কেন্দ্ৰই : Mansukh Mandaviya

author img

By

Published : Nov 27, 2021, 11:31 AM IST

দেশৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৬৪,০০০ কোটি টকা বিনিয়োগ কৰিব কেন্দ্ৰীয় চৰকাৰে (64000 crore investment in health sector) । পৰৱৰ্তী ৫ বছৰত স্বাস্থ্যখণ্ডত এই পুঁজি বিনিয়োগ কৰিব কেন্দ্ৰই । দিনজোৰা ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত উপস্থিত হৈ এই মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ।

Centre to invest 64,000 crore in health sector
স্বাস্থ্য খণ্ডত ৬৪,০০০ কোটি বিনিয়োগ কৰিব কেন্দ্ৰই

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : শুকুৰবাৰে দিনজোৰা ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Union Health Minister Mandaviya in Tawang) । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খান্দ্ৰো দ্ৰোৱা জাংমো জিলা চিকিৎসালয়ত স্বাস্থ্য সেৱা কৰ্মীৰ সৈতে মত বিনিময় কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন স্বাস্থ্য কল্যাণ আঁচনিৰ জৰিয়তে সকলোৰে স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে ।

তেওঁ লগতে জনায় যে, কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰত স্বাস্থ্য খণ্ডত ৬৪,০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে(Mansukh Mandaviya on 64000 crore investment) । স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীত কৰাৰ উদ্দেশ্যেৰে এই কেন্দ্ৰই এই পুঁজি আগবঢ়াব(Centre to invest in health sector) ।

মাণ্ডৱিয়াই কয় যে, পূৰ্বে কেতিয়াও স্বাস্থ্যক সম্পদ হিচাপে গণ্য কৰা হোৱা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সকলোৰে স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়াস কৰি আছে । কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ লাভালাভৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে কাম কৰাৰ যথেষ্ট প্ৰয়োজন আছে । এই মিছনে ৰোগী এজনৰ পূৰ্বৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জনাত সহায় কৰে আৰু সেই অনুসৰি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায় ।

স্বাস্থ্য বিভাগৰ ৰাজ্যিক প্ৰধান সচিব ড৹ শৰৎ চৌহানে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ সামগ্ৰিক পৰিস্থিতি বিষয়ে বৰ্ণনা কৰে । লগতে ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ ব্যৱস্থা আৰু টীকাকৰণ অভিযানৰ অগ্ৰগতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে ।

অৰুণাচল প্ৰদেশৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ সভাপতি ডাঃ লবচাং চেটিমে ৰাজ্যখনত সংস্থাটোৱে কৰি থকা কাম-কাজৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনায় । নাহৰলগুনৰ টমো ৰিবা স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দায়িত্ব যাতে কেন্দ্ৰীয় চৰকাৰে লয়, তাৰ বাবে মনসুখ মাণ্ডৱিয়াক আহ্বান জনায় ।

তেওঁ ৰাজ্যখনত এখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ প্ৰয়োজনীয়তা আৰু লগতে সকলো বিদ্যমান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহৎ সংস্কাৰৰ প্ৰয়োজনীয়তা আছে বুলিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক কয় । শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টাৱাঙৰ কেডিএছ জিলা চিকিৎসালয়ৰ আইপিডি ৱাৰ্ড আৰু জন ঔষধি নামৰ ঔষধালয়খনো পৰিদৰ্শন কৰে আৰু ৰোগীসকলৰ সৈতে বাৰ্তালাপ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰোগীসকলৰ মাজত ফল বিতৰণ কৰে ।

লগতে পঢ়ক: Chalo loku festival : অৰুণাচলৰ নক্তে জনগোষ্ঠীৰ চল' লকুৰ বিষয়ে জানে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.