ETV Bharat / bharat

Manipur violence: মণিপুৰৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Jun 27, 2023, 11:42 AM IST

Manipur violence
মণিপুৰৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ

প্ৰায় ২ মাহ ধৰি অব্যাহত আছে মণিপুৰৰ সংঘৰ্ষ । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ । কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত মণিপুৰৰ পৰিস্থিতিক লৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

নেশ্যনেল ডেস্ক,২৭ জুন : অৱশেষত মণিপুৰৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৎপৰতা দেখুৱাইছে । কেন্দ্ৰীয় চৰকাৰে মণিপুৰত পেট্ৰ'ল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ নিশ্চিত কৰাৰ সিদ্ধান্ত লৈছে । জাতিগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টাৰ অংশ হিচাবে এই পদক্ষেপ লৈছে চৰকাৰে । ৬ দিনীয়া বিদেশ ভ্ৰমণৰ অন্তত ভাৰতত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠক আহ্বান কৰে । কেবিনেটত মণিপুৰ সন্দৰ্ভত এই সিদ্ধান্ত লোৱা হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, গৃহ আৰু পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকে । ইফালে, গৃহ মন্ত্ৰালয়ৰ সূত্ৰৰ মতে অমিত শ্বাহে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে হোৱা বৈঠকত আশ্বাস দিছে যে কেন্দ্ৰই পাহাৰীয়া অঞ্চলসমূহত কুকি বিদ্ৰোহী গোটসমূহৰ সৈতে অভিযান স্থগিত ৰখাৰ চুক্তি ৰূপায়ণ (SoO) নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰী সিঙে চলিত জাতিগত সংঘৰ্ষত কুকি উগ্ৰপন্থী জড়িত থকাৰ বিষয়টো উত্থাপন কৰাৰ পাচত শ্বাহে এই আশ্বাস প্ৰদান কৰে । SoO চুক্তি অনুসৰি, বিভিন্ন উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলে তেওঁলোকৰ অস্ত্ৰ সম্বৰণ কৰি নিৰ্ধাৰিত শিবিৰত থাকিব বুলি ধাৰণা কৰা হৈছে । ইফালে প্ৰতিবেদনৰ ভিত্তিত এগৰাকী বিষয়াই কয় যে নিৰ্ধাৰিত শিবিৰসমূহত নিয়মীয়া পৰিদৰ্শনৰ পাচত দেখা গৈছে যে ৩ মে'ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা নিৰ্ধাৰিত শিবিৰৰ পৰা কিছুমান অস্ত্ৰ নাইকীয়া হৈছে ।

উল্লেখ্য যে ৩ মে'ৰ পৰা সংঘটিত জাতিগত সংঘৰ্ষত ৰাজ্যখনত ১৩০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । লক্ষণীয়ভাৱে মণিপুৰৰ কমেও ২৫ টা কুকি-চিন-মিজো উগ্ৰপন্থী সংগঠনে ২০০৮ চনত ত্ৰিপাক্ষিক SoOত স্বাক্ষৰ কৰিছিল আৰু এই চুক্তি আজিলৈকে সময়ে সময়ে বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰলৈ শান্তি ঘূৰাই অনাত প্ৰত্যাহ্বান সৃষ্টি কৰিছে মহিলাই; ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.