ETV Bharat / bharat

Naga peace talk: দেওবাৰে নতুন দিল্লীত NSCN-IM আৰু ভাৰত চৰকাৰৰ মাজত হ’ব আলোচনা !

author img

By

Published : Aug 19, 2023, 10:22 PM IST

Naga peace talk
Naga peace talk

2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ দুটা প্ৰধান বিদ্ৰোহী গোট NSCN-IM আৰু ULFAৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে ভাৰত চৰকাৰে ৷ শুকুৰবাৰে নতুন দিল্লীত ULFAৰ সৈতে ভাৰত চৰকাৰে আলোচনাত বহাৰ পাছত কাইলৈ অৰ্থাৎ দেওবাৰে NSCN-IMৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যেই নতুন দিল্লীলৈ ৰাওনা হৈছে NSCN-IMৰ সাতজনীয়া প্ৰতিনিধি দল ৷

নেশ্যনেল ডেস্ক, 19 আগষ্ট: মণিপুৰৰ উখৰুল জিলাৰ নগা অধ্যুষিত অঞ্চলত 18 আগষ্টত অচিনাক্ত দুৰ্বৃত্তই তিনিগৰাকী গাওঁ স্বেচ্ছাসেৱকক নিৰ্মমভাৱে হত্যা কৰে ৷ এই ঘটনাৰ পিছতে প্ৰধান নগা বিদ্ৰোহী গোট নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডে-ইচাক মুইভাই (NSCN-IM) মণিপুৰৰ দুটা পৃথক বিদ্ৰোহী গোটক কঠোৰ সতৰ্কবাণী জাৰি কৰি তেওঁলোকক নগা অঞ্চলৰ ভিতৰত ৰক্তপাত সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰিছে ৷

NSCN-IMয়ে ‘থোৱাই কুকি গাঁৱ’ৰ ওচৰত অৱস্থিত চিপিজাং গাঁৱত সংঘটিত হিংসাত্মক ঘটনাক গৰিহণা দি কয় যে ই নাগালিমৰ (নগা অধ্যুষিত অঞ্চল) অধিকাৰ ক্ষেত্ৰৰ ভিতৰত সংঘটিত হৈছে ৷ বিদ্ৰোহী সংগঠনটোৱে এই কাৰ্যক ‘‘অবাঞ্ছিত অনুপ্ৰৱেশ’’ বুলি গণ্য কৰি কয় যে ‘মণিপুৰ নাগা ৰিভলিউচনৰী ফ্ৰণ্টে ’(MNRF) মণিপুৰৰ নগাসকলৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা নাই ৷ NSCN-IMয়ে কয় যে যে চলিত মেইটেই-কুকি জু’ৰ জাতিগত সংঘৰ্ষ নগা অধ্যুষিত অঞ্চলত বিয়পি পৰিব নালাগে ৷ জাতিগত ৰক্তপাত NSCN-IM এ তীব্ৰ বিৰোধিতা কৰে বুলিও উল্লেখ কৰে ৷

পৰিচয় প্ৰকাশ কৰিবলৈ অনিচ্ছুক NSCN-IMৰ এগৰাকী উচ্চ পদস্থ নেতাই কয় যে সংগঠনটোৱে নগা অধ্যুষিত অঞ্চলত এনে ধৰণৰ হিংসা সহ্য নকৰে ৷ নেতাগৰাকীয়ে কয় যে মেইটেই সকলে নগা অধিকাৰক্ষেত্ৰৰ ভিতৰত কুকিসকলক লক্ষ্য কৰিব নালাগে ৷ জাতিগত হিংসাৰ বাবে NSCN-IMয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকো সমালোচনা কৰে ৷

নাগা পিপলছ ফ্ৰণ্টক (NPF) প্ৰতিনিধিত্ব কৰা সাংসদ লোৰহো এছ ফোজেই (Lorho S Pfoze) কয় যে এই হিংসা নগা অধ্যুষিত অঞ্চললৈ প্ৰসাৰিত হ'ব নালাগে ৷ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োৰে দ্বাৰা সমন্বিত পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত পিফোজে গুৰুত্ব আৰোপ কৰে ৷

ইফালে, গৃহ মন্ত্ৰালয়ে NSCN-IMৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাক গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে নতুন দিল্লীলৈ আমন্ত্ৰণ জনাইছে ৷ ইতিমধ্যেই NSCN-IMৰ এটা সাতজনীয়া প্ৰতিনিধি দল ভাৰত চৰকাৰ সৈতে হ’ব লগা আলোচনাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে ৷ ভাৰত চৰকাৰ আৰু NSCN-IMৰ মাজত দেওবাৰে হ’ব লগা আলোচনাত থুইংগালেং মুইভা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

চৰকাৰী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি গৃহ মন্ত্ৰালয় আৰু চোৰাংচোৱা ব্যুৰো (IB)ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰ এই আলোচনাৰ সময়ত উপস্থিত থাকিব ৷ লক্ষণীয়ভাৱে, 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত মুইভাই ৰাজহুৱাভাৱে কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰেটাৰ নাগালিমৰ ভিতৰত সকলো নগা অধ্যুষিত অঞ্চল একত্ৰিত কৰাৰ বৈধ অধিকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে ৷ এই একত্ৰীকৰণে মণিপুৰ, অসম আৰু অৰুণাচল প্ৰদেশৰ অঞ্চলসমূহো সামৰি লৈছে ৷

লগতে পঢ়ক: ULFA peace Talk: কেন্দ্ৰ-অসম চৰকাৰৰ সৈতে আলফাৰ ত্ৰিপাক্ষিক বৈঠক; খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.