ETV Bharat / bharat

আজি ঘোষণা হ'ব পাৰে CBSC ৰ দশম শ্ৰেণীৰ ফলাফল

author img

By

Published : Jul 4, 2022, 10:20 AM IST

সোমবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(CBSC) দশম শ্ৰেণীৰ 2 ব'ৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা ৷ ৩৫ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে এই বৰ্ষৰ CBSC দশম আৰু দ্বাদশ ব'ৰ্ড পৰীক্ষাৰ বাবে কৰিছিল পঞ্জীয়ন(CBSC class 10 result 2022) ৷

cbse-result-cbse-10th-result-2022-term-2-to-be-out-today-4-july-2022
আজি ঘোষণা হ'ব পাৰে CBSC দশম শ্ৰেণীৰ ফলাফল

নেশ্যনেল ডেস্ক, 4 জুলাই : আজি ঘোষণা হ'ব পাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (CBSC) দশম শ্ৰেণীৰ 2 ব'ৰ্ড পৰীক্ষা 2022 ৰ ফলাফল । শীঘ্ৰেই CBSC মেট্ৰিক টাৰ্ম ২ পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰৰ সহায়ত ফলাফলসমূহ অনলাইনযোগে চাব পাৰিব ৷

প্ৰাপ্ত তথ্য অনুসৰি, CBSCয়ে 15 জুলাইৰ ভিতৰত CBSC দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰাৰ কথা আছিল । কিন্তু সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি, 4 জুলাইত ঘোষণা ঘোষণা হ'ব পাৰে CBSC দশম শ্ৰেণীৰ ফলাফল ।

উল্লেখ্য যে, দ্বাদশ শ্ৰেণীৰ ফলাফলৰ পূৰ্বে ঘোষণা কৰা হ'ব দশম শ্ৰেণীৰ ফলাফল । এতিয়ালৈকে দশম বা দ্বাদশ শ্ৰেণীৰ ফলাফলৰ তাৰিখ সন্দৰ্ভত CBSCৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই ।

উল্লেখ্য যে, পূৰ্বেও CBSCয়ে ফলাফল ঘোষণা হোৱাৰ দুই বা তিনি ঘণ্টা পূৰ্বে ফলাফলৰ তাৰিখ আৰু সময় ঘোষণা কৰে । ২০২২ বৰ্ষৰ CBSCৰ ফলাফল শীঘ্ৰেই ইয়াৰ অফিচিয়েল ৱেবছাইট cbse.go.in আৰু cbresults.nic.in যোগে ফলাফলসমূহ প্ৰকাশ কৰা হ'ব । ইয়াৰ উপৰিও, শিক্ষাৰ্থীসকলে ৱেবছাইট বা এপ, উমংগ এপ আৰু লগতে results.gov.in ৰ জৰিয়তে দশম, দ্বাদশৰ ফলাফলসমূহ পৰীক্ষাৰ্থীয়ে চাব পাৰিব ৷

উল্লেখ্য যে, ৩৫ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে এই বৰ্ষৰ CBSC দশম আৰু দ্বাদশ ব'ৰ্ড পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল । দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা 21 লাখতকৈও অধিক, যিসকলে এতিয়া তেওঁলোকৰ ফলাফলৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে (CBSE Board Result 2022)। ইফালে, ইয়াৰে ভিতৰত ছাত্ৰীৰ সংখ্যা প্ৰায় ৯ লাখ আৰু ছাত্ৰৰ সংখ্যা ১২ লাখতকৈও অধিক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মৰসাহ ! চৌহদৰ দেৱাল পাৰ হৈ মমতা বেনাৰ্জীৰ ঘৰত অচিনাক্ত লোকৰ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.