ETV Bharat / bharat

CBI raids Mayors house: কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ বাসগৃহত CBI ৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 12:24 PM IST

দেওবাৰে পুৱা কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ বাসগৃহত তালাচী অভিযান চলায় । প্ৰথমে কেন্দ্ৰীয় সেনাৰ জোৱানৰ এটা বৃহৎ দলে মেয়ৰগৰাকীৰ ঘৰ ঘেৰি ধৰে ৷ তাৰ পিচতে চিবিআইৰ দলটোৱে মেয়ৰজনৰ বাসগৃহত তালাচী চলায় ৷

কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ বাসগৃহত CBI ৰ অভিযান
কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ বাসগৃহত CBI ৰ অভিযান

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ : পৌৰ নিযুক্তি দুৰ্নীতিৰ গোচৰত কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম ৷ দেওবাৰে পুৱা চিবিআইয়ে কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ বাসগৃহত তালাচী অভিযান চলায় ৷ কেন্দ্ৰীয় সেনাৰ জোৱানসকলৰ এটা বৃহৎ দলে প্ৰথমে কোনো ধৰণৰ আইন শৃংখলাজনিত অসুবিধা নোহোৱাকৈ মেয়ৰগৰাকীৰ বাসগৃহটো ঘেৰি ধৰে ৷ অতিৰিক্ত সতৰ্ক সুৰক্ষা বাহিনীৰ কৰ্মীয়ে এইবাৰ কেতিয়াও কোনো সুৰুঙা ৰাখিব বিচৰা নাছিল, সেইবাবেই তালাচীৰ পূৰ্বেই সকলো কোনোধৰণৰ বাধাৰ সন্মুখীন হ’ব নোৱাৰাকৈ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হৈছিল ৷ তাৰ পিচতেই মেয়ৰগৰাকীৰ বাসগৃহত চিবিআইৰ দলে প্ৰৱেশ কৰি তালাচী অভিযান চলায় ৷

সূত্ৰ অনুসৰি, পৌৰ নিযুক্তি দুৰ্নীতিৰ গোচৰৰ সৈতে নাম সাঙুৰ খোৱাৰ বাবেই মেয়ৰগৰাকীৰ বাসগৃহত অভিযান চলোৱা হৈছিল । খাদ্য আৰু যোগান মন্ত্ৰী ৰথিন ঘোষৰ পিচতে মেয়ৰ হাকিম টিএম চিৰ দ্বিতীয়গৰাকী মন্ত্ৰী, যাৰ বাসগৃহত হোচুত সংঘটিত হোৱা পৌৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় অনিয়মত নাম সাঙুৰ খাইছে ৷ 2021 চনত, নাৰদা গোচৰৰ সন্দৰ্ভত তেতিয়াৰ কেবিনেট সহকৰ্মী সুব্ৰত মুখাৰ্জী, টিএমচিৰ বিধায়ক মদন মিত্ৰ আৰু মহানগৰৰ প্ৰাক্তন মেয়ৰ সোৱণ চেটাৰ্জীৰ সৈতে ফিৰহাদ হাকিমৰ নামো সাঙুৰ খাইছিল ৷

ইয়াৰ পূৰ্বে, প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) চোৰাংচোৱাই বৃহস্পতিবাৰে পশ্চিম বংগৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহকে ধৰি একাধিক স্থানত ৰাজ্যখনৰ নাগৰিক সংস্থাসমূহে নিযুক্তিত কৰা অনিয়মৰ অভিযোগত সন্দেহযুক্ত ব্যক্তি জড়িত থকাৰ সন্দৰ্ভত তালাচী চলাইছিল। কেন্দ্ৰীয় বাহিনীৰ এটা বৃহৎ দলৰ সৈতে অভিযানকাৰী দলটো পুৱা প্ৰায় 6.10 বজাত উত্তৰ 24 পৰগণা জিলাৰ মাইকেলনগৰস্থিত ঘোষৰ বাসগৃহত উপস্থিত হৈছিল ৷ একেসময়তে, কেইবাটাও অভিযানকাৰী দলে এই গোচৰৰ সন্দৰ্ভত আন 12 টা স্থানতো তালাচী অভিযান চলায় ৷

লগতে পঢ়ক: Manipur violence : মণিপুৰত তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে শিক্ষাগ্ৰহণ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.