ETV Bharat / bharat

Gyanvapi case: বাৰাণসী আদালতৰ নিৰ্দেশৰ ওপৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত কেভিয়েট দাখিল

author img

By

Published : Jul 25, 2023, 1:41 PM IST

কেভিয়েটত আবেদনকাৰী ৰাখী সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ক তেওঁৰ আবেদৰ শুনানি নোহোৱাকৈ জ্ঞানবাপী গোচৰত ৰায় নিদিবলৈ আহ্বান জনাইছে, যদিহে অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে বাৰাণসী আদালতৰ ২১ জুলাইৰ আদেশক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপে । সোমবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে এএছআই জৰীপ সন্দৰ্ভত বাৰাণসী আদালতৰ নিৰ্দেশ ২৬ জুলাইৰ সন্ধিয়া ৫ বজালৈকে বলৱৎ কৰিব নোৱাৰিব ।

Prayagraj news
Gyanvapi case

নিউজ ডেস্ক, ২৫ জুলাই : ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ (এএছআই) দ্বাৰা জ্ঞানবাপী মছজিদ চৌহদৰ ছীল কৰা এলেকাৰ জৰীপৰ নিৰ্দেশ দিয়া বাৰাণসী ন্যায়ালয়ৰ নিৰ্দেশত সোমবাৰে হিন্দু পক্ষৰ এগৰাকী আবেদনকাৰী ৰাখী সিঙে এক কেভিয়েট (সতৰ্কবাণী আবেদন) দাখিল কৰে । ই-ফাইলিং পদ্ধতিৰে অধিবক্তা সৌৰভ তিৱাৰীৰ জৰিয়তে এই কেভিয়েট আবেদন দাখিল কৰা হৈছে ।

লগতে শ্ৰীংগাৰ গৌৰী স্থল গোচৰৰো মুখ্য আবেদনকাৰী ৰাখী সিঙে জ্ঞানবাপী মছজিদ চৌহদত এএছআই জৰীপৰ সমৰ্থনত ওলাই আহিছে । নিজৰ কেভিয়েটত ৰাখীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ক আবেদন জনাইছে যে, যদি অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে বাৰাণসী আদালতৰ ২১ জুলাইৰ আদেশক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপে তেন্তে তেওঁৰ আবেদনৰ শুনানি অবিহনে ইয়াৰ ৰায় নিদিবলৈ আহ্বান জনাইছে ।

"ইয়াৰ দ্বাৰা সন্মানসহকাৰে মাননীয় ন্যায়ালয়ক প্ৰাৰ্থনা জনাওঁ যে, এই আবেদনৰ অনুমতি দি অনুগ্ৰহ কৰিব যে প্ৰস্তাৱিত আবেদনকাৰী(বোৰ)/সংশোধনবাদী(বোৰ)ৰ সপক্ষে যিকোনো আদেশ প্ৰদান কৰাৰ পূৰ্বে এই আবেদনৰ শুনানিৰ সুযোগ প্ৰদান কৰিব আৰু/বা এনে ধৰণৰ আন আৰু পৰৱৰ্তী আদেশ প্ৰদান কৰিব, যাক মাননীয় ন্যায়ালয়ে উপযুক্ত আৰু সঠিক বুলি বিবেচনা কৰিব ।" কেভিয়েটত কোৱা হৈছে ।

ইয়াৰ পূৰ্বে, শনিবাৰে, ৰাখী সিঙে বিষয়টোত একে ধৰণৰ কেভিয়েট দাখিল কৰিছিল । সোমবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে, কাশী বিশ্বনাথ মন্দিৰৰ কাষত থকা জ্ঞানবাপী মছজিদ চৌহদৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই) জৰীপৰ বাৰাণসী জিলা আদালতৰ নিৰ্দেশ ২৬ জুলাইৰ সন্ধিয়া ৫ বজালৈ বলৱৎ কৰা নহ'ব । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছে যে, ইয়াৰ মাজতে মছজিদ সমিতিয়ে জিলা আদালতৰ আদেশৰ বিৰুদ্ধে কৰা আবেদনৰ সৈতে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ যাব পাৰিব ।

বিচাৰপীঠে লগতে কয় যে, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ মুছলমান পক্ষক কিছু সকাহ লোৱাৰ সময় দিবলৈ নিৰ্দেশটো প্ৰদান কৰা হৈছে । জ্ঞানবাপী মছজিদ পৰিচালনা সমিতি, অঞ্জুমান ইন্তেজামিয়া মছজিদে জিলা আদালতৰ ২১ জুলাইৰ আদেশৰ ওপৰত স্থগিতাদেশ বিচাৰি মুখ্য ন্যায়াধীশৰ সন্মুখত বিষয়টো উল্লেখ কৰে ।

জ্যেষ্ঠ অধিবক্তা হুজেফা আহমেদীয়ে মছজিদ চৌহদৰ এএছআই জৰীপৰ ওপৰত স্থগিতাদেশ বিচাৰি কয় যে, শীৰ্ষ আদালতে পূৰ্বতে আন্তঃগাঁথনিটোৰ কাৰ্বন ডেটিং স্থগিত ৰাখিছিল, যাক হিন্দী পক্ষৰ দ্বাৰা 'শিৱলিংগ' বুলি দাবী কৰিছিল । এইটো ২০২২ চনৰ মে' মাহত আদালতৰ দ্বাৰা নিৰ্দেশিত জৰীপৰ সময়ত মছজিদৰ স্নান পুখুৰীত পোৱা গৈছিল ।

"১৫০০ দশকৰ পৰা এই ঠাইখনত এই মছজিদটো আছে, তেনেহ'লে এতিয়া ইমান খৰখেদা কিয় ? ইয়াত নিশ্চিতভাৱে স্থিতিশীল আদেশ থাকিব লাগিব ।" আহমেদীয়ে বিচাৰপীঠক কয় । শুনানিৰ সময়ত শীৰ্ষ ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ বক্তব্য নথিভুক্ত কৰি কয় যে, এএছআয়ে জিলা আদালতৰ নিৰ্দেশ অনুসৰি কোনো খনন কাৰ্য চলাই থকা নাই আৰু এসপ্তাহ ধৰি কোনো খননৰ কথা চিন্তা কৰা হোৱা নাই ।

হিন্দী পক্ষৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে মুছলমান পক্ষৰ স্থগিতাদেশ অনুৰোধৰ বিৰোধিতা কৰি কয় যে, বিষয়টোত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু ই উচ্চ ন্যায়ালয়লৈ যাব লাগে । যিহেতু ছলিচিটৰ জেনেৰেলে ইতিমধ্যে কৈছে যে, কোনো খননকাৰ্য কৰা নহ'ব, সেয়ে তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে যদি স্থগিতাদেশ দিয়ে তেন্তে ই অনিৰ্দিষ্টকাললৈ অব্যাহত থাকিব ।

উল্লেখ্য যে, শুকুৰবাৰে বাৰাণসীৰ জিলা ন্যায়াধীশ একে বিশ্বেছাই ১৬ মে', ২০২৩ তাৰিখে চাৰিগৰাকী হিন্দু মহিলাই কৰা আবেদনৰ ওপৰত জ্ঞানবাপী চৌহদৰ এএছআই জৰীপৰ নিৰ্দেশ দিছিল । জিলা ন্যায়াধীশৰ নিৰ্দেশত অৱশ্যে চৌহদৰ স্নান পুখুৰী এলেকাটো বাদ দিয়া হৈছিল, যিটো শীৰ্ষ আদালতৰ নিৰ্দেশত বন্ধ কৰা হৈছে । চলিত বৰ্ষৰ ১২ মে'ত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই কথিত 'শিৱলিংগ'ৰ বৈজ্ঞানিক জৰীপৰ অনুমতি দিছিল, কিন্তু শীৰ্ষ ন্যায়ালয়ে এই আদেশ ১৯ মে'ত স্থগিত ৰাখিছিল ।

লগতে পঢ়ক :ASI Survey of Gyanvapi Mosque Complex : জ্ঞানবাপী মছজিদ চৌহদৰ জৰীপত ২৬ জুলাইলৈকে স্থগিতাদেশ ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.