ETV Bharat / bharat

Maharashtra Politics : এনচিপিক বিজেপিৰ 'বি' টীম আখ্যা ৱাৰিছ পাঠানৰ

author img

By

Published : Jul 3, 2023, 10:45 AM IST

Maharashtra Politics
এনচিপিক বিজেপিৰ 'বি' টীম আখ্যা ৱাৰিছ পাঠানৰ

এনচিপিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰে বিজেপি-শিৱসেনা মিত্ৰজোঁটত যোগদান কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । এআইএমআইএমৰ নেতা ৱাৰিছ পাঠানে অজিত পাৱাৰ আৰু এনচিপি দলক তীব্ৰ সমালোচনা কৰে । বিজেপি দলক ৱাছিং মেচিন আখ্যা নেতাজনৰ ।

নেশ্যনেল ডেস্ক,৩ জুলাই : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশক লৈ বিভিন্ন মহলত চৰ্চা চলিছে । নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বিদ্ৰোহক লৈও ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে এনচিপি আৰু দলৰ নেতা অজিত পাৱাৰকো বিভিন্ন বিৰোধী দলে সমালোচনা কৰিছে । অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন চমুকৈ এআইএমআইএমৰ নেতা ৱাৰিছ পাঠানে মহাৰাষ্ট্ৰত শিৱসেনা বিজেপি মিত্ৰজোঁটত যোগদান কৰাৰ বাবে অজিত পাৱাৰক তীব্ৰ সমালোচনা কৰে । পাঠানে দাবী কৰা মতে বিজেপি হৈছে এটা ৱাছিং মেচিন আৰু যিয়ে তালৈ যায় তেওঁলোকে তেওঁলোকৰ সকলো অপৰাধৰ পৰা ক্লিন চিট লাভ কৰে ।

পাঠানে কয় যে অজিত পাৱাৰে পুনৰ ফাড়নাভিছৰ ওচৰলৈ গৈছে । তেওঁৰ লগত ৩০ জন বিধায়কো আছে । তেওঁলোকে ক্ষমতাৰ বাবে যিকোনো কাম কৰিব পাৰে বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে । ইফালে মহাৰাষ্ট্ৰত এনচিপি বিজেপিৰ 'বি' টীম হৈ পৰিছে বুলিও তেওঁ দাবী কৰে । পাঠানৰ মতে শৰদ পাৱাৰেও সম্ভৱত এইটোৱে বিচাৰিছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে দুদিন পূৰ্বে তেওঁৰ দলৰ কৰ্মীসকলক কৈছিল যে এনচিপি হৈছে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল । তাৰ পাছত এনচিপিৰ নেতাই বিজেপি মিত্ৰজোঁটত যোগদান কৰিছে । ৱাৰিছ পাঠানে উদ্বেগ প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰৰ ৰাইজে এই সকলোবোৰ চাই আছে ।

উল্লেখ্য যে দেওবাৰে এনচিপি নেতা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয় । আন ৮ গৰাকী বিধায়কেও মিত্ৰজোঁট চৰকাৰত যোগদান কৰে । অজিত পাৱাৰে কয় যে সকলো বিধায়ক তেওঁৰ সৈতে আছে আৰু তেওঁলোকে শিৱসেনা-বিজেপি চৰকাৰত এটা দল হিচাপে যোগদান কৰিছে । মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত অজিত পাৱাৰে কয় যে তেওঁলোকে দলৰ সকলো জ্যেষ্ঠক অৱগত কৰিছে । অজিত পাৱাৰৰ মতে গণতন্ত্ৰত সংখ্যাগৰিষ্ঠলোকক গুৰুত্ব দিয়া হয় ।

ইফালে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলে দেওবাৰে কয় যে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ একনাথ সিন্দে, দেৱেন্দ্ৰ ফাড়নাভিছ চৰকাৰত যোগদান কৰাটো দুখজনক । কিন্তু তেওঁৰ সৈতে তেওঁৰ সম্পৰ্ক একেই থাকিব । অজিত পাৱাৰৰ সৈতে মোৰ সম্পৰ্ক সলনি নহ'ব বুলিও তেওঁ উল্লেখ কৰে । সুপ্ৰিয়াৰ মতে পাৱাৰ সদায় তেওঁৰ জ্যেষ্ঠ ভাতৃ হৈ থাকিব । সুপ্ৰিয়া চুলেৰ মতে তেওঁলোকে দলটোক পুনৰ গঠন কৰিব ।

লগতে পঢ়ক :Sharad Pawar reacts: অজিত পাৱাৰৰ কৃতিত্বৰ মূলতে প্ৰধানমন্ত্ৰী মোদী; শাৰদ পাৱাৰৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.