ETV Bharat / bharat

Border Force Arrests 2 Smugglers in Tripura: ১.২১ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ

author img

By

Published : Jun 3, 2022, 2:22 PM IST

ত্ৰিপুৰাত নিষিদ্ধ সমাগ্ৰীৰ ৰমৰমীয়া বেহা ৷ ত্ৰিপুৰা বি এছ এফৰ বিশেষ অভিযান শাখাৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় ইণ্ডো-বাংলাদেশ সীমান্তত 1 জুনৰ মাজনিশা দুই সন্দেহযুক্ত লোকক আটক কৰাৰ লগতে লোক দুজনৰ ঘৰৰ পৰা নিষিদ্ধ সামগ্ৰীসহ নিচাযুক্ত চেবলেট আৰু চোৰাং গৰু উদ্ধাৰ কৰে ( Two smugglers arrested in Tripura)৷

bsf-arrested-two-smugglers-seized-items-of-rs-1--21-crore
ত্ৰিপুৰাত দুই সৰবৰাকাৰীসহ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ

আগৰতলা, 3 জুন : ত্ৰিপুৰাত নিষিদ্ধ সমাগ্ৰীৰ ৰমৰমীয়া বেহা ৷ ত্ৰিপুৰা বি এছ এফৰ বিশেষ অভিযান শাখাৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় ইণ্ডো-বাংলাদেশ সীমান্তত 1 জুনৰ মাজনিশা দুই সন্দেহযুক্ত লোকক আটক কৰাৰ লগতে লোক দুজনৰ ঘৰৰ পৰা নিষিদ্ধ সামগ্ৰীসহ নিচাযুক্ত চেবলেট আৰু চোৰাং গৰু উদ্ধাৰ কৰে ( Two smugglers arrested in Tripura)৷

ধৃত লোক দুজনৰ ভিতৰত এজন আনামুল চৌধুৰী বুলি সেনাই জানিবলৈ দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি আনামুলৰ ঘৰৰ চৌহদত নিচাজাতীয় সামগ্ৰী মজুত কৰি ৰখাৰ কথা গাওঁবাসীয়ে চোৰাংচোৱা বাহিনীক অৱগত কৰিছিল ৷ ইয়াৰ পিছতে আনাামুলৰ বাসগৃহত বি এছ এফৰ সেনাবাহিনীৰ লগতে গাঁৱৰ লোক উপস্থিত হৈ তালাচী অভিযান চলায় ৷ এই অনুসন্ধানত সেনাৰ দলটোৱে 17 টা গৰু, 1225 টা য়াবা টেবলেট, প্ৰায় 6 লক্ষাধিক মূল্যৰ 02 কিলোগ্ৰাম গাঞ্জা আৰু বিভিন্ন অভিযানত 1.21 কোটি টকাৰ সম্মিলিত মূল্যৰ বিভিন্ন নিষিদ্ধ সামগ্ৰী জব্দ কৰে (Seized items of Rs 1.21 crore in Tripura)।

সম্প্ৰতি জব্দ কৰা সামগ্ৰীৰ সৈতে দুই অভিযুক্তক সেনাবাহিনীয়ে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া উপ-সংমণ্ডল আৰক্ষীক গতাই দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীক এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্তৰ নিৰ্দেশনা দিয়া হৈছে ৷

ইয়াৰ সমান্তৰালকে বি এছ এফৰ নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ পম খেদি 1 জুন মঙলবাৰে জোলাইবাৰী অঞ্চলৰ পশ্চিম পিলাক গাঁৱৰ ওচৰত আগৰতলাৰ পৰা সীমান্ত অঞ্চললৈ গৈ থকা এখন ট্ৰাকত বৃহৎ পৰিমানৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে ৷ উক্ত TR-07-1610 নম্বৰৰ বাহন খনত তালাচী অভিযান চলাই সেনাৰ দলে 3027 খন শাৰী, 41 বাকচ কাপোৰ, 228 যোৰ লেহেঙ্গা আৰু 1,09,29,500 টকা মূল্যৰ মোবাইল ফোন জব্দ কৰে।

লগতে পঢ়ক: ব্ৰাউন চুগাৰসহ দুই মহিলাক আটক ৰে’ল আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.