ETV Bharat / bharat

'মেৰুকৰণ ৰাজনীতি'য়ে কংগ্ৰেছক ক্ষতি মমতাক লাভান্বিত কৰিছে : অধীৰ ৰঞ্জন চৌধুৰী

author img

By

Published : Jun 20, 2021, 1:45 PM IST

শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আলোচনা কৰিবলৈ কলকাতাত এখন বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পশ্চিম বংগ কংগ্ৰেছৰ মুৰব্বী অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে বিজেপিৰ 'মেৰুকৰণৰাজনীতি'য়ে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিছে কিন্তু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সহায় কৰিছে।

bjps-polarisation-politics-damaged-congress-benefited-mamata-adhir-ranjan-chowdhury
'মেৰুকৰণ ৰাজনীতি'য়ে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিছে, লাভান্বিত মমতা বেনাৰ্জী : অধীৰ ৰঞ্জন চৌধুৰী

নেশ্যনেল ডেস্ক, 20 জুন : ভাৰতীয় জনতা পাৰ্টীৰ (BJP) 'মেৰুকৰণ ৰাজনীতি' সন্দৰ্ভত পশ্চিম বংগ কংগ্ৰেছৰ মুৰব্বী অধীৰ ৰঞ্জন চৌধুৰী (Adhir Ranjan Choudhury)য়ে কয় যে শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে কংগ্ৰেছক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰাৰ বিপৰীতে সহায় কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Benarjee)ক ৷ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আলোচনা কৰিবলৈ কলকাতাত অনুষ্ঠিত এখন বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি চৌধুৰীয়ে কয় যে বিগত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজনৈতিক পৰিস্থিতি কংগ্ৰেছৰ পক্ষত নাছিল ৷

ৰাজ্যখনৰ সংখ্যালঘু জনগোষ্ঠীয়ে "সাম্প্ৰদায়িক শক্তিসমূহ কমাবলৈ" তৃণমূল কংগ্ৰেছক বাছনি কৰিছিল । 8 টা পৰ্যায়ত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত টিএমচি (TMC)য়ে মুঠ 294 খন আসনৰ ভিতৰত 213 খন আসন লাভ কৰি বিজয়ী হৈছিল । তাৰ বিপৰীতে বিজেপিয়ে ৭৭ আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, কংগ্ৰেছ, বাওঁপন্থী আৰু ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্ট (ISF)ক লৈ গঠিত সংযুক্ত মৰ্চাই কেৱল মাত্ৰ এখন আসন পাবলৈ সক্ষম হৈছিল যিটো আইএছএফৰ আছিল ।

বিজেপিয়ে মমতাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ সকলো শক্তি প্ৰয়োগ কৰিছিল যদিও বিফল হৈছিল । বিজেপিৰ এই মেৰুকৰণৰ ৰাজনীতিয়ে কংগ্ৰেছক ব্যাপক ক্ষতি সাধন কৰিছিল কিন্তু মমতা বেনাৰ্জীক লাভান্বিত কৰিছিল । তেওঁ কয় যে, সংখ্যালঘু জনসাধাৰণে অনুভৱ কৰিছিল যে যদি বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক নিৰ্মূল কৰিব পৰা কোনোবা আছে, তেন্তে সেয়া হৈছে টিএমচি আৰু মমতা ৷

আইএছএফ আৰু চিপিআই(এম)ৰ সৈতে দলৰ মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে-"আমি কেতিয়াও আইএছএফৰ সৈতে মিত্ৰতা গঠন কৰা নাছিলো । আমাৰ মিত্ৰতা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) সৈতে । আমি পৃথক হোৱা নাই আৰু মিত্ৰতা এতিয়াও আছে । আইএছএফ নেতাসকলে আমাৰ বা মিত্ৰতাৰ বিৰুদ্ধে একো কোৱা নাই আৰু আমাৰো নাই ৷ যদি মিত্ৰতাত কোনো বিভেদ থাকে, তেন্তে এইটো প্ৰকাশ কৰা হ'ব,"৷ বৈঠকত বংগত কংগ্ৰেছৰ নিৰ্দেশনা আৰু আগন্তুক নিৰ্বাচনৰ বাবে কাৰ্যপন্থা বিষয়ত বিশেষভাৱে আলোচনা কৰা হয় বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.