ETV Bharat / bharat

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনত চাৰিওটা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 20, 2022, 1:22 PM IST

BJP_will_win_all_the_seats_of_Tripura_bye-election_Assam_CM
ত্ৰিপুৰাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক (NEDA Convenor Himanta Biswa Sarma) হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, "ড৹ মাণিক সাহাই বিপুল ভোটত জয়লাভ কৰিব। মই ভিজন ডকুমেণ্টত (BJP vision document Tripura) ঘোষণা কৰাতকৈ বিজেপি চৰকাৰে ত্ৰিপুৰাত অধিক কাম কৰিছে।"

আগৰতলা, ২০ জুন : ত্ৰিপুৰা বিধানসভাৰ আগন্তুক চাৰিটা সমষ্টিৰ উপ-নিৰ্বাচনত (Tripura by-election) আটাইকেইটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব । এই দৃঢ়তাপূৰ্ণ দাবী অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sarma)। দেওবাৰে ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি এই দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

৮-টাউন বৰদোৱালিৰ বিজেপি প্ৰাৰ্থী ড৹ মাণিক সাহাৰ (BJP candidate Dr Manik Saha) এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক (NEDA Convenor Himanta Biswa Sarma) হিমন্ত বিশ্বই এই মন্তব্য কৰে । তেওঁ কয়, "ড৹ মাণিক সাহাই বিপুল ভোটত জয়লাভ কৰিব । মই ভিজন ডকুমেণ্টত (BJP vision document Tripura) ঘোষণা কৰাতকৈ বিজেপি চৰকাৰে ত্ৰিপুৰাত অধিক কাম কৰিছে ।" লগতে তেওঁ বিজেপিয়ে ত্ৰিপুৰাত চৰকাৰ গঠনৰ পিছৰে পৰা ৰাজ্যখনত শান্তি আৰু উন্নয়ন আহিছে বুলিও উল্লেখ কৰে ।

"উন্নয়নৰ জৰিয়তে ত্ৰিপুৰাক আগবঢ়াই নিয়াৰ বাবে প্ৰধামনন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi planed for Tripura) এক পৰিকল্পনা আছে।" হিমন্ত বিশ্বৰ সংযোজন । উক্ত সমদলত ড৹ হিমন্ত বিশ্ব শৰ্মাক ৮-টাউন বৰদোৱালি সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ (8-Town Bordowali BJP candidate) লগতে সংগ দিয়ে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Tripura former CM Biplab Kumar Deb), মন্ত্ৰী সুশান্ত চৌধুৰী প্ৰমুখ্যে ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী তথা বিধায়কসকলে।

উল্লেখ্য, ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰৰ বাবে দেওবাৰে পুৱা হিমন্ত বিশ্ব শৰ্মাই আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত (Agartala Maharaja Bir Bikram Airport) অৱতৰণ কৰে। তাৰ পাছত তেওঁ পোনে পোনে গৈ বিজেপি মনোনীত প্ৰাৰ্থীকেইজনৰ হৈ কেইবাখনো নিৰ্বাচনী সভা তথা ৰেলীত অংশগ্ৰহণ কৰে ।

আনহাতে, তেওঁ তেওঁৰ ভ্ৰমণকালত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কনিষ্ঠ ভাতৃস্বৰূপ বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰি সুখী বুলিও পিছত নিজৰ ফেচবুক পেজত উল্লেখ কৰে ।

লগতে পঢ়ক : ত্ৰিপুৰাত বন্য়াৰ্তৰ আশ্ৰয় শিৱিৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.