ETV Bharat / bharat

হাৰিয়ানা বিজেপি আই টি চেলৰ প্ৰভাৰী অৰুণ যাদৱক অপসাৰণ

author img

By

Published : Jul 8, 2022, 11:11 AM IST

হাৰিয়ানা বিজেপিৰ আই টি চেলৰ প্ৰভাৰী অৰুণ যাদৱক বৃহস্পতিবাৰে তেওঁৰ পদৰ পৰা অপসাৰণ কৰা হয় (BJP removes Haryana IT cell chief Arun Yadav) ৷ অৰুণ যাদৱে পয়গম্বৰ হজৰত মহম্মদক লৈ টুইটাৰত কৰা বিতৰ্কিত মন্তব্যৰ পাছত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত তেওঁক দলীয় পদৰ পৰা অপসাৰণ কৰা হয় ৷

BJP IT Cell Incharge  Arun yadav
হাৰিয়ানা বিজেপি আইটি চেলৰ প্ৰভাৰী অৰুণ যাদৱক অপসাৰণ

নিউজ ডেস্ক, 8 জুলাই : হাৰিয়ানা বিজেপিৰ আই টি চেলৰ প্ৰভাৰী অৰুণ যাদৱক(Haryana BJP IT Cell incharge Arun yadav) বৃহস্পতিবাৰে দলৰ পৰা অপসাৰণ কৰা হয় ৷ বিজেপি নেতাগৰাকীয়ে কৰা বিতৰ্কিত মুছলমান বিৰোধী আৰু ইছলাম বিৰোধী টুইটৰ বাবে তেওঁক গ্ৰেপ্তাৰৰ দাবীৰ উত্থাপন হোৱা দলটোৰ শীৰ্ষ নেতৃত্বই তেওঁক দলৰ পৰা অপসাৰণ কৰে(Arun Yadav Controversial Tweet) ৷ বৃহস্পতিবাৰে #ArrestArunYadav টুইটাৰত ট্ৰেণ্ডত আছিল । এই হেচটেগটোৰ সমৰ্থনত পঞ্চাশ হাজাৰতকৈও অধিক লোকে টুইট কৰে ।

BJP IT Cell Incharge  Arun yadav
হাৰিয়ানা বিজেপি আইটি চেলৰ প্ৰভাৰী অৰুণ যাদৱক অপসাৰণ

হাৰিয়ানা বিজেপিৰ সভাপতি অ' পি ধনখড়ে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তেওঁক দলৰ পৰা অপসাৰণ কৰে ৷ অৱশ্যে তেওঁ অৰুণ যাদৱক অপসাৰণ কৰা সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাই ৷ আনহাতে, বিজেপিৰ প্ৰভাৰীগৰাকীয়েও তেওঁক দলৰ পৰা অপসাৰণ কৰাৰ পাছৰে পৰা সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে ৷

অৰুণ যাদৱে তেওঁৰ পোষ্টৰ বাবে যথেষ্ট বিৰোধিতাৰ সন্মুখীন হৈছে । ইয়াৰ পূৰ্বে, বিজেপিয়ে ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মা আৰু হাৰিয়ানা গোটৰ এজন নেতাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছিল । দুয়োকে দলৰ পৰা নিলম্বন কৰা হৈছিল । নুপুৰ শৰ্মাই এটা চেনেলত পয়গম্বৰ মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল । শৰ্মাৰ এই মন্তব্যই সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি কৰিছিল আৰু কেইবাখনো দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিজেপিয়ে লগে লগে নুপুৰ শৰ্মাক দলৰ পৰা বহিষ্কাৰ কৰিছিল ।

লগতে পঢ়ক : Agnipath Scheme: সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.