ETV Bharat / bharat

’Quit India’ protest on Parliament: ৰাজনীতি, দুৰ্নীতি, তুষ্টিকৰণৰ ৰাজনীতি পৰিহাৰৰ দাবী বিজেপিৰ

author img

By

Published : Aug 9, 2023, 1:23 PM IST

বংশবাদী ৰাজনীতি, দুৰ্নীতি, তুষ্টিকৰণৰ ৰাজনীতি দেশৰ পৰা বহিষ্কাৰ কৰাৰ দাবীত সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদসকলে প্ৰদৰ্শন কৰে বিক্ষোভ কাৰ্যসূচী ৷

BJP MPs hold Quit India protest on Parliament premises
তুষ্টিকৰণৰ ৰাজনীতি পৰিহাৰৰ দাবী বিজেপিৰ

নেশ্যনেল ডেস্ক, 9 আগষ্ট: 1942 চনৰ 9 আগষ্টৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ স্মৃতিত বুধবাৰে বিজেপিয়ে কংগ্ৰেছ আৰু INDIA ৰ মিত্ৰশক্তিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বংশবাদ, দুৰ্নীতি, তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা মুক্ত হ’বলৈ বিৰোধীলৈ আহ্বান জনায় বিজেপিয়ে ।

দলটোৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে, দুৰ্নীতি আৰু তুষ্টিকৰণৰ ৰাজনীতি বংশবাদী ৰাজনীতিৰ সৈতে সৰ্ম্পকিত । কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ শাসনৰ সময়ত কেন্দ্ৰত সংঘটিত হোৱা কেইবাটাও কেলেংকাৰীৰ লগতে তেওঁলোকৰ শাসিত ৰাজ্যসমূহৰ টিএমচি, আৰজেডি, ডিএমকে, টিআৰএছৰ চকুত পৰা কেলেংকাৰীৰ বিষয়েও উল্লেখ কৰে বিজেপিয়ে ৷ দেশখনৰ সামগ্ৰিক স্বাৰ্থত বংশগত ৰাজনীতি, দুৰ্নীতি আৰু তুষ্টিকৰণৰ ৰাজনীতি এৰিব লাগিব বুলি কয় বিজেপিয়ে ।

এইকেইটাক দেশৰ "তিনিটা ৰোগ" বুলি অভিহিত কৰি এই তিনি ৰোগে ভাৰত এৰিব লাগিব বুলিও দলটোৱে কয় । সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে ভাৰতে ইয়াৰ নিৰাপত্তা, সততাৰ স্বাৰ্থত এই তিনিটা ৰোগ যেনে প্ৰকাশ্য পাৰিবাৰিক শাসন, দুৰ্নীতি, আৰু লজ্জাজনক তুষ্টিকৰণে ভাৰত এৰিব লাগিব সেয়া অতি গুৰুত্বপূৰ্ণ ।

তেওঁ লগতে কয় যে দেশৰ গণতান্ত্ৰিকতা যদি সুৰক্ষিত কৰিব লাগে, ৰাজনীতিত সততাক ঘূৰাই আনি দেশত প্ৰতিষ্ঠা কৰিব লাগিব ৷ লগতে উল্লেখিত তিনিটা ৰোগে ভাৰত ত্যাগ কৰিব লাগিব । ইফালে, বংশবাদী ৰাজনীতি, দুৰ্নীতি, তুষ্টিকৰণৰ ৰাজনীতি দেশৰ পৰা বহিষ্কাৰ কৰাৰ দাবীত সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদসকলে এক বিক্ষোভ প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক : No Confidence Motion: আজি ১২ বজাত লোকসভাত ৰাহুল গান্ধীৰ ভাষণ; বিয়লি অমিত শ্বাহৰ উত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.