ETV Bharat / bharat

No Confidence Motion: আজি ১২ বজাত লোকসভাত ৰাহুল গান্ধীৰ ভাষণ; বিয়লি অমিত শ্বাহৰ উত্তৰ

author img

By

Published : Aug 9, 2023, 11:54 AM IST

No Confidence Motion
No Confidence Motion

লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । কেন্দ্ৰীয় গৃহ অমিত শ্বাহে বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত প্ৰস্তাৱৰ উত্তৰ দিব । আনহাতে, সাংসদ পদ পুনৰ লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে দুপৰীয়া ১২ বজাত অনাস্থা প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখিব ৰাহুল গান্ধীয়ে ।

নিউজ ডেস্ক, ৯ আগষ্ট : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে লোকসভাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব । গান্ধীনগৰ লোকসভা সমষ্টিৰ সাংসদ অমিত শ্বাহে সন্ধিয়া প্ৰায় ৫ বজাত সংসদৰ নিম্ন সদনত উত্তৰ দিয়া আৰম্ভ কৰিব । মুম্বাইত জন্মগ্ৰহণ কৰা ৫৮ বছৰীয়া অমিত শ্বাহে ২০১৪ চনত শাসনলৈ অহাৰ পিছত বিগত ৯ বছৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন সাফল্যৰ তালিকা দাখিল কৰিব বুলি আশা কৰা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা অমিত শ্বাহে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক তীব্ৰ আক্ৰমণ কৰিব বুলি আশা কৰা হৈছে । তেওঁৰ নিজস্ব শৈলীত বিৰোধীৰ ওপৰত তীব্ৰ আক্ৰমণাত্মক ভংগীত অৱতীৰ্ণ হ'ব বুলি আশা কৰা হৈছে ।

আনহাতে, অমিত শ্বাহে তেওঁৰ উত্তৰৰ সময়ত মণিপুৰত হিংসা নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰই গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে জনোৱাৰো সম্ভাৱনা আছে । ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা গেৰুৱা দলটোৰ একালৰ সভাপতিগৰাকীয়ে গৃহ মন্ত্ৰালয় আৰু সহযোগিতা মন্ত্ৰালয়ৰ দ্বাৰা গ্ৰহণ কৰা অন্যান্য পদক্ষেপৰ বিষয়েও ব্যাখ্যা কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক মঙলবাৰে সংসদৰ নিম্ন সদনত আৰম্ভ হয় । ঝাৰখণ্ডৰ গোড্ডা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি সাংসদ নিশিকান্ত ডুবে আছিল ক্ষমতাসীন নেচনেল ডেম'ক্ৰেটিক এলায়েন্সৰ (এনডিএ) প্ৰথমগৰাকী বক্তা ।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে দুপৰীয়া ১২ বজাত লোকসভাত মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখিব । উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত 'মোদী উপাধি মন্তব্য গোচৰ'ত দোষী সাব্যস্ত হোৱাৰ ৰায় স্থগিত ৰখাৰ পিছত সংসদলৈ উভতি আহিছে ৰাহুল গান্ধী । পুনৰ সংসদলৈ অহাৰ পিছত এইটো হ'ব প্ৰাক্তন কংগ্ৰেছ সভাপতি গৰাকীৰ প্ৰথম ভাষণ ।

লগতে পঢ়ক: Parliament Monsoon Session: আজি ৰাজ্যসভাত উত্থাপনৰ বাবে তালিকাভুক্ত ৬ বিধেয়ক

লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নিশ্চিত কৰিছে যে ৰাহুল গান্ধীয়ে দুপৰীয়া ১২ বজাত কংগ্ৰেছৰ হৈ বিতৰ্ক আৰম্ভ কৰিব । "ৰাহুল গান্ধীয়ে আজি বক্তব্য ৰাখিব । তেওঁ দুপৰীয়া ১২ বজাত আমাৰ ফালৰ পৰা বক্তব্য আৰম্ভ কৰিব ।" অধীৰ ৰঞ্জন চৌধুৰীক উদ্ধৃত কৰি সংবাদ সংস্থা এএনআয়ে কয় ।

নিজৰ ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন শাসন ব্যৱস্থাৰ বিফলতাৰ ওপৰত আলোকপাত কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে উত্তৰ-পূবৰ ৰাজ্যখনত ৩ মে'ত আৰম্ভ হোৱা হিংসাৰ ফলত এতিয়ালৈকে ১২০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । শেহতীয়াভাৱে মণিপুৰ ভ্ৰমণ কৰা গান্ধী পৰিয়ালৰ বংশধৰজনে ৰাজ্যখনৰ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে কেৰালাৰ ৱায়ানাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে মঙলবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে বক্তব্য ৰাখিব বুলি আশা কৰা হৈছিল । গৌৰৱ গগৈ দেশৰ সবাতোকৈ পুৰণি দলটোৰ প্ৰথমগৰাকী বক্তা আছিল আৰু তেওঁ কেন্দ্ৰৰ বিফলতাৰ ওপৰত পোনপটীয়া আক্ৰমণ চলাই দাবী কৰিছিল যে তেওঁ মণিপুৰত এই বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতা ভংগ কৰিবলৈ প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.