ETV Bharat / bharat

Rahul Gandhi Slams BJP : বিজেপিয়ে আদিবাসীসকলক বনবাসী বুলি অপমান কৰে: ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:37 PM IST

Updated : Nov 4, 2023, 10:20 PM IST

বিজেপিয়ে আদিবাসীসকলক বনবাসী বুলি অপমান কৰে; ৰাহুল গান্ধী
Rahul Gandhi Slams BJP

ৰাহুল গান্ধীয়ে শনিবাৰে ছত্তীশগড়ৰ বস্তাৰ ভ্ৰমণ কৰে । তেওঁ জগদলপুৰৰ এক সমাবেশত জনজাতীয় লোকসকলক লৈ বিজেপিক তীব্ৰ আক্ৰমণ কৰে । ৰাহুল গান্ধীয়ে কয় যে জনজাতীয় লোকসকলৰ পানী, বন, ভূমিৰ ওপৰত অধিকাৰ আছে । তেওঁ অভিযোগ কৰে যে বিজেপিয়ে জনজাতীয় লোকসকলৰ সৈতে অসদাচৰণ কৰে । বিজেপিয়ে জনজাতীয় লোকসকলৰ সন্তানৰ উন্নতি হোৱাটো নিবিচাৰে ।

নিউজ ডেস্ক, ৪ নৱেম্বৰ : ছত্তীশগড় বিধানসভা নিৰ্বাচন সমাগত । তাৰ বাবে এতিয়া ৰাজ্যখনত সকলো ৰাজনৈতিক দলেই প্ৰচাৰ কাৰ্যত উঠি-পৰি লাগিছে । উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক বাতাৱৰণ । উল্লেখ্য যে ৰাজ্যখনৰ বস্তাৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ৰ ২০ খন আসনৰ বাবে সকলো ৰাজনৈতিক দলেই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । বিজেপি আৰু কংগ্ৰেছ নেতাসকলে নিৰন্তৰ বস্তাৰত উপস্থিত হৈ প্ৰচাৰ চলাই আছে । তাৰেই অংশ হিচাপে ৰাহুল গান্ধীও শনিবাৰে জগদলপুৰত উপস্থিত হয় । তাত ৰাহুল গান্ধীয়ে জনজাতীয়, দলিত, দৰিদ্ৰ লোক সন্দৰ্ভত বিজেপিক তীব্ৰ আক্ৰমণ কৰে ।

জগদলপুৰত ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় । ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে জনজাতীয় লোকসকলক আদিবাসীৰ পৰিৱৰ্তে 'বনবাসী' বুলি মাতে । এয়া জনজাতীয় লোকসকলৰ বাবে অপমানজনক কথা । বিজেপিৰ এগৰাকী নেতাই মধ্যপ্ৰদেশৰ এগৰাকী জনজাতীয় লোকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল । বিজেপিয়ে জনজাতীয় লোকসকলৰ পানী, বন আৰু ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰে । কংগ্ৰেছে জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ ঘূৰাই পোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে । মোদীৰ আটাইতকৈ ডাঙৰ বন্ধু হৈছে আদানি । তেওঁৰ প্ৰকল্প কংগ্ৰেছে ইয়াত বাতিল কৰিছে । কংগ্ৰেছে জনজাতীয় লোকসকলক সন্মান জনাই এইটো কৰিছে ।

"আমি জনজাতীয় লোকসকলৰ ভূমি পুনৰ ঘূৰাই দিছোঁ, জনজাতীয় লোকসকলক পানী, বন আৰু ভূমিৰ অধিকাৰ দিছোঁ ।" ৰাহুল গান্ধীয়ে কয় ।

আনহাতে, ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় । ৰাহুল গান্ধীৰ অভিযোগ, মোদীয়ে কয় যে দেশত মাত্ৰ এটা জাতি আছে । সেয়া হৈছে দৰিদ্ৰ । দেশত দলিত, জনজাতীয়, পিছপৰা শ্ৰেণী আছে, তেওঁলোকে তেওঁলোকৰ অধিকাৰ নাপায় । জনজাতীয় লোকসকলৰ অধিকাৰো কাঢ়ি লোৱা হৈছে । মোদীৰ চিন্তা হৈছে জনজাতীয় লোকসকলক অপমান কৰা ।

"মোদীয়ে কেৱল মিছা কৈছে, ১৫ লাখ টকা কাৰো একাউণ্টলৈ অহা নাই । বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে ভাৰত সলনি কৰাৰ কথা কৈছিল, কিন্তু জনসাধাৰণৰ কেৱল হাৰাশাস্তি হৈছিল ।" তেওঁ কয়।

ৰাহুল গান্ধীয়ে লগতে কয় যে কংগ্ৰেছেহে প্ৰতিশ্ৰুতি পূৰণ কৰে । কৃষকসকলক বোনাচৰ ধন দিয়া হৈছে । তেওঁ ছত্তীশগড়ৰ এখন পথাৰলৈ গৈ দুঘণ্টাৰ বাবে ধান চপোৱাৰ কথা উল্লেখ কৰি কয়, মানুহে তেওঁ কৈছিল যে যদি তেওঁলোকৰ ঋণ মাফ কৰিলে হয় তেন্তে এখন গাড়ী কিনিলেহেঁতেন । কংগ্ৰেছে যি কয় সেয়া কৰে । কিষাণ ন্যায় যোজনাৰ অধীনত ২৬ লাখ কৃষকৰ একাউণ্টলৈ ২৩ হাজাৰ কোটি টকা দিয়া হৈছে ।

লগতে পঢ়ক : Modi Slams Congress : মহাদেৱ বেটিং এপ কেলেংকাৰীৰ অভিযোগ; ভূপেশ বাঘেলক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

Last Updated :Nov 4, 2023, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.