ETV Bharat / bharat

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত

author img

By

Published : Nov 9, 2021, 10:36 AM IST

CPIM
ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন

পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি আৰু চিপিআই(এম) দলৰ সংঘাত বৃদ্ধি পাইছে । বিজেপিৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণৰ অভিযোগ তুলিছে চিপিআই(এম) দলে । নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে বিজেপিৰ নেতাই চিপিআই(এম) প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উঠিছে ।

আগৰতলা, ৯ নৱেম্বৰ : ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে চিপিআইএম আৰু বিজেপিৰ মাজত তীব্ৰ সংঘাত অব্যাহত আছে । নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ধৰণে বিজেপিয়ে বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলক আক্ৰমণ কৰাৰ অভিযোগ তুলিছে । প্ৰেছ বিবৃতিযোগে চিপিআইৰ(এম) পশ্চিম জিলা সমিতিয়ে অভিযোগ কৰা মতে বিজেপিৰ কিছু প্ৰভাৱশালী নেতা আৰু মন্ত্ৰীৰ নিৰ্দেশত দুৰ্বৃত্তই বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ।

বাওঁমৰ্চাৰ একাংশ প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ কৰাৰো অভিযোগ তুলিছে । অভিযোগ অনুসৰি ৪৮ নং ৱাৰ্ডৰ বাওঁমৰ্চাৰ প্ৰাৰ্থীৰ প্ৰস্তাৱক নিবিৰ চক্ৰৱৰ্তীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল । অৱশ্যে তেওঁক আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নেতাগৰাকী । তেওঁক সোমবাৰে নিশাই চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হৈছে ।

বাওঁমৰ্চাৰ বহুতো প্ৰাৰ্থীক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰিলে ভয়ানক পৰিণামৰ সন্মুখীন হ'ব বুলি ভাবুকি দিয়া হৈছে । চিপিআই(এম) দলটোৱে লগতে কয় যে তেতিয়াও বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলে গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আঁতৰি অহা নাই ।

অৱশ্যে শেষত বিজেপি সমৰ্থিত দুৰ্বৃত্তৰ ভয়ত ১৪, ১৫, ১৬ আৰু ৪৩ নং ৱাৰ্ডত বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় । ইয়াৰ পূৰ্বে ২০ নং ৱাৰ্ডত থকা বাওঁমৰ্চাৰ প্ৰাৰ্থীয়েও প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল । চিপিআইৰ (এম) পশ্চিম ত্ৰিপুৰা জিলা সচিবালয় সংস্থাই বিজেপিৰ গণতান্ত্ৰিক বিৰোধী কাৰ্য-কলাপক তীব্ৰ গৰিহণা দিয়ে ।

অভিযোগ অনুসৰি, যোৱা ৪৩ মাহ ধৰি বিজেপিয়ে ৰাজ্যখনত ভোটদানৰ অধিকাৰ, গণতন্ত্ৰ আৰু গণতান্ত্ৰিক অধিকাৰৰ ওপৰত একে ধৰণৰ ভাবুকি আৰু বাওঁমৰ্চাৰ প্ৰাৰ্থী, প্ৰস্তাৱক, কৰ্মী আৰু সমৰ্থকসকলৰ ওপৰত নিৰ্বাচনকেন্দ্ৰিক আক্ৰমণ চলাই আহিছে ।

ইফালে নিৰ্বাচন আয়োগৰ দায়িত্ব হৈছে মুক্ত আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা । শাসকীয় দলৰ গণতান্ত্ৰিক বিৰোধী কাৰ্য-কলাপ আৰু ফেচিষ্ট সন্ত্ৰাসবাদ কাৰ্য-কলাপৰ পাছতো নিৰ্বাচন আয়োগে এতিয়ালৈকে ইয়াক বন্ধ কৰিবলৈ কাৰ্যকৰী পদক্ষেপ লোৱা নাই বুলিও অভিযোগ কৰে চিপিআই (এম) দলে ।

দলটোৱে দাবী কৰিছে যে, নিৰ্বাচন আয়োগে মুক্ত আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে । চিপিআই(এম)ৰ পশ্চিম জিলা সমিতিয়ে আগৰতলাৰ নাগৰিকসকলক বিজেপিৰ গণতান্ত্ৰিক বিৰোধী কাৰ্য-কলাপৰ বিৰুদ্ধে মাত মাতি গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আৰু আগৰতলাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বাওঁমৰ্চাৰ সপক্ষে তেওঁলোকৰ ভোট প্ৰদানৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : ত্ৰিপুৰাত স্বৰ্নিম বিজয় শিখাক বিপুল আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.