ETV Bharat / bharat

ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ কাৰ্যালয় স্থাপনৰ আহ্বান

author img

By

Published : Jul 13, 2021, 1:08 PM IST

ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ সৈতে হোৱা বৈঠকৰ পাছত ত্ৰিপুৰা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, য'ত গুৰুত্বপূৰ্ণ পৰ্যটন স্থলীৰ সংখ্যা অধিক তাত পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় থকা উচিত । পূৰ্বেও কাৰ্যালয় স্থাপনৰ দাবী উত্থাপন কৰি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও সেয়া অথলে গ'ল । এইবাৰ পুনৰ এই দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

Biplab Kumar Deb placed a demand for an Archaeological Survey of India branch office in Tripura
ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় স্থাপনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১৩ জুলাই : শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb) কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল(Arjun Ram Meghwal) ৰ সৈতে আলোচনাত মিলিত হয় । এই বৈঠকৰ পাছতে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, তেওঁ আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ শাখা(Archaeological Survey of India) কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মতে, ত্ৰিপুৰাত গুৰুত্বপূৰ্ণ আঠটা পুৰাতাত্ত্বিক স্থানৰ ভিতৰত সাতটা স্থান আছে । তথাপিও কাৰ্যালয়টো মিজোৰামতহে অৱস্থিত ৷

মুখ্যমন্ত্ৰী দেৱে কয় যে, কেন্দ্ৰীয় চৰকাৰে এনে এটা কাৰ্যালয় স্থাপনৰ ব্যৱস্থা কৰা উচিত য'ত পৰ্যটনস্থলীৰ সংখ্যা অধিক । তেওঁ পূৰ্বেও এখন পত্ৰৰ জৰিয়তে ত্ৰিপুৰাত পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় স্থাপনৰ দাবী জনাইছিল । এতিয়া পুনৰ এই দাবীসমূহেই উত্থাপন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । অতি সোনকালেই এই দাবী পূৰণ হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

উনাকোটিৰ উদাহৰণ দি মুখ্যমন্ত্ৰী দেৱে কয়, উনাকোটি হৈছে অতি গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী ।

সমগ্ৰ বিশ্বৰ পৰ্যটকে উনাকোটিৰ বিষয়ে জানিবলৈ কৌতুহলী আৰু ঠাইখন পৰিদৰ্শন কৰিব বিচাৰে । এই কৌতুহলৰ বাবে উনাকোটিলৈ বহু লোকৰ আগমন ঘটে । তেওঁ লগতে কয় যে, এতিয়া উনাকোটিৰ উন্নয়ন সাধনৰ কৰাৰ ক্ষমতাত ত্ৰিপুৰাৰ হাতত নাই ।

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় স্থাপন হ'লে বিভিন্ন পৰিকল্পনা ৰূপায়ণ কৰা আৰু বিকাশৰ ক্ষেত্ৰত কাম কৰাতো সম্ভৱপৰ হৈ উঠিব । ইয়াৰোপৰি নীৰমহল, চাবিমুৰাৰ পৰা মাতাবাৰীলৈকে কেইবাটাও উন্নয়নমূলক প্ৰকল্প লোৱা হৈছে । প্ৰসাদ আঁচনিৰ অধীনত মাতাবাৰীৰ সামগ্ৰিক ৰূপৰেখাৰ বাবে ৩৫ কোটি টকা ধাৰ্য কৰা হৈছে । দেৱে লগতে কয় যে, তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যটন স্থলীৰ বিষয়ে কথা পাতিছে ।

তেওঁ ব্যক্তিগতভাৱে মন্ত্ৰীগৰাকীক মাতাবাৰী, চাবিমুৰা আৰু পিলাক পুৰাতাত্ত্বিক স্থানলৈ বিকাশিত কৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা কেইবাটাও প্ৰকল্পৰ বিষয়ে অৱগত কৰিছে বুলি জানিবলৈ দিছে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বিষয়েও অৱগত কৰে । ত্ৰিপুৰাত এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিলে ই কেৱল ৰাজ্যখনকে লাভান্বিত নকৰে ৷ ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে নিজৰ সংস্কৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব ৷

লগতে পঢ়ক: হিমাচলৰ ধৰ্মশালাত বানৰ প্ৰলয়ংকাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.