বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কংগ্ৰেছ নেতৃত্বৰ

author img

By

Published : Sep 19, 2022, 1:14 PM IST

bihar-congress-incharge-bhakta-charan-das-met-cm-nitish-kumar

বিহাৰ কংগ্ৰেছৰ দায়িত্বত থকা ভকত চৰণ দাসৰ নেতৃত্বত এটা প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Bihar CM Nitish Kumar) সৈতে ১ আনে মাৰ্গৰ 'সংকল্প' ভৱনত এক সৌজন্যমূলক সাক্ষাৎ কৰে (delegation of congress met Nitish Kumar) ।

নেচনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : বিহাৰ কংগ্ৰেছৰ দায়িত্বত থকা ভকত চৰণ দাসৰ নেতৃত্বত এটা প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Bihar CM Nitish Kumar) সৈতে ১ আনে মাৰ্গৰ 'সংকল্প' ভৱনত এক সৌজন্যমূলক সাক্ষাৎ কৰে (delegation of congress met Nitish Kumar) । তেওঁলোকে ভাৰত জোড়ো আন্দোলন সন্দৰ্ভত সাক্ষাৎ কৰে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক ৷

প্ৰতিনিধি দলটোত বিহাৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মদন মোহন ঝা, পঞ্চায়তীৰাজ মন্ত্ৰী মুৰাৰী প্ৰসাদ গৌতম, পশু আৰু মীন সম্পদ মন্ত্ৰী মো আফাক আলম, প্ৰাক্তন সাংসদ প্ৰদীপ তামতা, সন্দীপ শৰ্মা আৰু ড৹ নৰেশ কুমাৰক সাক্ষাৎ কৰে ।

কংগ্ৰেছ নেতৃত্বৰ বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ
কংগ্ৰেছ নেতৃত্বৰ বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ ছুপ্ৰিমো লালু প্ৰসাদ যাদৱকো সাক্ষাৎ কৰে (Congress leaders met Lalu Yadav) । ইয়াৰ বাবে কংগ্ৰেছ নেতাসকল প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীৰ চৰকাৰী বাসভৱনত উপস্থিত হয় (former Chief Minister Rabri Devi) ।

এই সময়ছোৱাত উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱো তাত উপস্থিত আছিল (Deputy CM Tejashwi Yadav) । আনহাতে, কংগ্ৰেছ নেতা ভক্ত চৰণ দাসে তেজস্বী যাদৱকো ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় (Rahul Gandhi Bharat Jodo Yatra) ।

উল্লেখ্য, বৰ্তমান ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা চলি আছে । এনে পৰিস্থিতিত বিহাৰৰ কংগ্ৰেছ নেতাসকলে বিজেপি বিৰোধী দলসমূহক একত্ৰিত কৰি আছে । সাংসদ ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ যাত্ৰা কৰি আছে (Rahul Gandhi journey from Kanyakumari to Kashmir) ।

এই যাত্ৰা প্ৰায় ১৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা । বৰ্তমান এই যাত্ৰা ১৮ দিনৰ বাবে কেৰালা ৰাজ্যজুৰি চলি আছে আৰু তাৰ পিছত এই যাত্ৰা গৈ ৩০ ছেপ্টেম্বৰত কৰ্ণাটক পাব । আনহাতে, উত্তৰ ভাৰতলৈ যাত্ৰাৰ পূৰ্বে এই যাত্ৰা কৰ্ণাটকত ২১ দিন থাকিব (Rahul Gandhi walking 3500 km journey) ।

উল্লেখ্য, গান্ধী পৰিয়ালৰ অনুগত তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটে কয়, "অৱশ্যে এটা কথা স্পষ্ট যে চলিত ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra of congress) প্ৰতি জনসাধাৰণৰ সঁহাৰিয়ে দেখুৱাইছে যে ৰাহুল গান্ধী কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধীদলৰ নেতা ।"

লগতে পঢ়ক :চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ দুই অভিযুক্তক আটক চিমলা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.