চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ দুই অভিযুক্তক আটক চিমলা আৰক্ষীৰ

author img

By

Published : Sep 19, 2022, 8:52 AM IST

Updated : Sep 19, 2022, 2:05 PM IST

chandigarh-university-case mohali university viral video

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ' ভাইৰেল গোচৰৰ সন্দৰ্ভত চিমলা আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে (2 arrested of Chandigarh University video leak case)৷

নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ’ ভাইৰেল গোচৰৰ সন্দৰ্ভত চিমলা আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে (2 arrested of Chandigarh University video leak case)৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলৰ বাথৰূমৰ ভিতৰৰ পৰা ভিডিঅ' বনোৱাৰ সময়ত এগৰাকী ছাত্ৰী হাতে-লোটে ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল (Chandigarh University viral video) ৷

ছাত্ৰীগৰাকীয়ে কেবাদিনো ধৰি হোষ্টেলৰ বাথৰূমৰ ভিতৰত স্নান কৰি থকা সহপাঠীৰ ভিডিঅ' ৰেকৰ্ড কৰি চিমলাৰ এগৰাকী বন্ধুলৈ প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে (Video viral on social media)৷

এই ঘটনাৰ পিছতে হোষ্টেলৰ চৌহদত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল (Ruckus in Chandigarh university) ৷ ছাত্ৰীসকলে নিশাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ আনকি বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰীয়ে আত্মহননৰো চেষ্টা চলোৱা বুলিও প্ৰচাৰ হৈছিল (Student attempt to suicide)৷

এই ঘটনা সংঘটিত হোৱাৰ পিছতে বিশ্ববিদ্যালয়খনৰ শ শ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ এই সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হৈছিল ৷ এই এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে অভিযুক্ত ছাত্ৰীগৰাকীক আটক কৰি ( Chandigarh university student arrested) মোবাইল ফোন তথা ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰে ৷

তাৰ পিছতেই দেওবাৰে সন্ধিয়া চিমলা আৰক্ষীয়ে ধৃত ছাত্ৰীগৰাকীৰ প্ৰেমিকৰ লগত নিশাৰ ভিতৰতে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক আটক কৰে ৷ অভিযুক্ত দুটা ছানী মেহতা আৰু ৰংকাজ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পিছতে হিমাচল আৰক্ষীৰ জিম্মাৰ পৰা পঞ্জাৱ আৰক্ষীৰ দলে দুয়োটা অভিযুক্তক নিজৰ জিম্মাত লয় ৷

উল্লেখ্য যে ছানী মেহতা হৈছে অভিযুক্ত ছাত্ৰীগৰাকী প্ৰেমিক ৷ ছানী চিমলাৰ ৰোহৰুৰ বাসিন্দা ৷ 23 বছৰীয়া ছানীয়ে ভায়েকৰ সৈতে ৰোহৰুৰ এটা বিস্কুট আৰু কেক নিৰ্মাণ কাৰখানাত কাম কৰে ৷ আনহাতে 31 বছৰীয়া ৰংকাজ বাৰ্মা চিমলাৰ থিঅ’গৰ বাসিন্দা ৷ এটা ভ্ৰমণ সংস্থাত কৰ্মৰত ৰংকাজ ৷

এই ঘটনা সন্দৰ্ভত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাটোক অতি দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিয়ে ৷ এই ঘটনাৰ সন্দৰ্ভত ঘটনাৰ তদন্ত কৰিবলৈ পঞ্জাৱ আৰক্ষীয়ে হিমাচল আৰক্ষীৰ পৰা সহযোগিতা বিচাৰিছিল বুলিও সদৰী কৰে (Himachal pradesh CM) কঠোৰ নিৰ্দেশনা দিছে ৷

ৰাজ্যিক আৰক্ষীয়ে এই ক্ষেত্ৰত পঞ্জাৱ আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব বুলি আশ্বাস দিয়াৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইফালে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয় যে ছাত্ৰীয়ে সহপাঠীৰ আপত্তিজনক ভিডিঅ' শ্বুটিং কৰাৰ কথা সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন ৷

বিবৃতিত উল্লেখ থকা অনুসৰি, কোনো ছাত্ৰীৰ কোনোধৰণৰ আপত্তিজনক ভিডিঅ' পোৱা নাই ৷ কেৱল ছাত্ৰীগৰাকীয়ে প্ৰেমিকৰ লগত শ্বেয়াৰ কৰা ব্যক্তিগত ভিডিঅ'ৰ বাহিৰে কোনোধৰণৰ ভিডিঅ’ পোৱা হোৱা নাই ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলি উৰাবাতৰি ওলাইছে বুলি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ অভিযুক্তক আটক কৰিলে চিমলা আৰক্ষীয়ে

Last Updated :Sep 19, 2022, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.