ETV Bharat / bharat

মৃতদেহ কঢ়িওৱা বাহনৰ সৈতে ফটো উঠি সমালোচিত বিজেপি নেতা

author img

By

Published : Apr 20, 2021, 2:13 PM IST

মধ্য প্ৰদেশৰ ভূপালত বৰ্ধিত ক'ভিড সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । মহামাৰীৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখা বৃদ্ধি হোৱাৰ বাবে মৃতদেহ শ্মশানলৈ নিয়াৰ বাবে ব্যৱহৃত বাহনৰো অভাৱ হৈছে । শেহতীয়াকৈ শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া ৭ খন বাহনৰ সেৱা উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি আলোক শৰ্মাই । কিন্তু বাহনকেইখনৰ সৈতে তেওঁ ফটো উঠাক লৈ এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

মৃতদেহ কঢ়িওৱা বাহনৰ সৈতে ফটো উঠি সমালোচিত ভূপালৰ বিজেপি নেতা
মৃতদেহ কঢ়িওৱা বাহনৰ সৈতে ফটো উঠি সমালোচিত ভূপালৰ বিজেপি নেতা

নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল: শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া নতুন বাহন উদ্বোধনৰ সময়ত ফটো উঠি সমালোচিত হ'ল মধ্য প্ৰদেশৰ ভূপালৰ এগৰাকী বিজেপি নেতা । দৰাচলতে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি আলোক শৰ্মাই ভূপালৰ বিভিন্ন চিকিৎসালয়ৰ বাবে শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া ৭ খন বাহনৰ সেৱা উদ্বোধন কৰে । ইয়াৰ পিছতে নতুন বাহনখন আৰু আন কৰ্মীসকলক লগত লৈ ফটো উঠিছিল শৰ্মাই আৰু ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

মৃতদেহ কঢ়িয়াই নিয়া বাহনৰ সৈতে ফটো উঠাক লৈ বিজেপি নেতাগৰাকী তথা দলটোক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ সংবাদ সমন্বয়ক নৰেন্দ্ৰ ছালুজাই । তেওঁ কটাক্ষ কৰি কয় যে, বিজেপি নেতাসকলে কেৱল "ফটো উঠাৰ সুযোগ" বিচাৰি থাকে । তেওঁ লগতে ইন্দোৰৰ এক ঘটনাৰ বিষয়েও অৱতাৰণ কৰে ।

ইন্দোৰত অক্সিজেন টেংকাৰৰ সৈতে ফটো তুলিছিল কেইগৰাকীমান বিজেপি নেতাই । ইফালে, বৰ্ধিত ক'ভিড সংক্ৰমণে ভূপালত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰোগীৰ বাবে চিকিৎসালয়ত ঠাই নোহোৱা হৈছে । উপযুক্ত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱাইছে বহু লোকে । ক্ৰমান্বয়ে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ।

মৃতদেহ শ্মশানলৈ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহৃত বাহনৰো অভাৱ হৈছে ভূপালত । ফলত মৃতকৰ শেষকৃত্য সম্পন্ন কৰাত পলম হৈছে । পৰিয়ালৰ সদস্যসকলে অন্তিম সংস্কাৰ কৰিবলৈ ১০-১২ ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলৈ বাধ্য হৈছে । সেয়ে, শেহতীয়াকৈ শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া ৭ খন বাহন আগবঢ়োৱা হৈছে বিভিন্ন চিকিৎসালয়লৈ ।

লগতে পঢ়ক:ৰে'লৰ সন্মুখত জাপ দি শিশুৰ প্ৰাণ ৰক্ষা ৰে'লৱে কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.