ETV Bharat / bharat

পিয়াঁজৰ নাটনি কিয় ?

author img

By

Published : Dec 5, 2019, 8:46 PM IST

Updated : Dec 6, 2019, 11:49 AM IST

পিয়াঁজৰ মূল্যবৃদ্ধিয়ে চকুপানী টোকাইছে ৰাইজক ৷ প্ৰতিটো কিলোগ্ৰাম পিয়াঁজৰ মূল্যৰ দৰ 100 টকা অতিক্ৰম কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে দেশৰ জনতা ৷ এই সমস্যা সমগ্ৰ দেশৰ লগতে প্ৰতিৱেশী ৰাষ্ট্ৰসমূহতো পৰিলক্ষিত হৈছে ৷

onion price hike
পিয়াঁজ সংকট কিয়?

পিয়াঁজৰ মূল্যবৃদ্ধিয়ে চকুপানী টোকাইছে ৰাইজক ৷
প্ৰতিটো কিলোগ্ৰাম পিয়াঁজৰ মূল্যৰ দৰ 100 টকা অতিক্ৰম কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে দেশৰ জনতা ৷
এই সমস্যা সমগ্ৰ দেশৰ লগতে প্ৰতিৱেশী ৰাষ্ট্ৰসমূহতো পৰিলক্ষিত হৈছে ৷

Why Onion Crisis?
পিয়াঁজ সংকট কিয়?

এতিয়া প্ৰশ্নৰ উদয় হয়
কিয় এই সংকটে দেখা দিছে? কিয় পিয়াঁজৰ মূল্যবৃদ্ধিয়ে ভয়-ভীত কৰিছে ৰাইজক? এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে?

ভাৰতত পিয়াঁজ উৎপাদনৰ এক চমু বৃতান্ত

* ভাৰতৰ 1.2 মিলিয়ন হেক্টৰ কৃষিভূমিত পিয়াঁজৰ উৎপাদন কৰা হয় ৷

Why Onion Crisis?
পিয়াঁজ সংকট কিয়?
* দেশত পিয়াঁজ উৎপাদিত প্ৰতি হেক্টৰ কৃষিভূমিত প্ৰতিবছৰে গড়ে 16 টনকৈ সৰ্বমুঠ 19.40 মিলিয়ন টন পিয়াঁজ উৎপাদন কৰা হয় ৷

দেশৰ মুখ্য পিয়াঁজ উৎপাদনকাৰী ৰাজ্যসমূহ হৈছে- মহাৰাষ্ট্ৰ,কৰ্ণাটক,মধ্যপ্ৰদেশ,গুজৰাট,ৰাজস্থান আৰু তেলেংগানা ৷

মহাৰাষ্ট্ৰত 76,279 হেক্টৰ কৃষিভূমিত খাৰিফ কৃষিকালত পিয়াঁজৰ বীজ ৰোপণ কৰা হৈছিল ৷ য'ত কাৰ্নোলৰ বজাৰত সোমবাৰে প্ৰতি কুইণ্টল পিয়াঁজৰ মূল্য আছিল 10,150 টকা ৷

Why Onion Crisis?
পিয়াঁজ সংকট কিয়?

কিয় এই সমস্যাৰ উদ্ভৱ?
কাৰণ পিয়াঁজ উৎপাদনকাৰী ৰাজ্যসমূহে চলিত বৰ্ষত প্ৰৱল বৃষ্টিপাতৰ সন্মুখীন হৈছে ৷
নিয়মিত বৰষুণৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰত একাধিক বাৰ অত্যাধিক বৰষুণ হয় ৷ ইয়াৰ পৰিৱৰ্তে গুজৰাটত দুবাৰকৈ অত্যাধিক বৃষ্টিপাতৰ লগতে মধ্যপ্ৰদেশ আৰু গুজৰাটত 70 শতাংশ আৰু তেলেংগানাত 65 শতাংশ অধিক বৃষ্টিপাত হয় ৷

ইয়াৰ ফলত ফচলৰ ব্যাপক ক্ষতিসাধন হয় ৷ মহাৰাষ্ট্ৰত ব্যাপক বৃষ্টিপাতৰ ফলত কৃষকসকলে বিভিন্ন স্থানত দুবাৰকৈ পিয়াঁজৰ বীজ ৰোপণ কৰে ৷ অৱশ্যে সেই কৃষিভূমি সমূহত ফচলৰ কোনো বিশেষ উৎপাদন পৰিলক্ষিত নহ'ল ৷

সাধাৰণতে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা বজাৰত উৎপাদিত পিয়াঁজ উপলব্ধ হ'ব লাগিছিল, কিন্ত কাৰ্যত আজিও পিয়াঁজসমূহ খেতিপথাৰতে পৰি থাকিল ৷

একেসময়তে অত্যাধিক চাহিদাৰ বাবে পিয়াঁজৰ মূল্যও উৰ্দ্ধগামী হ'ল ৷

এইক্ষেত্ৰত কি আছিল চৰকাৰৰ পদক্ষেপ?
নৱেম্বৰৰ প্ৰথম সপ্তাহলৈকে ভাৰতে 3,467 টকা মূল্যৰ পিয়াঁজ ৰপ্তানি কৰিছে ৷

এই সংকটৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ যোগান নিশ্চিত কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে জানুৱাৰীৰ পৰা ৰপ্তানি প্ৰত্যাহাৰ কৰিছে ৷ যাৰ ফলত ভাৰতৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল দেশসমূহ সমস্যাৰ সন্মুখীন হৈছে ৷ বৰ্তমান ৰপ্তানিৰ পৰিৱৰ্তে আমাৰ দেশে লাখ টন পিয়াঁজ আফগানিস্থান, তুৰ্কী,ইৰাণ আৰু ইজিপ্তৰ পৰা আমদানিও কৰিছে ৷

Why Onion Crisis?
পিয়াঁজ সংকট কিয়?

ইফালে চুবুৰীয়া ৰাষ্ট্ৰসমূহতো পিয়াঁজৰ মূল্য মন কৰিবলগীয়া-
বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশত পিয়াঁজৰ ফচল উৎপাদনত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত দেশখনত পিয়াঁজৰ মূল্য প্ৰতি কিলোগ্ৰামত 30 টাকা, অৰ্থাৎ ভাৰতীয় মূল্যৰ হিচাবত 25 টকাৰ পৰা 260 টাকা অৰ্থাৎ 218 টকালৈ বৃদ্ধি পাইছে ৷

অনুৰূপভাৱে ম্যানমাৰতো 1.6 কিলোগ্ৰাম পিয়াঁজৰ দাম যোৱাবৰ্ষৰ 450 কেটৰ পৰা এইবৰ্ষত 850 কেটলৈ বৃদ্ধি পায় ৷ ম্যানমাৰৰ এক কেটৰ মূল্য ভাৰতীয় হিচাবত 0.47 টকা ৷

সমান্তৰালভাৱে নেপালত 1 কিলোগ্ৰাম পিয়াঁজৰ মূল্য নৱেম্বৰৰ 100 নেপালী ৰূপীৰ বিপৰীতে 150 নেপালী ৰূপীলৈ বৃদ্ধি পাইছে ৷ যাৰ ফলত নেপাল-ভাৰত সীমান্তৰ বিহাৰত ফচলৰ চোৰাং ব্যৱসায়ী সংঘটিত হৈ আহিছে ৷ উল্লেখ্য যে এক নেপালী ৰূপীৰ ভাৰতীয় মুদ্ৰা মূল্য হৈছে 0.62 টকা ৷

একেদৰে পাকিস্তানত 1 কিলো পিয়াঁজৰ মূল্য হৈছে 70 পাকিস্তানী ৰূপী ৷ আনহাতে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হৈছে দেশখনৰ চৰকাৰ ৷ 1 ইউনিট পাকিস্তানী ৰূপীৰ ভাৰতীয় মুদ্ৰা মূল্য হৈছে 0.46 টকা ৷

ইফালে শ্ৰীলংকাত যোৱাবৰ্ষত প্ৰতি কিলো পিয়াঁজৰ মূল্য 95 শ্ৰীলংকা ৰূপী থকাৰ বিপৰীতে বৰ্তমান 158 টকালৈ বৃদ্ধি পাইছে ৷ যাৰ ভাৰতীয় মূল্য 62 টকা ৷

উপভোগৰ ফালৰ পৰা চাব গ'লে-

ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে গড়ে 19 কিলোগ্ৰাম পিয়াঁজ উপভোগ কৰে ৷

আৰু পঢ়ক মই বেছি পিয়াজ বা নহৰু নাখাও: নিৰ্মলা সীতাৰমণ

Intro:Body:

onion price hike


Conclusion:
Last Updated : Dec 6, 2019, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.