ETV Bharat / bharat

আমেৰিকান সেনাৰ বাদ্যযন্ত্ৰত "জন-গণ-মন"

author img

By

Published : Sep 19, 2019, 5:01 PM IST

আমেৰিকান সেনাৰ বাদ্যযন্ত্ৰত "জন-গণ-মন"

ভাৰত-আমেৰিকাৰ সেনাৰ মাজত চলি থকা দ্বিপাক্ষিক সৈন্য অনুশীলন "যুদ্ধাভ্যাস 19"ৰ মাজতে আমেৰিকান সেনাই পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকান সেনাৰ মিলিটাৰী বেণ্ডে সুন্দৰৰূপত পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ বিশ্বৰ অন্যতম মহাশক্তি হিচাপে পৰিগণিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকৰ বাদ্যযন্ত্ৰত প্ৰাণ পাই উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকান সৈনিকে পৰিৱেশন কৰা ৰাষ্ট্ৰীয় সংগীতৰ লয়ে প্ৰতিগৰাকী ভাৰতীয়ৰে মন-প্ৰাণ চুই যাবলৈ সক্ষম হৈছে ৷

অধিক পঢ়কঃ ভাৰতীয় আৰু আমেৰিকান সেনাৰ মাজৰ যুদ্ধাভ্যাস 19

ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ মাজত চলি থকা দ্বিপাক্ষিক সামৰিক অনুশীলন "যুদ্ধাভ্যাস 19"ৰ সময়তে এইদৰে আমেৰিকান সেনাই পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকাৰ ৱাশ্বিংটনৰ জেবিএলএমত চলিত মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হয় এই দ্বিপাক্ষিক সৈন্য অনুশীলন ৷ ভাৰতীয় সেনাৰ হৈ আছাম ৰেজিমেন্টৰ লগতে আমেৰিকান সেনাৰ ইনফেন্ট্ৰি বেটালিয়নৰ 20-25টা কোম্পানীয়ে এই অনুশীলনত অংশগ্ৰহণ কৰে ৷ এই অনুশীলনৰ সময়তে ভাৰতীয় সেনাৰ সৈতে বহুকেইটা উন্নত মাৰণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰে আমেৰিকাৰ সেনাই ৷ কিছুদিন পূৰ্বে আমেৰিকান সেনাই আছাম ৰেজিমেন্টৰ ৰেজিমেন্টেল সংগীত, "বদলুৰাম কা বদন" পৰিৱেশন কৰাৰ ভিডিঅ'ই সমগ্ৰ বিশ্বতে বহুল চৰ্চা লাভ কৰিছিল ৷ আনহাতে এই দ্বিপাক্ষিক অনুশীলনৰ সমাপ্তিৰ দিনটোতে আমেৰিকান সেনাৰ মিলিটাৰী বেণ্ডে পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকান সেনাৰ বেণ্ডে পৰিৱেশন কৰা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিয়ে প্ৰতিগৰাকীকে ভাৰতীয়ৰে হৃদয় গৌৰৱেৰে চুই যাবলৈ সক্ষম হয় ৷

আমেৰিকান সৈনিকৰ ছন্দত প্ৰাণ পাই উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

উল্লেখ্য যে, ভাৰত-আমেৰিকাৰ সেনাৰ এই যুটীয়া সৈন্য অনুশীলনত আমেৰিকান সেনাত কৰ্মৰত বহুকেইগৰাকী ভাৰতীয় মূলৰ সৈনিকে অংশগ্ৰহণ কৰে ৷ ইয়াৰ ভিতৰত ৰাহুল দত্ত, বিবেক জাচৰা আৰু ষ্টাফ চাৰ্জেন্ট ৰণবীৰ কৌৰ উল্লেখনীয় ৷ ৰাহুল দত্ত আৰু বিবেক জাচৰাই 2017 চনত আমেৰিকান সেনাত যোগদান কৰাৰ লগতে ষ্টাফ চাৰ্জেন্ট ৰণবীৰ কৌৰে 2003 চনত আমেৰিকান সেনাত যোগদান কৰিছিল ৷ ৰণবীৰ কৌৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় মূলৰ শিখ মহিলা যিয়ে 17 বছৰ বয়সতে আমেৰিকান সেনাবাহিনীত যোগদান কৰিবলৈ সক্ষম হয় ৷

Intro:Body:

আমেৰিকান সেনাৰ বাদ্যযন্ত্ৰত "জন-গণ-মন" 



ভাৰত-আমেৰিকাৰ সেনাৰ মাজত চলি থকা দ্বিপাক্ষিক সৈন্য অনুশীলন "যুদ্ধাভ্যাস 19"ৰ মাজতে আমেৰিকান সেনাই পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকান সেনাৰ মিলিটাৰী বেণ্ডে সুন্দৰৰূপত পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ 



নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ বিশ্বৰ অন্যতম মহাশক্তি হিচাপে পৰিগনিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকৰ বাদ্যযন্ত্ৰত প্ৰাণ পাই উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকান সৈনিকে পৰিৱেশন কৰা ৰাষ্ট্ৰীয় সংগীতৰ লয়ে প্ৰতিগৰাকী ভাৰতীয়ৰে মন-প্ৰাণ চুই যাবলৈ সক্ষম হৈছে ৷ 



ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ মাজত চলি থকা দ্বিপাক্ষিক সামৰিক অনুশীলন "যুদ্ধাভ্যাস 19"ৰ সময়তে এইদৰে আমেৰিকান সেনাই পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকাৰ ৱাশ্বিংটনৰ জেবিএলএমত চলিত মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হয় এই দ্বিপাক্ষিক সৈন্য অনুশীলন ৷ ভাৰতীয় সেনাৰ হৈ আছাম ৰেজিমেন্টৰ লগতে আমেৰিকান সেনাৰ ইনফেন্ট্ৰি বেটালিয়নৰ 20-25টা কোম্পানীয়ে এই অনুশীলনত অংশগ্ৰহণ কৰে ৷ এই অনুশীলনৰ সময়তে ভাৰতীয় সেনাৰ সৈতে বহুকেইটা উন্নত মাৰনাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰে আমেৰিকাৰ সেনাই ৷ কিছুদিন পূৰ্বেই আমেৰিকান সেনাই আছাম ৰেজিমেন্টৰ ৰেজিমেন্টেল সংগীত, "বদলুৰাম কা বদন" পৰিৱেশন কৰাৰ ভিডিঅ'ই সমগ্ৰ বিশ্বতে বহুল চৰ্চা লাভ কৰিছিল ৷ আনহাতে এই দ্বিপাক্ষিক অনুশীলনৰ সমাপ্তিৰ দিনটোতে আমেৰিকান সেনাৰ মিলিটাৰী বেণ্ডে পৰিৱেশন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷ আমেৰিকান সেনাৰ বেণ্ডে পৰিৱেশন কৰা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিয়ে প্ৰতিগৰাকীকে ভাৰতীয়ৰে হৃদয় গৌৰৱেৰে চুই যাবলৈ সক্ষম হয় ৷ 



উল্লেখ্য যে, ভাৰত-আমেৰিকাৰ সেনাৰ এই যুটীয়া সৈন্য অনুশীলনত আমেৰিকান সেনাত কৰ্মৰত বহুকেইগৰাকী ভাৰতীয় মুলৰ সৈনিকে অংশগ্ৰহণ কৰে ৷ ইয়াৰ ভিতৰত ৰাহুল দত্ত, বিবেক জাচৰা আৰু ষ্টাফ চাৰ্জেন্ট ৰনবীৰ কৌৰ উল্লেখনীয় ৷ ৰাহুল দত্ত আৰু বিবেক জাচৰাই 2017 চনত আমেৰিকান সেনাত যোগদান কৰাৰ লগতে ষ্টাফ চাৰ্জেন্ট ৰনবীৰ কৌৰে 2003 চনত আমেৰিকান সেনাত যোগদান কৰিছিল ৷ ৰনবীৰ কৌৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় মুলৰ শিখ মহিলা যিয়ে 17 বছৰ বয়সতে আমেৰিকান সেনাবাহিনীত যোগদান কৰিবলৈ সক্ষম হয় ৷


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.