ETV Bharat / bharat

শীৰ্ষ আঞ্চলিক-বিশ্বব্যাপী শক্তি ৰূপে ভাৰতক আদৰণি জনালে আমেৰিকাই

author img

By

Published : Oct 26, 2020, 1:49 PM IST

ভাৰত-আমেৰিকাৰ মাজত হ'বলগীয়া '2+2 মন্ত্ৰীস্তৰীয় সংবাদ' শীৰ্ষক বৈঠকত অংশ ল'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এছ্পাৰে । বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে আলোচনা কৰিব এছ্পাৰ আৰু পম্পিঅ'ই । 2021 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্যকালৰ সময়ত ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আমেৰিকাই ।

শীৰ্ষ আঞ্চলিক-বিশ্বব্যাপী শক্তি ৰূপে ভাৰতক আদৰণি জনালে আমেৰিকাই
শীৰ্ষ আঞ্চলিক-বিশ্বব্যাপী শক্তি ৰূপে ভাৰতক আদৰণি জনালে আমেৰিকাই

নিউজ ডেস্ক, 26 অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰই শীৰ্ষ আঞ্চলিক আৰু বিশ্বব্যাপী শক্তিৰূপে ভাৰতক উষ্ম আদৰণি জনাইছে । 2021ৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া UNSC কাৰ্যকালৰ সময়ত ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আমেৰিকাই । নতুন দিল্লীত আমেৰিকাৰ বিদেশ বিভাগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে । তৃতীয় '2+2 মন্ত্ৰীস্তৰীয় সংবাদ' শীৰ্ষক বৈঠকৰ পূ্ৰ্বে এক তথ্যপত্ৰযোগে এই কথা কোৱা হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এছ্পাৰে '2+2 মন্ত্ৰীস্তৰীয় সংবাদ' শীৰ্ষক বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে আলোচনাত কৰিব । মাইক পম্পিঅ' আৰু মাৰ্ক এছ্পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব ৷ আমেৰিকা আৰু ভাৰতৰ গ্ল'বেল ৰণকৌশল সম্বন্ধে অন্যান্য চৰকাৰী বিষয়া তথা ব্যৱসায়ীৰে আলোচনা কৰিব ।

এক তথ্যপত্ৰযোগে বিদেশ বিভাগে কয় যে, দুয়ো দেশৰ মাজত স্বতন্ত্ৰ, প্ৰতিশ্ৰুতিবদ্ধ আৰু শক্তিশালী দ্বিপাক্ষিক সম্বন্ধ আছে । পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি গণতন্ত্ৰ ৰূপে আমেৰিকা আৰু ভাৰতে গভীৰভাৱে গণতান্ত্ৰিক পৰম্পৰাৰ আনন্দ লাভ কৰিছে । স্বাস্থ্য,আন্তঃগাঁঠনি উন্নয়ন,শক্তি,বিজ্ঞান,মহাকাশ,বিমান আদিৰ প্ৰসাৰৰ ক্ষেত্ৰত আমেৰিকাই সহযোগিতা আগবঢ়াইছে । মাত্ৰ দুবছৰৰ ভিতৰত তৃতীয় '2+2 মন্ত্ৰীস্তৰীয় সংবাদ' অনুষ্ঠিত কৰাটোৱে উচ্চস্তৰীয় প্ৰতিশ্ৰুতিবদ্ধতাৰ ইংগিত বহন কৰে । ৰাজনৈতিক আৰু সুৰক্ষা এই বুজাবুজিৰ অন্যতম উদ্দেশ্য । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে চলিত বছৰৰ আৰম্ভণিতে ভাৰতলৈ আহিছিল ৷ আহমেদাবাদত ১,০০০০০ৰো অধিক লোকৰে বাৰ্তালাপ কৰিছে । ট্ৰাম্পৰ শাসন কালত মাইক পম্পিঅ'ই ৪ বাৰ ভাৰত ভ্ৰমণ কৰিছে ।

বিদেশ বিভাগৰ মতে, ভাৰত,জাপান,অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ মাজত শেহতীয়াকৈ টকিঅ'ত পম্পিঅ'ই অংশ লোৱা বৈঠকে ইণ্ডো-পেচিফিক দেশৰ মাজৰ একতা বৃদ্ধিত সুফল দেখুৱাইছে । বৃহৎ অৰ্থব্যৱস্থাৰ সৈতে ভাৰত উদ্যমী,উৎপাদনৰ ক্ষেত্ৰত আগবঢ়া,আন্তঃৰাষ্ট্ৰীয় বাণিজ্যতো দখল আছে আৰু বিশ্বৰ অগ্ৰণী আৰ্থিক শক্তিসমূহৰ ভিতৰত অন্যতম । এই দিশসমূহলৈ লক্ষ্য কৰি দুয়োখন দেশৰ মাজত সেনাৰ সহযোগিতাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ ভিতৰত নৌ-সেনাও আছে । ই ভাৰতৰ স্বাধীনতা অক্ষুণ্ণ ৰখাত সহায়ক হ'ব । 2019 চনত ভাৰত আৰু আমেৰিকাই প্ৰথম বাৰৰ বাবে টাইগাৰ ট্ৰুইম্ফ আয়োজন কৰিছিল ।

এই অনুষ্ঠানত আমেৰিকাৰ নৌ সেনা, মেৰিন 'ৰ, বায়ু সেনা আৰু স্থল সেনাই ভাৰতীয় সেনাৰ সৈতে দ্বিপাক্ষিক অনুশীলন কৰিছিল । ইউ এছ ইণ্ডিয়া ডিফেন্স টেকন'লজিৰ জৰিয়তে আমেৰিকা আৰু ভাৰতে প্ৰতিৰক্ষা উপকৰৰ সহ-উৎপাদন আৰু সহ-বিকাশৰ দিশত একেলগে কাম কৰিব ।

লগতে পঢ়ক:কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ স্পেইনত নৈশ-সান্ধ্য আইন বলৱৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.