ETV Bharat / bharat

কৰ’ণা ভয়াবহতাঃ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যপাল সকলৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি কোবিন্দ

author img

By

Published : Mar 27, 2020, 11:37 AM IST

ইতিমধ্যে দেশত কৰ’ণা কংক্ৰমণে ভয়বহ ৰূপ লোৱা ৰাজ্যকেইখন প্ৰধানকৈ পাঞ্জাৱ, কেৰালা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মাহাৰাষ্ট্ৰৰ ৰাজ্যপালসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই আটাইকেইখন ৰাজ্যতে ভয়াবহ হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷

Unprecedented: Prez to address all Guvs as India goes all out to fight COVID 19
কৰ’ণা ভয়াবহতাঃভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যপাল সকলৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি কোবিন্দ

নেশ্বনেল ডেক্স,27 মাৰ্চঃ দেশত বৃদ্ধিপোৱা কৰ’ণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাবে পুৱা এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে সকলো ৰাজ্যৰে ৰাজ্যপাল আৰু লেফটেনেন্ট গবৰ্ণৰসকলক সম্বোধন কৰিব ৷

উক্ত বৈঠকত উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়েও নিজ বাসগৃহৰ পৰা অংশগ্ৰহণ কৰাৰ সম্ভৱনা আছে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা আহ্বান কৰা এই বৈঠকত ভাৰতীয় ৰেড ক্ৰছ ছ’ছাইটিকে আদি কৰি কেইবাটাও উচ্চ পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠনে অংশগ্ৰহণ কৰিব ৷

ইতিমধ্যে দেশত কৰ’ণা সংক্ৰমণে ভয়বহ ৰূপ লোৱা ৰাজ্যকেইখন প্ৰধানকৈ পাঞ্জাৱ, কেৰালা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মাহাৰাষ্ট্ৰৰ ৰাজ্যপালসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই আটাইকেইখন ৰাজ্যতে ভয়াবহ হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷

উল্লেখ্য যে, ৰাষ্ট্ৰপতি গৰাকী ভাৰতীয় ৰেড ক্ৰছ ছ’ছাইটিৰো সভাপতি ৷ ভাৰতীয় ৰেড ক্ৰছ ছ’ছাইটিৰ 1,100 টা শাখা সমগ্ৰ দেশতে বিস্তৃত হৈ আছে ৷ দেশৰ এই সংকট কালত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কিছু গুৰুত্বপূৰ্ণ উপদেশ প্ৰদান কৰিব ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি উভয়ে ৷

লহতে পঢ়ক-লক ডাউনৰ তৃতীয় দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.