ETV Bharat / bharat

'চৰকাৰৰ মহত্ব প্ৰকাশ কৃষক আৰু দৰিদ্ৰ এই দুই শ্ৰেণীৰ দ্বাৰাই হয়'- নৰেন্দ্ৰ সিং টোমৰ

author img

By

Published : May 16, 2020, 8:06 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰৰম্ভিক গুৰুত্ব সদায় দেশৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকল তথা কৃষকসকল । যি সময়ত লক ডাউন 1.0 ঘোষণা হৈছিল সেই সময়তেই তেখেতে 1 লাখ 70 হাজাৰ কোটি টকাৰ দৰিদ্ৰ কল্যাণ পেকেজ ঘোষণা কৰিছিল । এইবেলি ঘোষণা কৰা পেকেজটোৰ এক বৃহৎ অংশ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ কৃষিখণ্ডত বিনিয়োগৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

union-agriculture-minister-narendra-singh-tomar-special-talks-with-etv-bharat
'চৰকাৰৰ মহত্ব প্ৰকাশ কৃষক আৰু দৰিদ্ৰ এই দুই শ্ৰেণীৰ দ্বাৰাই হয়'- নৰেন্দ্ৰ সিং টোমৰ

নেশ্যনেল ডেক্স,16 মেঃ বিগত 12 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 20 লাখ টকাৰ এটি পেকেজ ঘোষণা কৰে । এই পেকেজটোৰ পৰা কিমান পৰিমাণৰ ধনৰাশি দেশৰ কৃষিখণ্ডত বিনিয়োগ কৰা হ'ব এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিস্তৃতভাৱে ব্যক্ত কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ।

"ইটিভি ভাৰতৰ জৰিয়তে মই সকলো ৰাজ্যকে ক'ব বিচাৰো যে, চৰকাৰৰ মহত্ব প্ৰকাশ কৃষক আৰু দৰিদ্ৰ এই দুই শ্ৰেণীৰ দ্বাৰাই হয় । বাকী সকলো লোকেই চৰকাৰৰ আইনৰহে অন্তৰ্গত । আগতে যি ডিবিটি(ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ)ৰ তীব্ৰ বিৰোধীতা কৰা হৈছিল, সাম্প্ৰতিক সময়ত ই আটাইতকৈ সফল । ইয়াৰ জৰিয়তে ভ্ৰষ্টাচাৰ আৰু দলালি শেষ হৈ গ'ল । 75 হাজাৰ কোটি টকা কৃষক সকলক কেৱল ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ দ্বাৰাই প্ৰদান কৰা হয় ।" এইবুলি মন্তব্য কৰে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ।

ইটিভি ভাৰতৰ সৈতে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ সাক্ষাৎকাৰ

তেখেতে আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰাৰম্ভিক গুৰুত্ব সদায় দেশৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকল তথা কৃষকসকল । যি সময়ত লক ডাউন 1.0 ঘোষণা হৈছিল সেই সময়তেই তেখেতে 1 লাখ 70 হাজাৰ কোটি টকাৰ দৰিদ্ৰ কল্যাণ পেকেজ ঘোষণা কৰিছিল । এইবেলি ঘোষণা কৰা পেকেজটোৰ এক বৃহৎ অংশ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ কৃষিখণ্ডত বিনিয়োগৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ফুড প্ৰছেছিং উদ্যোগৰ বাবে 10 হাজাৰ কোটি, পশু উদ্যোগৰ বাবে 17 হাজাৰ কোটি আৰু মীণ পালনৰ বাবে 20 হাজাৰ কোটি ঘোষণা কৰা হৈছে । শীৰ্ষ আঁচনিসমূহক শাক-পাঁচলিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে । দুগ্ধ উৎপাদক আৰু সহকাৰী সমিতিসমূহক সুতত 4 শতাংশ চাবচিদি প্ৰদানৰ কথা ঘোষণা কৰা হৈছে ।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক এডভাইজৰী প্ৰেৰণ কৰিছিল যে, এপিএম এপৰ জৰিয়তে কৃষকসকলক তিনি মাহৰ ৰেহাই প্ৰদান কৰা হঁওক । এই ৰেহাই পেকেজত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত কৃষি উৎপাদন বৃদ্ধিৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে । কষক সকলৰ ওপৰত কোনোধৰণৰ বাধ্য বাধকতা প্ৰদান কৰা নহঁওক, কৰৰ বোজা প্ৰদান কৰা নহঁওক । ই স্বাধীন ভাৰতৰ সকলোতকৈ ডাঙৰ খোজ । এই খোজৰ অন্তত যিকোনো ৰাজ্যৰ কৃষকে নিজক শষ্য যিকোনো ঠাইতে বিক্ৰী কৰিব পাৰিব ।

লগতে পঢ়ক যে, কিমান নিৰ্ভৰযোগ্য কোৱাৰাইণ্টাইন চেন্টাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্বত থকা এজেঞ্চি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.