ETV Bharat / bharat

অনুচ্ছেদ 370: এবছৰ পাছতো সহজ হোৱা নাই জম্মুৰ পৰিৱেশ

author img

By

Published : Aug 5, 2020, 3:20 PM IST

মোডী চৰকাৰে 5 আগষ্টৰ পদক্ষেপক ন্যায়সংগত বুলি মন্তব্য কৰে ৷ এই দিনটোত এটা মহৎ কাম সফল হৈছিল যিটো বিগত 70 বছৰে আগৰ ব্যক্তিসকলে কৰিব পৰা নাছিল বুলিও মন্তব্য কৰে ৷ আনহাতে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় কনফাৰেন্সৰ অস্থায়ী অধ্যক্ষ শ্বেখ বাশিৰ আহমেদে (provisional president of National Conference) কয় যে, "আমি বিগত 70 বছৰে যিখিনি অৰ্জন কৰিছিলো সেই সকলোখিনি হেৰুৱালো" ৷

revocation of special status
জম্মু কাশ্মীৰ

নিউজ ডেস্ক, 4 আগষ্টঃ 2019 চনৰ 5 আগষ্টত জম্মু কাশ্মীৰৰ পৰিচয় তথা বিশেষ মৰ্যদাক প্ৰত্যাহাৰ কৰি NDA চৰকাৰে দাবী কৰে যে, এই পদক্ষেপৰ পাছতে এই অঞ্চলটোত আৰ্থিক বিকাশ আৰু সমৃদ্ধ হ'ব ৷

যিসকলে অনুচ্ছেদ 370 আৰু 35 A বাতিল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ সমৰ্থন জনাইছিল, এবছৰৰ পাছত সেইসকলেও নিৰাশাজনক পৰিণামৰ বাবে হতাশা ব্যক্ত কৰিছে ৷ মোডী চৰকাৰে যুক্তি দৰ্শাইছিল যে, এই অনুচ্ছেদে জম্মু আৰু কাশ্মীৰৰ অৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷ লগতে লাডাখ আৰু জম্মু কাশ্মীৰক তৎকালীনভাৱে দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰা পদক্ষেপে অঞ্চলটোত শান্তি বাহাল ৰখাত সহায় কৰিব ৷

সদ্যঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত চলিত বিত্তীয় বৰ্ষৰ বাজেট আবন্টনে সকলো স্বচ্ছ কৰি পেলাইছে ৷ 2020-2021 চনৰ মোডী চৰকাৰৰ বাজেটত জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে 30,757 কোটি টকা আবন্টন দিয়াৰ লগতে 5,958 কোটি টকা লাডাখৰ বাবে আবন্টন দিছিল ৷ এই ক্ষেত্ৰত কেবাগৰাকী বিশ্লেষকৰ মত অনুসৰি, কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ বাবে এই আবন্টন অতি ক্ষুদ্ৰ লগতে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এয়া নামমাত্ৰও নহয় ৷ গতিকে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিকাশ তথা অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত অসমৰ্থ কেন্দ্ৰীয় চৰকাৰ ৷ জম্মু অঞ্চলৰ সামগ্ৰিক ধাৰণাটো এনেধৰণৰ যে, উন্নয়নৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বুলি সেই সময়ত চৰকাৰৰ দ্বাৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷

অনুচ্ছেদ 370 আৰু 35 A ফলত এই অঞ্চলটোত আৰ্থিক সংকট বৃদ্ধি পাইছে ৷ বিজেপি চৰকাৰে জম্মুবাসীক কথা দিছিল যে, এই পদক্ষেপে তেওঁলোকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব ৷ কিন্তু বৰ্তমান আমি সম্পূৰ্ণ এখন ওলোটা ছবি দেখিবলৈ পাইছো ৷ অঞ্চলটোত নিবনুৱা সমস্যা বৃদ্ধি পাইছে ৷ এটা উজ্জ্বল ভৱিষ্যতৰ সপোন তেওঁলোকৰ বাবে ভ্ৰম হে মাথো ৷ এজন উঠি অহা যুৱক মহিন্দৰ জিৎ সিঙে ই টিভি ভাৰতক দিয়া তথ্য অনুসৰি, যি সময়ত, চৰকাৰে কেৱল বহিৰাগত সকলক স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি আছে, সেই সময়তে জম্মুৰ প্ৰাথমিক বাসিন্দাসকলৰ পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ৷ পূৰ্ববৰ্তী ৰাজ্যৰ স্থিতি পৰিৱৰ্তন কৰি নিজৰ কথা ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে যিদৰ বিফল হৈছে ইয়াৰ বাবে আঞ্চলিক আৰু স্থানীয় দলসমূহৰ কাৰ্য-কৰ্তাসকলো হিংসাত্মক হৈ পৰিছে ৷

লগতে পঢ়কঃ ভূমি পূজন উপলক্ষে ৰংগোলীৰে অলংকৃত আৰএছএছৰ মুখ্য কাৰ্যালয়

2019 চনৰ 5 আগষ্টত কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ বাবে জম্মু কাশ্মীৰ ধ্বংসৰ গৰাহত ৷ অঞ্চলটোত ক্ৰমান্বয়ে নিবনুৱাৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে বিগত এবছৰে বেপাৰ-বানিজ্য বন্ধ হৈ অহাও পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি তেওঁলোকৰ এই পদক্ষেপে ইয়াৰে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ধ্বংসৰ মুখলৈ ঠেলি দিছে ৷ মোডী চৰকাৰে 5 আগষ্টৰ পদক্ষেপক ন্যায়সংগত বুলি মন্তব্য কৰে ৷ এই দিনটোত এটা মহৎ কাম সফল হৈছিল যিটো বিগত 70 বছৰে আগৰ ব্যক্তিসকলে কৰিব পৰা নাছিল বুলিও মন্তব্য কৰে ৷ আনহাতে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় কনফাৰেন্সৰ অস্থায়ী অধ্যক্ষ শ্বেখ বাশিৰ আহমেদে (provisional president of National Conference) কয় যে, "আমি বিগত 70 বছৰে যিখিনি অৰ্জন কৰিছিলো সেই সকলোখিনি হেৰুৱালো" ৷ ইফালে যিসকলে জম্মু কাশ্মীৰৰ বিশেষ মৰ্যদা প্ৰত্যাহাৰ তথা ৰাষ্ট্ৰীয়তা কাঢ়ি নিয়াৰ পক্ষত সমৰ্থন জনাইছিল তেওঁলোকো আজিৰ তাৰিখত হতাশাগ্ৰস্ত ৷

"আমি ভাৰত চৰকাৰৰ 5 আগষ্টৰ এই পদক্ষেপটো উদযাপন কৰিছিলো কাৰণ আমি আশা কৰিছো যে, এই সংশোধনীৰ পাছত কাশ্মীৰ কেন্দ্ৰীক ৰাজনীতি শেষ হ'ব লগতে জম্মুবাসীয়েও নিজৰ ৰাজনৈতিক আৰু উন্নয়নমূলক অধিকাৰ আৰম্ভ কৰিব পাৰিব ৷ ইতিমধ্যে এবছৰ সম্পূৰ্ণ হৈছে যদিও এই পৰ্যন্ত কোনো উন্নয়ন দেখা পোৱা নাই ৷ আমাক প্ৰতাৰণা কৰাৰ দৰে অনুভৱ কৰিছো বুলি মন্তব্য কৰে স্থানীয় ৰাজনৈতিক দল Ikk Jutt Jammu (United Jammu)ৰ সভাপতি, অধিবক্তা অংকুৰ শৰ্মাই ৷"

আনহাতে অনুৰূপ চিন্তা প্ৰকাশ কৰে শিৱসেনাৰ নেতা মনীশ সাহানীয়ে ৷ তেওঁ কয় যে, আমি জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যদা প্ৰত্যাহাৰৰ বিপৰীতে অঞ্চলটোত সমৃদ্ধিৰ আশা কৰিছিলো কিন্তু বিজেপি চৰকাৰে আমাৰ সকলো আশা আৰু সপোন চূৰ মাৰ কৰি পেলাইছে ৷ জম্মুৰ জনগণই এই ক্ষেত্ৰত চৰকাৰক সমৰ্থন জনাইছিল কাৰণ উন্নয়ন আৰু সমৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল কিন্তু এতিয়া এনে লাগে যেন এই সকলোবোৰ মিছা প্ৰতিশ্ৰুতি ৷

"চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দাবী কৰি সাহানীয়ে কয় যে, "বিজেপি চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলক ধ্বংসৰ গৰাহৰ পৰা উভতাই আনি ইয়াৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি এতিয়াও আশা কৰিছো ৷"

লগতে পঢ়কঃ ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.