ETV Bharat / bharat

ভাৰতৰ সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক চুক্তি নিশ্চিত কৰিলে ট্ৰাম্পে

author img

By

Published : Feb 24, 2020, 7:14 PM IST

Trump confirms $ 3 bn defence deals; calls Modi 'tough negotiator'
ভাৰতৰ সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক চুক্তি নিশ্চিত কৰিলে ট্ৰাম্পে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে আমেৰিকাই ভাৰতৰ সৈতে সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ এক সামৰিক চুক্তি হোৱাৰ কথা ব্যক্ত কৰে ৷ য’ত আমেৰিকাই ভাৰতীয় সেনাবাহিনীলৈ হেলিকপ্টাৰ যোগান ধৰিব ৷ ইয়াৰোপৰি ট্ৰাম্পে দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ বিষয়েও উল্লেখ কৰে ৷

নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰীঃ দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে আমেৰিকাই ভাৰতৰ সৈতে সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ এক সামৰিক চুক্তি হোৱাৰ কথা ব্যক্ত কৰে ৷ য’ত আমেৰিকাই ভাৰতীয় সেনাবাহিনীলৈ হেলিকপ্টাৰ যোগান ধৰিব ৷ ইয়াৰোপৰি ট্ৰাম্পে দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ বিষয়েও উল্লেখ কৰে ৷

আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্বন্ধৰ ক্ষেত্ৰতো আলোচনা হোৱাৰ কথা ব্যক্ত কৰে ৷ এই বাণিজ্যিক চুক্তি সৰ্বকালৰ সৰ্ববৃহৎ চুক্তি হ’ব বুলিও উল্লেখ কৰে ৷ লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেলগে কাম কৰাটোক লৈয়ো আশাবাদী বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি দুয়োখন দেশৰ বাবে ই এক গুৰুত্বপূৰ্ণ হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ম’টেৰাত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠান সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাই ভাৰতৰ সৈতে সামৰিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে এই চুক্তিখন মঙলবাৰে স্বাক্ষৰিত কৰাৰ কথাও তেওঁ ঘোষণা কৰে ৷ উল্লেখ্য যে ট্ৰাম্পে এই সামৰিক চুক্তিখনৰ কথা ঘোষণা কৰি সুখী অনুভৱ কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷ দুয়োখন দেশৰ দ্বি-পাক্ষিক সামৰিক দিশত এই চুক্তিয়ে যথেষ্ট শক্তিশালী ৰূপত দাঙি ধৰিব বুলিও উল্লেখ কৰে ৷

আনহাতে বিগত বৰ্ষত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা ত্ৰি-সেৱা অনুশীলনৰ কথাও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে ৷ ইয়াৰোপৰি মাত্ৰ এমাহ পূৰ্বে দুয়োখন দেশৰ মাজত পোনপ্ৰথম বাৰৰ বাবে যৌথ বায়ু আৰু জল সেনাৰ মাজত হোৱা সামৰিক অনুশীলনৰ কথা উল্লেখ কৰে ৷ যুটীয়াভাৱে দুয়োখন দেশৰ সাৰ্বভৌমত্ব, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাৰত-মহাসাগৰীয় ক্ষেত্ৰখন খোলা ৰখাৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷

আৰু পঢ়কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.