ETV Bharat / bharat

ভাৰতৰ সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক চুক্তি নিশ্চিত কৰিলে ট্ৰাম্পে

author img

By

Published : Feb 24, 2020, 8:14 PM IST

Trump announces mega $3 billion defence deal with India
ভাৰতৰ সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক চুক্তি নিশ্চিত কৰিলে ট্ৰাম্পে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে আমেৰিকাই ভাৰতৰ সৈতে সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ এক সামৰিক চুক্তি হোৱাৰ কথা ব্যক্ত কৰে ৷ য’ত আমেৰিকাই ভাৰতীয় সেনাবাহিনীলৈ হেলিকপ্টাৰ যোগান ধৰিব ৷ ইয়াৰোপৰি ট্ৰাম্পে দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ বিষয়েও উল্লেখ কৰে ৷

নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰীঃ দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে আমেৰিকাই ভাৰতৰ সৈতে সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ এক সামৰিক চুক্তি হোৱাৰ কথা ব্যক্ত কৰে ৷ য’ত আমেৰিকাই ভাৰতীয় সেনাবাহিনীলৈ হেলিকপ্টাৰ যোগান ধৰিব ৷ ইয়াৰোপৰি ট্ৰাম্পে দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ বিষয়েও উল্লেখ কৰে ৷

আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্বন্ধৰ ক্ষেত্ৰতো আলোচনা হোৱাৰ কথা ব্যক্ত কৰে ৷ এই বাণিজ্যিক চুক্তি সৰ্বকালৰ সৰ্ববৃহৎ চুক্তি হ’ব বুলিও উল্লেখ কৰে ৷ লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেলগে কাম কৰাটোক লৈ তেওঁ আশাবাদী বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি দুয়োখন দেশৰ বাবে ই এক গুৰুত্বপূৰ্ণ হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

ভাৰতৰ সৈতে 3 বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক চুক্তি নিশ্চিত কৰিলে ট্ৰাম্পে

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ম’টেৰাত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠান সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাই ভাৰতৰ সৈতে সামৰিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে এই চুক্তিখন মঙলবাৰে স্বাক্ষৰিত কৰাৰ কথাও তেওঁ ঘোষণা কৰে ৷ উল্লেখ্য যে ট্ৰাম্পে এই সামৰিক চুক্তিখনৰ কথা ঘোষণা কৰি সুখী অনুভৱ কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷ দুয়োখন দেশৰ দ্বি-পাক্ষিক সামৰিক দিশত এই চুক্তিয়ে যথেষ্ট শক্তিশালী ৰূপত দাঙি ধৰিব বুলিও উল্লেখ কৰে ৷ আনহাতে বিগত বৰ্ষত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা ত্ৰি-সেৱা অনুশীলনৰ কথাও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে ৷ ইয়াৰোপৰি মাত্ৰ এমাহ পূৰ্বে দুয়োখন দেশৰ মাজত পোনপ্ৰথম বাৰৰ বাবে যৌথ বায়ু আৰু জল সেনাৰ মাজত হোৱা সামৰিক অনুশীলনৰ কথা উল্লেখ কৰে ৷ যুটীয়াভাৱে দুয়োখন দেশৰ সাৰ্বভৌমত্ব, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাৰত-মহাসাগৰীয় ক্ষেত্ৰখন খোলা ৰখাৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷

আৰু পঢ়কঃ কেৱল বাণিজ্য নহয়, ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কূটনৈতিক সম্পৰ্কৰ লগত জড়িত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.