ETV Bharat / bharat

লক ডাউনৰ মাজতে কিন্নৰ সম্প্ৰদায়ৰ বিশেষ পেকেজৰ দাবী কেন্দ্ৰক

author img

By

Published : Apr 28, 2020, 10:46 PM IST

Transgender community demands special package amid COVID-19 lockdown
Transgender community demands special package amid COVID-19 lockdown

মঙলবাৰে দেশৰ গৃহমন্ত্ৰী, বিত্তীয় মন্ত্ৰী, সমাজিক ন্যায় কেন্দ্ৰীয় মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কিন্নৰ সম্প্ৰদায়ৰ । ২০০০ তকৈ অধিক কিন্নৰ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা পঠিওৱা হয় কেন্দ্ৰলৈ পত্ৰ । লক ডাউনৰ মাজত কিন্নৰ সম্প্ৰদায়ৰ লোকৰ বাবে চৰকাৰক বিশেষ পেকেজ ঘোষণা কৰাৰ দাবী ।

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ লক ডাউনৰ মাজতেই কেন্দ্ৰ চৰকাৰলৈ বিশেষ পেকেজৰ দাবী কিন্নৰ সম্প্ৰদায়ৰ । ২০০০ তকৈ অধিক কিন্নৰ সম্প্ৰদায়ৰ লোকে গৃহমন্ত্ৰী, বিত্তীয় মন্ত্ৰী, সামাজিক ন্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰে পত্ৰ । পত্ৰত এই সম্প্ৰদায়ৰ লোক সকলৰ বাবে লক ডাউনৰ সময়ত বিশেষ পেকেজ ঘোষণাৰ দাবী কৰিছে । কাৰণ লক ডাউনৰ ফলতেই এওঁলোকৰ বৰ্তমান উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে ।

পত্ৰখনত চৰকাৰলৈ অনুৰোধ সকলো কিন্নৰক অতি কমেও ৩০০০ হাজাৰ টকাকৈ প্ৰতি মাহে চৰকাৰে প্ৰদান কৰক । যেতিয়ালৈ পৰিস্থিত সামান্য নহয় । কাৰণ এই সকলৰ বহুতৰে নাই ৰেশ্বন কাৰ্ড । আনহাতে বহু ৰাজ্যত পেঞ্চন প্ৰদান কৰা হোৱা নাই, বহু লোক ভাড়াঘৰত থাকি জীৱন-নিৰ্বাহ কৰিছে বুলি উল্লেখ কৰা হৈছে পত্ৰখনত ।

ইয়াৰ ওপৰি খাদ্য সুৰক্ষাৰ অধীনত খাদ্য় বিতৰণ প্ৰণালীক সাৰ্বজনীন কৰাৰ আহ্বান জনায় যাতে প্ৰয়োজনীয় খাদ্য অন্য নাগৰিকৰ লগতে হিজৰা সকলেও লাভ কৰিবলৈ সক্ষম হয় । লগতে কোনো কিন্নৰই যাতে লক ডাউনৰ মাজত মালিকক ভাড়া দিব লগা নহয় তাৰ বাবেও এক নিৰ্দেশ জাৰী কৰাৰ আহ্বান জনাইছে চৰকাৰক ।

পত্ৰখনত উল্লেখ কৰা হৈছে অধিকাংশ কিন্নৰই হৈছে দৰিদ্ৰ আৰু ভিক্ষা, দেহ-ব্যৱসায় ইত্য়াদি কামৰ সৈতে জড়িত । গতিকে বৰ্তমান সময়ত সামাজিক দূৰত্ব মানি চলাৰ ফলতেই বিত্তীয় উৎসৰ বাট বন্ধ হৈ পৰিছে এই সকল কিন্নৰৰ । ইয়াৰ লগতে কিন্নৰ সকলৰ বাবে চৰকাৰক অত্যাৱশকীয় ঔষধ, টিবি ইত্যাদি ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰো আহ্বান জনাইছে ।

আনহাতে বিভিন্ন ৰাজ্যৰ প্ৰায় ৪,৫০০ কিন্নৰ সম্প্ৰদায়ৰ লোকৰ বাবে ১৫০০ টকাকৈ দিয়া প্ৰস্তাৱৰ বাবে এনআইএছডি (National Institute of Social Defense) ৰ অন্তৰ্ৱৰ্তীকালীন ব্যৱস্থাক আদৰণি জনাইছে । কিন্তু এইটোৱে কেৱল সমগ্ৰ দেশৰ কিন্নৰ সম্প্ৰদায়ৰ ১ শতাংশ লোকক (২০১১ লোকপিয়লৰ মতে) হে সাঙুৰি লৈছে বুলি কোৱা হৈছে পত্ৰখনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.