ETV Bharat / bharat

বিচাৰপতি মুৰলীধৰক স্থানান্তৰ এক ‘শান্তিপূৰ্ণ প্ৰক্ৰিয়া’ বুলি মন্তব্য ৰবি শংকৰ প্ৰসাদৰ

author img

By

Published : Feb 27, 2020, 3:19 PM IST

দিল্লীৰ হিংসাত্মক ঘটনা
কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ

বিচাৰপতি মুৰলীধৰৰ স্থানান্তৰক লৈ কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ মন্তব্য প্ৰকাশ ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এছ মুৰলীধৰক সৰ্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামৰ আবেদন অনুসাৰে স্থানান্তৰিত কৰা হয় আৰু এই ক্ষেত্ৰত ‘শান্তিপূৰ্ণ প্ৰক্ৰিয়া’ পালন কৰিছে বুলি কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মত প্ৰকাশ কৰে ৷

নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰীঃ বিচাৰপতি মুৰলীধৰৰ স্থানান্তৰক লৈ কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ মন্তব্য প্ৰকাশ ৷ টুইটাৰযোগে তেওঁ কয় যে, ‘‘ভাৰতৰ প্ৰধান বিচাৰপতিৰ নেতৃত্বাধীন সৰ্বোচ্চ ন্যায়ালয় কলেজিয়ামৰ 12 ফেব্ৰুৱাৰীৰ আবেদন অনুসাৰে মাননীয় বিচাৰপতি মুৰলীধৰক স্থানান্তৰিত কৰা হয় ৷’’

দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এছ মুৰলীধৰক সৰ্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামৰ আবেদন অনুসাৰে স্থানান্তৰিত কৰা হয় আৰু এই ক্ষেত্ৰত ‘শান্তিপূৰ্ণ প্ৰক্ৰিয়া’ পালন কৰিছে বুলি বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মত প্ৰকাশ কৰে ৷

Ravi Shankar Prasad
কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ

দিল্লীৰ হিংসাত্মক ঘটনাত বিজেপি নেতাক বচাবলৈ চৰকাৰৰ দ্বাৰা বিচাৰপতি মুৰলীধৰক স্থানান্তৰ কৰাৰ পিছত কংগ্ৰেছে অভিযোগ প্ৰকাশ কৰিছিল আৰু এই অভিযোগৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য দিয়ে ৷তেওঁ কয় যে, এগৰাকী বিচাৰপতিক স্থানান্তৰিত কৰাৰ সময়ত তেওঁৰ মতামত লোৱা হয় ৷ তেওঁক স্থানান্তৰিত কৰোতে এক ‘শান্তিপূৰ্ণ প্ৰক্ৰিয়া’ পালন কৰা হৈছে বুলি বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মত প্ৰকাশ কৰে ৷ এদিন পূৰ্বে বিচাৰপতি মুৰলীধৰক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়৷ তেওঁৰ নেতৃত্বাধীন এখন বিচাৰপীঠে বিজেপি নেতা পৰৱেশ বৰ্মা, কপিল মিশ্ৰা আৰু অনুৰাগ ঠাকুৰৰ ঘৃণনীয় ভাষণৰ বিৰুদ্ধে এজাহাৰ দাখিলত দিল্লী আৰক্ষীৰ বিফলতাক গৰিহণা দিয়ে ৷

Justice Muralidhar
জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালা

বিচাৰপতি মুৰলীধৰৰ তাৎক্ষণিক বদলি সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাই কয় যে, ‘‘দেশত ন্যায় বিচাৰ কৰাসকলক এতিয়া আৰু ৰেহাই নিদিব যেন অনুভৱ হয় ৷’’বিজেপি চৰকাৰৰ এই স্থানান্তৰক এক ‘হিট-এণ্ড-ৰাণ-অন্যায়’ হিচাপে অভিহিত কৰি কয় যে, গেৰুৱা দলৰ প্ৰতিশোধ পৰায়ণ ৰাজনীতি জাগি উঠিছে৷

লগতে পঢ়কঃঅৰুণাচলত অবৈধ আফিং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.