ETV Bharat / bharat

কাশ্মীৰত সেনাৰ হাতত নিধন হিজবুলৰ কামাণ্ডাৰ

author img

By

Published : Aug 13, 2020, 2:57 AM IST

বুধবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হয় হিজবুল মুজাহিদীনৰ এগৰাকী শীৰ্ষ কামাণ্ডাৰ ৷ সেনাই নিধন কৰা হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদীটো আজাদ লালহৰি বুলি জানিব পৰা গৈছে ৷

কাশ্মীৰত সেনাৰ হাতত নিধন হিজবুলৰ কামাণ্ডাৰ
কাশ্মীৰত সেনাৰ হাতত নিধন হিজবুলৰ কামাণ্ডাৰ

নিউজ ডেস্ক, 13 আগষ্ট : কাশ্মীৰত চলি থকা নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষ সফলতা ৷ নিৰাপত্তা বাহিনীয়ে উপত্যকাত দীৰ্ঘদিনে সন্ত্ৰাস চলাই অহা এগৰাকী শীৰ্ষ সন্ত্ৰাসবাদী কামাণ্ডাৰক গুলিয়াই নিধন কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিধন হয় হিজবুল মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ আজাদ লালহৰি ৷

হিজবুল মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ আজাদ লালহৰি
হিজবুল মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ আজাদ লালহৰি

পুলৱামাৰ কামৰাজিপুৰাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিধন হয় আজাদ ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে লাভ কৰা বিশেষ তথ্যৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীয়ে এই অভিযানৰ নেতৃত্ব দিয়ে ৷ এই অভিযানত সেনাৰ 53 ৰাষ্ট্ৰীয় ৰাইফলছৰ এগৰাকী জোৱান শ্বহীদ হয় ৷ এই সংঘৰ্ষৰ পিচতেই ঘটনাস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা একে47, গ্ৰেণেড আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷

হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ আজাদ লালহৰি পুলৱামাৰ লেলহাৰ গাঁৱৰ বাসিন্দা আছিল ৷ 22 মে'ত জম্মু-কাশ্মীৰ আৰক্ষীৰ হেড কনিষ্টবল অনুপ সিঙৰ হত্যাৰ সৈতে জড়িত আছিল আজাদ ৷ আজাদৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ আৰক্ষীত ছখন এজাহাৰ ৰুজু হৈ আছে ৷ আজাদত ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত পূৰ্বেও গ্ৰেপ্তাৰ কৰা হৈছিল যদিও জেলৰ পৰা ওলায়ে হিজবুল মুজাহিদীনত পুনৰ যোগদান কৰিছিল ৷

সেনাৰ 53 ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান ছোৱাৰ জিলাজিৎ সিং
সেনাৰ 53 ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান ছোৱাৰ জিলাজিৎ সিং

পুলৱামাৰ এই সংঘৰ্ষত সেনাৰ 53 ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান ছোৱাৰ জিলাজিৎ সিং শ্বহীদ হয় বুলি শ্ৰীনগৰস্থিত সেনাৰ মুখপাত্ৰ কৰ্ণেল ৰাজেশ কালিয়াই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সিঙক সেনাৰ 92 বেছ হাস্পতাললৈ অনা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় ৷ সিঙৰ ঘৰ উত্তৰ প্ৰদেশৰ জুৱানপুৰ জিলাত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ জম্বু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ আহত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.