ETV Bharat / bharat

শ্ৰীনগৰ এনকাউণ্টাৰঃ তিনিজন সন্ত্ৰাসবাদী নিহত

author img

By

Published : Jun 21, 2020, 5:37 PM IST

শ্ৰীনগৰৰ ঝাদিবাল অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে যুটীয়াভাৱে চলোৱা অভিযানত নিহত হয় তিনিজনকৈ সন্ত্ৰাসবাদী। অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকা বুলি গোপন সূত্ৰৰ পৰা খৱৰ লাভ কৰাৰ পাছতেই আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যুটীয়াভাৱে অভিযান আৰম্ভ কৰিছিল।

শ্ৰীনগৰ এনকাউণ্টাৰ
Third terrorist killed by security forces in Srinagar's Zadibal

নিউজ ডেস্ক, ২১ জুনঃ জম্মু -কাশ্মীৰৰ শ্ৰীনগৰৰ ঝাদিবাল অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। অভিযানত সময়ত দেওবাৰৰ দিনটোত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় তিনিজনকৈ সন্ত্ৰাসবাদী।

"ঝাদিবাল এনকাউণ্টাৰ-তিনিজন সন্ত্ৰাসবাদী নিহত। বৰ্তমানেও অভিযান অব্যাহত" বুলি টুইটযোগে উল্লেখ কৰে কাশ্মীৰ আৰক্ষীয়ে।

জম্মু কাশ্মীৰৰ আৰক্ষীৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অভিযানৰ সময়ত নিহত হোৱা তিনিজন সন্ত্ৰাসবাদীৰ ভিতৰত এজন পাকিস্তানৰ জইচ-ই -মহম্মদ গোটৰ বুলি জানিব পৰা গৈছে। বিগত কেইবাবছৰ ধৰি দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত আছিল মৃত জইচ-ই -মহম্মদ গোটৰ সন্ত্ৰাসবাদীজন।

এই অভিযানৰ সময়ত এটা AK-47 আৰু এটা আমেৰিকাত নিৰ্মিত ৰাইফল উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দক্ষিণ কাশ্মীৰত অস্ত্ৰ-সস্ত্ৰ ক্ৰয়ৰ লগত জড়িত আলী ভাই নামে জইচ-ই -মহম্মদ গোটৰ এজন পাকিস্তানী সন্ত্ৰাসবাদী বৰ্তমানেও সক্ৰিয় হৈ আছে বুলি জানিব পৰা গৈছে।

ইফালে, নিৰাপত্তাৰক্ষীৰ কোনো লোক হতাহত নোহোৱাকৈ জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে যুটীয়াভাৱে চলোৱা অভিযানক অভিনন্দন জনাই কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিজয় কুমাৰে। উল্লখ্যে যে, শ্ৰীনগৰৰ ঝাদিবাল অঞ্চলত সন্ত্ৰাসবাদী লুকাই থকা বুলি গোপন সূত্ৰৰ পৰা খৱৰ লাভ কৰাৰ পাছতেই উক্ত অঞ্চলটোত জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে যুটীয়াভাৱে অভিযান আৰম্ভ কৰিছিল। অভিযানৰ বাবে সম্প্ৰতি শ্ৰীনগৰ অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.