ETV Bharat / bharat

অৱন্তিপুৰাত নিহত এজন সন্ত্ৰাসবাদী, হিজবুলৰ টপ কামাণ্ডাৰ ৰিয়াজ নাইকু আৱদ্ধ সংঘৰ্ষস্থলীত

author img

By

Published : May 6, 2020, 11:23 AM IST

বিগত কিছুদিন ধৰি উত্তপ্ত হৈ আছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি । সোমবাৰৰ পৰাই কেন্দ্ৰীয় শাসিত অঞ্চলটোত অব্য়াহত আছে সংঘৰ্ষ । আনহাতে বিগত এসপ্তাহৰ ভিতৰত সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত শ্বহীদ হৈছে আঠগৰাকীকৈ সুৰক্ষাকৰ্মী । আনহাতে তিনিগৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে তিনিগৰাকী সন্ত্ৰাসবাদীক কাৰায়ত্ত কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীসমূহে ।

অৱন্তিপুৰাত নিহত এজন সন্ত্ৰাসবাদী
অৱন্তিপুৰাত নিহত এজন সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৬ মে' : জম্মু-কাশ্মীৰত আঠজনকৈ নিৰাপত্তা বাহিনীৰ লোক শ্বহীদ হোৱাৰ পিচতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযানত নামিছে সুৰক্ষা বাহিনী । বুধবাৰে কেন্দ্ৰীয়শাসিত অঞ্চলটোত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান ।

সেনাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ ভিত্তিতে বুধবাৰে ৰাতিপুৱা এক অভিযানৰ নেতৃত্ব দিয়ে সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে । কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ পুলৱামা জিলাৰ অৱন্তিপুৰাৰ শ্বাৰশ্বালিত অভিযানকাৰী দলৰ সৈতে মুখামুখি হয় সন্ত্ৰাসবাদীৰ এটা দল । অভিযানকালৰ সময়ত হোৱা গুলিয়াগুলিত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে । বৰ্তমানেও অঞ্চলটোত সংঘৰ্ষ চলি আছে আৰু অভিযানকাৰী দলে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ তালাচী অব্যাহত ৰাখিছে । নিহত সন্ত্ৰাসবাদীটো হিজবুল মুজাহিদীনৰ বুলি জানিব পৰা গৈছে আৰু আন এগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৰিয়াজ নাইকু আৱদ্ধ হৈ আছে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ।

সোমবাৰৰ পৰাই কেন্দ্ৰীয় শাসিত অঞ্চলটোত অব্য়াহত আছে সংঘৰ্ষ । বিগত এসপ্তাহৰ ভিতৰত সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত শ্বহীদ হৈছে আঠগৰাকীকৈ সুৰক্ষাকৰ্মী । আনহাতে তিনিগৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে তিনিগৰাকী সন্ত্ৰাসবাদীক কাৰায়ত্ত কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীসমূহে ।

লগতে পঢ়কঃ শ্বহীদ চিআৰপিএফ জোৱানৰ ৰাইফল লৈ উধাও সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.