ETV Bharat / bharat

খেৰৰ জুইৰ পৰাই দিল্লীত সংঘটিত 40 শতাংশ প্ৰদূষণ

author img

By

Published : Nov 2, 2020, 7:26 AM IST

বায়ুৰ গুণাগুণ নিৰীক্ষণকাৰী সংস্থা ছফৰ (SAFAR)ৰে প্ৰকাশ কৰা অনুসৰি,খেৰ-কুটা জ্বলোৱাৰ বাবেই দিল্লীত সংঘটিত হয় 40 শতাংশ প্ৰদূষণ ৷ দিল্লীৰ নিকটৱৰ্তী ৰাজ্যসমূহত শস্য চপোৱাৰ পিচত জ্বলাই দিয়া খেৰ-কুটাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷

খেৰৰ জুইৰ পৰাই দিল্লীত সংঘটিত 40 শতাংশ প্ৰদূষণ
খেৰৰ জুইৰ পৰাই দিল্লীত সংঘটিত 40 শতাংশ প্ৰদূষণ

নিউজ ডেস্ক, 2 অক্টোবৰ : ভূমি-বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ বায়ুৰ গুণাগুণ নিৰীক্ষণকাৰী কেন্দ্ৰীয় সংস্থা ছফৰে (SAFAR) দেওবাৰে নতুন দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰে ৷ সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন মতে, দিল্লীৰ প্ৰদূষণৰ 40 শতাংশ খেৰ-কুটা জ্বলোৱাৰ ফলতেই সংঘটিত হয় ৷

পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 3,216 খন ফাৰ্মত খেৰ-কুটা জ্বলোৱাৰ ফলত দিল্লীত ইয়াৰ প্ৰদূষণৰ মাত্ৰা 2.5 শতাংশ বৃদ্ধি হৈছে ৷ ই দিল্লীৰ বায়ু প্ৰদূষণত 40 শতাংশ অৰিহণা যোগাইছে ৷

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি এই পৰিসংখ্যা শনিবাৰে গ্ৰহণ কৰা হৈছিল ৷ আনহাতে আগন্তুক দুই দিনত দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ 3 নৱেম্বৰত দিল্লীৰ বায়ু গুণাগুণ সূচক কিছু উন্নত হ'ব ৷ জুইৰ পৰা হোৱা নিৰ্গমণ আৰু অন্য দিশৰ বাবে দিল্লীত বায়ু প্ৰদূষণ অধিক বৃদ্ধি হৈছে ৷ বিগত বৰ্ষত খেৰ-কুটা জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা নিৰ্গমণে দিল্লীৰ বায়ু প্ৰদূষণত 44 শতাংশ অৰিহণা যোগাইছিল ৷

বিগত সপ্তাহটোত দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা আছিল ক্ৰমে, 36, 19, 32 আৰু 40 শতাংশ ৷ উপগ্ৰহৰ সহায়ত গ্ৰহণ কৰা ছবিয়ে দিল্লীৰ আকাশত খেৰ-কুটা জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা ধোৱাই অধিক প্ৰভাৱ পেলাইছে ৷ যাৰ ফলত দিনে দিনে দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈ আছে ৷

লগতে পঢ়ক : শ্ৰীনগৰত হিজাবুল মুজাহিদিনৰ শীৰ্ষ নেতাক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.