ETV Bharat / bharat

গেংষ্টাৰ বিকাশ ডুবেৰ আত্মীয়ক আৰক্ষীৰ জেৰা

author img

By

Published : Jul 9, 2020, 5:46 PM IST

STF picks up Dubey's brother-in-law, wife says nothing to do with gangster
গেংষ্টাৰ বিকাশ ডুবেৰ আত্মীয়ক আৰক্ষীৰ জেৰা

গেংষ্টাৰ বিকাশ ডুবেৰ খুলশালীয়েক জ্ঞানেন্দ্ৰ নিগম আৰু তেওঁৰ পুত্ৰক আৰক্ষীৰ জেৰা ৷ জ্ঞানেন্দ্ৰ নিগমৰ পত্নীয়ে ক'লে তেওঁলোকৰ একো সম্পৰ্ক নাই বিকাশ ডুবেৰ সৈতে ৷

নিউজ ডেস্ক,9জুলাইঃ মধ্যপ্ৰদেশৰ চাহড'লৰ পৰা গেংষ্টাৰ বিকাশ ডুবেৰ খুলশালী জ্ঞানেন্দ্ৰ নিগম আৰু তেওঁৰ পু্ত্ৰক সোধ-পোচৰ বাবে আটক কৰে উত্তৰ প্ৰদেশৰ স্পেচিয়েল টাস্ক ফৰ্চে ৷ স্বামী আৰু পুত্ৰক এইদৰে আটক কৰাত জ্ঞানেন্দ্ৰ নিগমৰ পত্নীয়ে জনাই যে, তেওঁলোকৰ একো সম্পৰ্ক নাই গেংষ্টাৰ বিকাশ ডুবেৰ সৈতে ৷ প্ৰায় 15 বছৰ আগতেই তেওঁলোকে কাণপুৰ এৰিছে ৷

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ স্পেচিয়েল টাস্ক ফৰ্চে মঙলবাৰে প্ৰথমে সোধ-পোচৰ বাবে লৈ গৈছিল জ্ঞানেন্দ্ৰ নিগমৰ পুত্ৰক আৰু তাৰ পিছদিনা লৈ যায় জ্ঞানেন্দ্ৰ নিগমক ৷

বিকাশ ডুবেৰ খুলশালীয়েক জ্ঞানেন্দ্ৰ নিগমৰ পত্নীৰ ভাষ্য

শেহতীয়াকৈ জ্ঞানেন্দ্ৰ নিগমৰ পত্নী পুষ্পাই গেংষ্টাৰ বিকাশ ডুবেৰ সৈতে তেওঁলোকৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে ৷ যেতিয়া তেওঁলোকে কাণপুৰ এৰি মধ্যপ্ৰদেশ আহিছিল, তেতিয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ হ'ল বুলি চৰকাৰক জনাইছে জ্ঞানেন্দ্ৰ নিগমৰ পত্নীয়ে ৷ লগতে তেওঁ কৈছে যে , তেওঁলোকৰ পৰিয়ালে যদি এই ঘটনাটোৰ লগত জড়িত কোনো কথাত সহায় কৰিব পাৰে, তেতিয়া তেওঁলোকে নিশ্চয় সহায় কৰিব ৷

এইখিনিতে জনাই থওঁ যে, গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰা হয় মধ্যপ্ৰদেশৰ উজ্জেইনৰ পৰা ৷ ২ জুলাইৰ নিশা কাণপুৰৰ বিকৰো নামৰ গাঁওখনত আৰক্ষীৰ দল এটাক এম্বুশ্ব কৰি ৮জন আৰক্ষীৰ লোকক হত্যা কৰি পলাই আছিল বিকাশ ডুবে ।অৱশেষত প্ৰায় এক সপ্তাহ আৰক্ষীৰ চকুত ধূলি দিয়াৰ পিছত মধ্য প্ৰদেশৰ উজ্জেইনৰ মহাকাল মন্দিৰৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাণপুৰৰ কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেক ।

লগতে পঢ়কঃ কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.