ETV Bharat / bharat

শীঘ্ৰে "wait and watch" নীতি এৰি চলিব শিৱ সেনাই: সঞ্জয় ৰাৱত

author img

By

Published : Nov 2, 2019, 11:20 PM IST

নবেম্বৰৰ 7 তাৰিখৰ ভিতৰত ৰাজ্যখনৰ ৰাজনৈতিক অন্তঃকণ্ডল সাম নাকাতিলে ৰাজ্যখনত বলবৎ কৰা হৰ ৰাষ্ট্ৰপতি শাসন ৷ মুংগান্তিৱাৰৰ এই মন্তব্যক উভতি ধৰি শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱতে কয় যে বিজেপি নেতাগৰাকীৰ এই মন্তব্যয়ে নিৰ্বাচিত বিধায়ৰ সকলৰ নিৰ্বাচনৰ এপৰত প্ৰশ্ন উতিথাপন কৰিছে ৷ তেঁও লগতে কয় যে এনে ধৰণৰ মন্তব্যয়ে ৰাইজৰ সিদ্ধান্তক অসন্মান কৰা বুজাই ৷ তেঁও আৰু কয় যে বিজেপি য়ে যদি ক্ষমতালৈ আহিবলে ৰাষ্ট্ৰপতি শাসনৰ ব্যৱহাৰ কৰে তেনেহলে তেনে এখন চৰকাৰক ৰাইজে গুৰুত্ব নিদিব ৷

"wait and watch" নীতি এৰি চলিব শিৱ সেনা

নেশ্ব্যনেল ডেস্ক, 2 নৱেম্বৰ: শিঘ্ৰে "wait and watch" নীতি বাদ দিয়াৰ হুংকাৰ দিছে শিৱ সেনায়ে ৷ সুধিৰ মুংগান্তিৱাৰৰ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ হুংকাৰ দিয়াৰ পিছতে এই মন্তব্য কৰে শিৱ সেনায়ে ৷ সুধিৰ মুংগান্তিৱাৰে কয় যে, 7 নবেম্বৰৰ ভিতৰত ৰাজ্যখনৰ ৰাজনৈতিক অন্তঃকণ্ডল সাম নাকাটিলে ৰাজ্যখনত বলবৎ কৰা হ'ব ৰাষ্ট্ৰপতি শাসন ৷ মুংগান্তিৱাৰৰ এই মন্তব্যক উভতি ধৰি শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱতে কয় যে, বিজেপি নেতাগৰাকীৰ এই মন্তব্যয়ে নিৰ্বাচিত বিধায়ক সকলৰ নিৰ্বাচনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷

তেঁও লগতে কয় যে, এনে ধৰণৰ মন্তব্যই ৰাইজৰ সিদ্ধান্তক অসন্মান কৰা বুজাই ৷ তেঁও আৰু কয় যে, বিজেপিয়ে যদি ক্ষমতালৈ আহিবলৈ ৰাষ্ট্ৰপতি শাসনৰ ব্যৱহাৰ কৰে তেনেহলে তেনে এখন চৰকাৰক ৰাইজে গুৰুত্ব নিদিব ৷

Sena will soon leave 'wait and watch mode' in Maha: Raut
"wait and watch" নীতি এৰি চলিব শিৱ সেনা

উল্লেখযোগ্য যে, বুধবাৰে মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলে মুম্বাইত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছক দলৰ নেতৃত্বৰ দায়িত্ব অৰ্পন কৰিছিল ৷ মহাৰাষ্ট্ৰত বৰ্তমান মুখ্যমন্ত্ৰীৰ পদক লৈ অৰিয়া-অৰি চলি থকাৰ সময়তে ফাড়নাৱিছে মন্তব্য কৰে যে, "মই অমিত শ্বাহৰ সৈতে নিশ্চিত হৈছো যে, মুখ্যমন্ত্ৰী পদত প্ৰতিটো দলে (বিজেপি আৰু শিৱসেনা) 2 বছৰ 6 মাহৰ বাবে দায়িত্ব লাভ কৰিব বুলি লোকসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁট গঠন কৰোতে বিজেপিয়ে কোনো নিশ্চিতি প্ৰদান কৰা নাছিল ৷"

লগতে পঢ়ক: বিলাসীপাৰাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.