ETV Bharat / bharat

কাইলৈ উচ্চতম ন্যায়ালয়ে দিব তিনিটা গুৰুত্বপূৰ্ণ ৰায়দান

author img

By

Published : Nov 13, 2019, 7:30 PM IST

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় প্ৰদান কৰিব ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ পূৰ্বে এই গোচৰৰ ৰায়দান কৰা হ'ব ৷

নিউজ ডেস্ক,13 নৱেম্বৰঃ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰিবলৈ সাজু হৈছে ৷ এই তিনিটা গোচৰ হৈছে সাৱৰিমালা গোচৰ, ৰাফেল যুদ্ধ বিমান কেলেংকাৰী আৰু চৌকিদাৰ চৌৰ হে গোচৰ ৷ উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ পূৰ্বে এইকেইটা গোচৰৰ ৰায়দান সম্পূৰ্ণ কৰা হ'ব ৷

কাইলৈ উচ্চতম ন্যায়ালয়ে দিব তিনিটা গুৰুত্বপূৰ্ণ ৰায়দান
উচ্চতম ন্যায়ালয়

সাৱৰিমালা গোচৰ : ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰকৰ দলে ফেব্ৰুৱাৰীতে সাৱৰিমালা গোচৰৰ সকলো পক্ষৰ শুনানি গ্ৰহণ কৰে আৰু ইয়াৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে ৷ কেৰালা চৰকাৰ,ট্ৰাভাংকোৰ দেৱাস্বম ব'ৰ্ড,নায়াৰ চাৰ্ভিছ চ'ছাইটি আৰু অন্যান্য পক্ষৰ শুনানি গ্ৰহণ কৰা হয় ৷ আদালতৰ সিদ্ধান্ত অনুসৰি,পুৰণি পৰম্পৰা ত্যাগ কৰি 10-50 বছৰৰ বয়সৰ সকলো মহিলাই মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ৷ এই ৰায়দানৰ পাচতে সৃষ্টি হৈছিল প্ৰতিবাদৰ ৷ ট্ৰাভাংকোৰ দেৱাস্বম ব'ৰ্ডে যুক্তি দৰ্শাই কৈছিল যে,এটি শতাব্দী পুৰণি পৰম্পৰাত ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে ৷ কিন্তু, 2018 চনত সাৱৰিমালা মন্দিৰৰ মেনেজমেন্টৰ দায়িত্বত থকা ট্ৰাভাংকোৰ দেৱাস্বম ব'ৰ্ডে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সমৰ্থন জনাই নিজৰ পক্ষ ৰাখে ৷ বৰ্ডে আদালতত কয় যে,মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত কোনো ধৰণৰ ভেদা-ভেদ ৰখা উচিত নহয় ৷

ৰাফেল যুদ্ধ বিমান কেলেংকাৰী : ৰাজনৈতিকভাৱে সংবেদনশীল ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰী গোচৰৰো বৃহস্পতিবাৰে ৰায়দান কৰা হ'ব ৷ 36 খনকৈ ফ্ৰান্সৰ যুদ্ধ বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৷ ৰাফেল কেলেংকাৰী সন্দৰ্ভত যি পুনৰীক্ষণৰ আবেদন কৰা হৈছিল এই আবেদনৰ ৰায়দান মে' মাহত সংৰক্ষিত কৰি ৰাখিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, অধিবক্তা এছ.কে.কৌল আৰু কে.এম.জোছেফে

'চৌকিদাৰ চৌৰ হে' গোচৰ : ভাৰতৰ সাধাৰণ নিৰ্বাচন, 2019 ৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে 'চৌকিদাৰ চৌৰ হে' শ্ল'গান ব্যৱহাৰ কৰিছিল ৷ ৰাফেল যুদ্ধ বিমানত ক্ৰয়ত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এই শ্ল'গান ব্যৱহাৰ কৰিছিল ৰাহুল গান্ধীয়ে ৷ বিজেপি সাংসদ মিনাক্ষী লেখীয়ে এই শ্ল'গানৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল ৷ ইয়াৰ পাচতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গোচৰৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে ৷ এই শ্ল'গানৰ পাচতে জ্যেষ্ঠ অধিবক্তা মুকুল ৰহতোগীয়ে দাবী কৰিছিল যে, এটা ৰাজনৈতিক বচনক ভুলকৈ উপস্থাপন কৰাৰ বাবে ৰাহুল গান্ধীয়ে সকলোৰে ওচৰত ক্ষমা ভিক্ষা কৰিব লাগে ৷ এই সম্পৰ্কত ৰাহুল গান্ধীৰ পক্ষৰ অধিবক্তা অভিষেক মানু সিংবীয়ে মন্তব্য কৰিছিল যে,আদালতে জাননী জাৰি কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে ক্ষমা খুজিছে ৷ কিন্তু,গোচৰীয়া পক্ষই গান্ধীৰ ক্ষমা ভিক্ষা মানি লোৱা নাই আৰু তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে ৷

আৰু পঢ়ক :ভাৰতীয় দল ক্ৰিকেটৰ 'ৰজা' : ছোৱেইব আখটাৰ

Intro:Body:Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.