ETV Bharat / bharat

ৰাজ্যৰ সীমাৰ নিৰ্ধাৰণ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

author img

By

Published : Jul 10, 2020, 5:05 PM IST

SC issues notice on plea opposing delimitation exercise in Assam
ৰাজ্যৰ সীমাৰ নিৰ্ধাৰণ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা । এ আই ইউ ডি এফ দলে অসমৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুধিতা কৰি দাখিল কৰা আবেদনক ভিত্তি কৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ এক জাননী প্ৰদান কৰে এচ এ ববডে নেতৃত্বাধীন বিচাৰপীঠে ৷

নিউজ ডেস্ক, ১০জুলাই: এ আই ইউ ডি এফে ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ ওপৰত ভিত্তি কৰি, দেশৰ মুখ্য ন্যায়াধীশ এচ এ ববডেৰ খণ্ড বিচাৰপীঠে নিৰ্দেশনাটোৰ জড়িয়তে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিক্ৰিয়া । উল্লেখ্য যে, অসমৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে দাখিল হোৱা এইখনেই প্ৰথম আবেদন ।

ইয়াৰ পূৰ্বে শীৰ্ষ আদালতে চলিত বৰ্ষৰ মে' মাহত একে ধৰণৰ আন এক আবেদনৰ ভিত্তিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছিল প্ৰতিক্ৰিয়া ৷ য'ত ২০২১ চনৰ লোকপিয়ল সম্পূৰ্ণ নোহোৱা পৰ্যন্ত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টি সমূহৰ পৰিসীমা অধ্যয়নৰ কাম স্থগিত ৰাখিবলৈ কোৱা হৈছিল ।

মুখ্য ন্যায়াধীশ এচ এ ববডেৰ এই খণ্ড বিচাৰপীঠে চলিত বছৰৰ ২৮ ফেব্ৰুৱাৰীৰ অধ্যাদেশ বাতিল কৰিবৰ বাবে দিয়া আবেদনৰ শুনানিৰ বাবে সন্মতি দিয়ে ৷ যিটো ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত পূৰ্বৰ এক অধিসূচনা প্ৰত্যাখ্যান কৰা হৈছিল য'ত অসমৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছিল ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ ক'ৰণাত মৃত্যু চাৰি গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.