ETV Bharat / state

ৰাজ্যত পুনৰ ক'ৰণাত মৃত্যু চাৰি গৰাকীৰ

author img

By

Published : Jul 10, 2020, 1:50 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল লোক কেইজন ৷

4 new person death in assam
ৰাজ্যত পুনৰ ক'ৰণাত মৃত্যু চাৰি গৰাকীৰ

গুৱাহাটী, 10 জুলাই : ৰাজ্যত পুনৰ ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰি গৰাকী ব্যক্তিৰ ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ যোগে প্ৰকাশ কৰে এই তথ্য ৷ ক'ৰণা সংক্ৰমণত মৃত্যু হোৱা লোককেইজন ক্ৰমে ৰাখাল দেৱ (42),ৰমেশ কায়স্থ (68),সুখামায় ভৌমিক (72) আৰু আৰচিদনিক বাৰুৱা শইকীয়া (70) ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল লোক কেইজন ৷

বৰ্তমান ৰাজ্যত ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 31 গৰাকীলৈ ৷ আনহাতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 14,600 গৰাকীলৈ ৷ ইয়াৰে 9,147 গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে সক্ৰিয় হৈ আছে 5,423 গৰাকী ৷

লগতে পঢ়ক : বিকাশ ডুবেৰ মৃত্যুৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত কি আবেদন দাখিল কৰিছিল?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.